নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰি-অলিম্পিয়ান, আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ তচেন বড়াৰ দেহাৱসান

নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰ : যি দুটা ভৰিৰ ড্ৰিবলিং, সুবিশাল শ্বটৰ যাদুৰে সমগ্ৰ অসম তথা ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত ১৯৬০ আৰু ১৯৭০ দশকত শত সহস্ৰ দৰ্শকক মোহাচ্ছন্ন কৰি ৰাখিছিল, যিজন খৰ্বকায় খেলুৱৈৰ খেল চাবলৈ সেই সময়ত সমগ্ৰ দেশৰ খেলপথাৰবোৰত দৰ্শকৰ লানি নিছিঙা সোঁত বৈছিল, আজি সেইজন খেলুৱৈ যেতিয়া এখন খোলা বাহনত নাহৰকটীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত প্ৰৱেশ কৰিছিল, তেতিয়া এই খেলপথাৰ খনত উপস্থিত থকা সমগ্ৰ খেলুৱৈ, ক্ৰীড়াসংগঠক আৰু গুণমুগ্ধ সকল মাথোঁ হৈ পৰিছিল স্তব্ধ আৰু বাকৰুদ্ধ। সকলোৰে চকুৰ পতাৰে অশ্ৰু নিগৰি অহাৰ লগতে তেওঁৰ শিষ্য সকলে কান্দি উঠিছিল উচুপি উচুপি। কাৰণ তেওঁলোক সকলোৱে গম পাইছিল যে তেওঁলোকৰ প্রিয় এইগৰাকী খেলুৱৈ আজি আৰু কেতিয়াও উঠি আহি নেদেখুৱাইহি ফুটবলৰ যাদু, আৰু এইয়াই আছিল তেওঁৰ খেলপথাৰখনলৈ অন্তিম যাত্ৰা। হয় এইয়া আছিল সমগ্ৰ অসমৰ ফুটবল জগতৰ  মহীৰূহ স্বৰূপ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ তচেন বড়াৰ ইহলীলা সম্বৰণৰ পিছত আজি তেওঁৰ পাৰ্থিৱ শৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে যেতিয়া নাহৰকটীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰলৈ লৈ অহা হৈছিল তাৰ কিছু হৃদয়স্পৰ্শী আবেগিক ক্ষণৰ বৰ্ণনা। প্ৰণিধানযোগ্য যে অসমৰ সমগ্ৰ ক্ৰীড়া জগতত শোকৰ ছাঁ পেলাই নাহৰকটীয়াৰ সমগ্ৰ ক্ৰীড়া জগতৰ কলা হীৰা স্বৰূপ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ, প্ৰি অলিম্পিয়ান তচেন বড়াৰ আজি পুৱতিনিশা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত পৰিলোক প্ৰাপ্তি ঘটে। উল্লেখ্য যে যোৱা ৭ ছেপ্টেম্বৰৰ পুৱা নাহৰকটীয়া ৰাঙলী পথাৰস্থ নিজ বাসভৱনত উচ্চ ৰক্তচাপত আক্ৰান্ত হোৱাৰ পিছত বিগত ৭টাকৈ দিন তচেন বড়া অসম চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ জৰুৰীকালীন কক্ষত চিকিৎসাধীন হৈ আছিল। ১৯৪৯ চনত জন্ম লাভ কৰা আৰু প্রি-অলিম্পিকত ভাৰতীয় ছিনিয়ৰ ফুটবল টীমত স্থান লাভ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ ৰূপে