অন্তঃসত্ত্বা যুৱতীৰ আত্মহত্যাৰ চেষ্টা : অভিযুক্ত নৱম শ্ৰেণীৰ ছাত্ৰক আটক
বিশেষ বাৰ্তা, ২৩ আগষ্ট : নৱম শ্ৰেণীৰ অধ্যয়নৰত এজন লম্পট যুৱকৰ কামনাৰ বলি হৈ অন্তঃসত্ত্বা হোৱা এগৰাকী যুৱতীয়ে দিচাং নদীত জঁপিয়াই আত্মহত্যাৰ চেষ্টা কৰাৰ পিচতে জীয়েকৰ ঘটনাটোত মর্মাহত হৈ পিতৃয়ে দিচাং নদীত জঁপিয়াই আত্মহত্যা কৰা ঘটনাই সমগ্ৰ চৰাইদেউ জিলাতেই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। ঘটনাটো ঘটিছিল ১৮ আগষ্টত। পলমকৈ সংবাদ মাধ্যমৰ আগত পৰিয়ালৰ লোকে প্ৰকাশ কৰা অনুসৰি জিলাখনৰ বৰহাট অঞ্চলৰ ১৮ বছৰীয়া এগৰাকী যুৱতীৰ শৰীৰৰ কিছু লক্ষণ দেখি ঘৰৰ লোকে ছোৱালীজনীক সন্দেহবশতঃ কিছু কথা সোধা-পোছা কৰে। প্ৰথম অৱস্থাত ছোৱালীজনীয়ে একো কথা কোৱা নাছিল যদিও পৰৱৰ্তী সময়ত ঘৰৰ লোকৰ আগত একে গাঁৱৰে সমৰ পালৰ পুত্ৰ তথা নৱম শ্ৰেণীৰ ছাত্ৰজনে দুমাহৰ আগতে এদিন মন্দিৰৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত আন্ধাৰৰ সুযোগ লৈ তেওঁক বলপূর্বক ধর্ষণ কৰে আৰু এই কথা কাকো নক’বলৈ কয়। কাৰোবাক ক’লে হত্যাৰ ভাবুকি দিয়ে। ছোৱালীজনীৰ কথাই ঘৰৰ মাক-দেউতাকক মর্মাহত কৰি তোলে। আনহাতে ঘটনাটো প্রকাশ কৰাৰ পিচতে ছোৱালীজনীয়ে মুখলজ্জা ঢাকিবৰ বাবে যোৱা ১৮ আগষ্টৰ পুৱা ঘৰৰ কাষতে থকা দিচাং নদীত জাঁপ দি আত্মহত্যাৰ চেষ্টা কৰে। অৱশ্যে চুবুৰীয়া লোকৰ তৎপৰতাত ছোৱালীজনী জীৱন্তে উদ্ধাৰ হয়। এই ঘটনাৰ পিচতে জীয়েকৰ এনে ঘটনা সহিব নোৱাৰি পিতৃয়ে আবেলি দিচাং নদীত জাঁপ দিয়ে। প্রত্যক্ষদর্শী লোকে লোকজনক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিল যদিও সফল হোৱা নাছিল। পিচত ২০ আগষ্টত বৰহাট আৰক্ষীয়ে চৰাইদেউ আৰু ডিব্ৰুগড় এছ ডি আৰ এফ বাহিনীৰ সহায়ত তেওঁৰ মৃতদেহ বিচাৰি অভিযান চলাই লোকজনৰ মৃতদেহ নামৰূপ দলঙৰ সমীপৰ দিচাং নদীৰ পৰা উদ্ধাৰ কৰে। ইতিমধ্যে ৰাইজে পৰিয়ালৰ লোকৰ সহযোগত ছাত্ৰজনক দোষাৰোপ কৰি বৰহাট থানাত এখন এজাহাৰ তৰে। এই গোচৰৰ ভিত্তিত বৰহাট আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰে ছাত্ৰজনক। প্ৰথমাৱস্থাত এয়া প্ৰেমজনিত কাৰণত অপৈনত বয়সত দুয়োৰে শাৰীৰিক সম্পৰ্ক গঢ় লৈ উঠাত যুৱতীগৰাকী অন্তঃসত্ত্বা হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছিল যদিও ছাত্ৰজনে যুৱতীগৰাকীক বলপূৰ্বক ধৰ্ষণ কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে। উল্লেখযোগ্য যে ছাত্ৰগৰাকী নামৰূপ হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ। ছাত্ৰজনৰ শিক্ষাৰ প্ৰমাণপত্ৰ চাই আৰক্ষীয়ে ছাত্ৰজন ১৮ বছৰ কম বুলি নিৰ্ধাৰণ কৰি যোৰহাটত থকা শিশু নিৰীক্ষণ কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে । আনহাতে ছাত্ৰজনক দোষমুক্ত কৰিবৰ বাবে দুজনমান বিশেষ দালাল তৎপৰ হৈ উঠিছে। এটা মোটা অংকৰ বিনিময়ত এই দালাল চক্ৰই ছাত্ৰজনৰ ভুৱা বয়সৰ প্ৰমাণপত্র উলিওৱা, ধনৰ বিনিময়ত হ’লেও জামিন অনা, ঘটনাটো মিছা বুলি প্রতিপন্ন কৰাৰ বাবে উঠিপৰি লাগিছে। ৰাইজে সন্দেহ কৰিছে যে এই দালাল চক্ৰৰ কবলত পৰি আৰক্ষীয়ে ভুক্তভোগী ছোৱালীজনী আৰু পৰিয়ালটোক ন্যায়ৰ পৰা বঞ্চিত কৰিব নেকি। ৰাইজে ঘটনাটো নিৰপেক্ষ তদন্ত কৰি দোষীক উপযুক্ত শাস্তি বিহাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।
প্ৰেৰক দীপাংকৰ পাল