পৰিগণিত তচেন বড়াই নিজৰ হাইস্কুলীয়া শিক্ষা নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সাং কৰাৰ পিছত কানৈ কলেজত এটা বৰ্ষ অধ্যয়ন কৰাৰ অন্তত ১৯৭০ চনত কটন কলেজৰ পৰা স্নাতক আৰু  ১৯৭৩ চনত গৌহাটি বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী দখল কৰিবলৈ সক্ষম হৈছিল। লক্ষণীয় যে ১৯৭২ চনত ৰেংগুনত অনুষ্ঠিত হোৱা প্ৰাক অলিম্পিক কোৱালিফায়িংত ভাৰতীয় জাতীয় ফুটবল দলক প্ৰতিনিধিত্ব কৰা প্ৰথমজন অসমীয়া ফুটবল খেলুৱৈ ৰূপে পৰিগণিত বড়াই বিদ্যালয়, মহাবিদ্যালয় তথা বিশ্ববিদ্যালয় পৰ্যায়ত তেওঁৰ দুভৰিৰ যাদুৰে সকলোকে পুলকিত কৰা বড়াই ১৯৬৮ চনত অসমৰ সেইসময়ৰ অতি শক্তিশালী ফুটবল দল মহাৰাণাত যোগদান কৰাৰ লগতে ১৯৬৫ চনত অসম দলৰ হৈ ছোভিয়েট দলৰ বিৰুদ্ধে খেলাৰো সুযোগ লাভ কৰিছিল। একেদৰে তেওঁ ১৯৬৬ চনত নিমন্ত্ৰণ লাভ কৰিছিল জুনিয়ৰ ইণ্ডিয়া ট্ৰায়েল কেম্পলৈ। ইয়াৰোপৰি   ভাৰতৰ আন এক শক্তিশালী ফুটবল ইষ্ট বেংগললৈ আমন্ত্ৰণ লাভ কৰা তচেন বড়া ১৯৬৯ চনৰ পৰা ১৯৭২ চনলৈকে অসম ফুটবল দলৰো অধিনায়ক আছিল। মনকৰিবলগীয়া যে এগৰাকী এন আই এছ প্ৰশিক্ষক ৰূপেও সু পৰিচিত বড়া ১৯৭৫ চনৰ পৰা ১৯৭৯ চনলৈকে ভাৰতীয় জুনিয়ৰ ফুটবল দলৰ বাছনি সমিতিৰ সদস্য হোৱাৰ লগতে ১৯৮৭ চনৰ পৰা ১৯৮৯ চনলৈকে অসমৰ ৰাজ্যিক ক্ৰীড়া পৰিষদৰো সদস্য আছিল।প্রচণ্ড আত্মবিশ্বাসী, দৃঢ় মানসিকতা আৰু কঠোৰ সাধনাৰে একালত অনুৰাগীৰ হৃদয় স্পর্শ কৰিবলৈ সক্ষম হোৱা তচেন বড়াই ১৯৭২ চনত নামৰূপৰ বিভিএফ চি এলত জনসম্পৰ্কৰক্ষী বিভাগত যোগদান কৰিয়েই এফ চি আই দলৰ হৈ তিনিচুকীয়া ৰে’লৱেৰ বিপক্ষে খেলি বৰ্তমান আলফাৰ সেনাধক্ষ্য তথা তদানীন্তন দলটোৰ অধিনায়ক পৰেশ বৰুৱাৰ দলক পৰাস্ত কৰিছিল। ব্যক্তিত্ব আৰু খেলৰ কৌশলেৰে জনপ্ৰিয়তাৰ শিখৰত থকা তচেন বড়া ১৯৬৪-৬৭লৈ অসম স্কুল দল আৰু ১৯৬৫-৬৮লৈ অসম জুনিয়ৰ দলৰ অধিনায়কৰ দায়িত্ব, ১৯৬৮ চনত ডিব্ৰুগড বিশ্ববিদ্যালয় ফুটবল দল, ১৯৬৯-৭৩ ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফুটবল দলত দুবাৰকৈ অধিনায়ক হোৱাৰ লগতে ১৯৭১ চনত পূব মণ্ডলৰ চেম্পিয়ন আৰু সৰ্বভাৰতীয় আন্তঃবিশ্ববিদ্যালয়ৰ ফুটবল প্রতিযোগিতাত ৰানাৰ্ছআপৰ খিতাপ অর্জন কৰিছিল। একেদৰে ১৯৬৯ চনত নগাঁও (অসম), ১৯৭০ চনত মাদ্রাজ (অধিনায়ক), ১৯৭১ চনত পঞ্জাবৰ জলন্ধৰ (অধিনায়ক) আৰু ১৯৭২ চনত গোৱাত সন্তোষ ড্রফীত অসমক প্রতিনিধিত্ব কৰা তথা জার্মানী, ৰাছিয়া, থাইলেণ্ড, ইণ্ডোনেছিয়া, ব্রহ্মদেশ আদি দেশতো ভাৰতীয় দলৰ হৈ তেওঁ আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীমূলক ফুটবল খেলত  প্রতিনিধিত্ব কৰা বড়াই ২০০৯ চনত নামৰূপ সাৰকাৰখানাৰ পৰা অৱসৰ গ্ৰহণ কৰে। মনকৰিবলগীয়া যে এন আই এছ প্ৰশিক্ষক ৰূপেও স্বীকৃতি লাভ কৰা তচেন বড়াই বৰ্তমান বৃহত্তৰ নাহৰকটীয়া অঞ্চলৰ নৱ প্ৰজন্মক সুপৰিকল্পিত আৰু পদ্ধতিগত ভাৱে ফুটবলৰ প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যেৰে নাহৰকটীয়া ফুটবল একাডেমীৰ মুখ্য প্ৰশিক্ষক ৰূপে অঞ্চলটোৰ নৱ প্ৰজন্মৰ ফুটবল শিকাৰো সকলক প্ৰশিক্ষণ প্ৰদানৰ দায়িত্ব পালন কৰি আহিছিল। ইফালে আজি তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অসমৰে ক্ৰীড়া সমাজৰ মাজত গভীৰ শোকৰ ছাঁ পৰে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও বিশিষ্ট ফুটবলাৰ গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ অন্তিম সৎকাৰ সম্পূৰ্ণ ৰাজ্যিক মর্যদাৰে সম্পন্ন কৰিবলৈ ডিব্ৰুগড় জিলাৰ উপায়ুক্তক নিৰ্দেশ প্ৰদান কৰে। একেদৰে কেন্দ্ৰীয় বন্দৰ মন্ত্ৰী সৰ্বানন্দ সোনোৱাল নাহৰকটীয়াৰ বিধায়ক তৰঙ্গ গগৈ, নাহৰকটীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শৰৎ গগৈ, নাহৰকটীয়া ক্ৰীড়া সন্থাৰ সভাপতি জগদীশ ৰাজকোঁৱৰ, সম্পাদক পলাশ কোঁৱৰ, নাহৰকটীয়া প্ৰেছ গীল্ড,  অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা আৰু নাহৰকটীয়া আঞ্চলিক সমিতি, নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থা, নাহৰকটীয়া মহাবিদ্যালয় আদিকে ধৰি বিভিন্ন দল সংগঠনে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। লক্ষণীয় যে আজি তেওঁৰ মৃতদেহ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা পুনে পুনে ডিব্ৰুগড়ৰ জিলা ক্ৰীড়া সন্থাৰ আউটডৰ ষ্টেডিয়ামলৈ লৈ যোৱা হয়, যত ডিব্ৰুগড় ক্ৰীড়া সন্থাৰ উদ্যোগত বিভিন্ন দল সংগঠনে প্রিয় খেলুৱৈ তথা ক্ৰীড়া সংগঠক গৰাকীলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতেই তেওঁৰ পাৰ্থিৱ শৰীৰ নাহৰকটীয়া টিপলিং দলঙৰ সমীপৰ পৰা শোভাযাত্ৰা কৰি নাহৰকটীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰলৈ আদৰি অনা হয় যত নাহৰকটীয়া ক্ৰীড়া সন্থা, অসম ফুটবল সন্থা, দুলিয়াজান ক্ৰীড়া সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা আৰু নাহৰকটীয়া আঞ্চলিক সমিতি, নাহৰকটীয়া জিলা টাইকুয়াণ্ডো সন্থা, নাহৰকটীয়া জিলা ক্ৰীড়া ক্ৰিকেট সন্থা, সদৌ অসম উদ্যোগিক প্ৰবীণ খেলুৱৈ সন্থা, নাহৰকটীয়া প্ৰেছ গীল্ড, প্ৰি প্ৰাইমেৰী ফুটবল একাডেমী, আদিবাসী ছাত্ৰ সন্থা, আটছা, নাহৰকটীয়া মাষ্টাৰছ এথলেটিক সন্থা, নাহৰকটীয়া জ্যেষ্ঠ নাগৰিক মঞ্চ, নাহৰকটীয়া বহুমুখী ক্ৰীড়া প্ৰকল্প,  নাহৰকটীয়া ৰেফাৰী সন্থা, নাহৰকটীয়া বেডমিণ্টন সন্থা, নাহৰকটীয়া পেঞ্চনাৰ সন্থা, নাহৰকটীয়া হকী সন্থা, ডিব্ৰুগড় জিলা হেণ্ডবল সন্থা, নাহৰকটীয়া গান্ধী বজাৰ ৰাজহুৱা নামঘৰ, নাহৰকটীয়া চুকাফা ক্ষেত্ৰ, নাহৰকটীয়া টাউন ক্লাৱ, নাহৰকটীয়া মাৰোৱাৰী সমাজ, দুলিয়াজান ফুটবল কোচিং চেণ্টাৰ, ক্ৰীড়া প্ৰকল্প ধমন, নাহৰকটীয়া ব্যৱসায়ী সন্থা, দীঘলাপথাৰ নামঘৰ সমিতি, অসম প্ৰদেশ কংগ্ৰেছ সমিতি, তাই আহোম যুৱ পৰিষদ, দুলিয়াজান ফুটবল একাডেমী, নিতাইপুখুৰী ক্ৰীড়া সন্থা, বিজেপিৰ নাহৰকটীয়া মণ্ডল, অসম জাতীয় পৰিষদ আদিকে ধৰি ৩৬ টাকৈ দল সংগঠনে তচেন বড়াৰ পাৰ্থিৱ শৰীৰত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। ইয়াৰ পিছতেই জয়পুৰ আৰু নামৰূপৰ ৰাজহুৱা খেলপথাৰলৈও বিশিষ্ট ক্ৰীড়াবিদ গৰাকীৰ মৃতদেহ লৈ যোৱা হয় যত অঞ্চলকেইটাৰ খেলুৱৈ, ক্ৰীড়া সংগঠক আদিকে ধৰি বিভিন্ন দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁলৈ অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে। ইয়াৰ পিছতেই তেওঁৰ মৃতদেহ নাহৰকটীয়া কলিয়াপানীৰ ৰাঙলীপথাৰস্থ নিজা বাসভৱনলৈ নি ধৰ্মীয় নীতি নিয়ম সম্পন্ন কৰাৰ অন্তত ৰাঙলীপথাৰ ৰাজহুৱা খেলপথাৰত সম্পূৰ্ণ ৰাজ্যিক মর্যদাৰে তেওঁৰ অন্তিম সৎকাৰ সম্পন্ন কৰা হয় যত প্ৰয়াত তচেন বড়া দেৱৰ  সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত তেওঁৰ নশ্বৰ দেহত ৰাজ্য চৰকাৰৰ হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নাহৰকটীয়াৰ বিধায়ক তৰঙ্গ গগৈ, ডিব্ৰুগড় জিলাৰ আয়ুক্ত বিক্ৰম কৈৰী আৰু ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক ৰাজেশ ৰেড্ডীয়ে।উল্লেখ্য যে পুত্ৰ বোৱাৰী, জী জোঁৱাই আৰু নাতি নাতিনীক ইহ সংসাৰত এৰি যোৱা তচেন বড়াৰ মুখাগ্নি কৰে পুত্ৰ গেব্ৰিয়েল বড়াই।
প্ৰেৰক প্ৰাঞ্জল ভূঞা
You might also like