নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইৰ বিভিন্ন প্রান্তত হেঁপাহৰ আলি আ:য়ে লৃগাঙক আদৰিবলৈ ব্যপক প্ৰস্তুতি

নিয়মীয়া বাৰ্তা, জোনাই ১২ ফেব্ৰুৱাৰী: ফাগুণৰ বতৰা লৈ পলাশ ফুলিছে, শিমলু ফুলিছে। ওমৰাগৰ চন্দৰে জীপাল হৈ উঠিছে প্ৰতিখন মিচিং গাঁও। কাৰণ ফাগুণে লৈ আনিছে আলি আঃয়ে লিগাঙৰ বতৰা। ফাগুণৰ প্ৰথমটো বুধবাৰত ভূমিপুত্ৰ মিচিংসকলে উদযাপন কৰিব মিচিংসকলৰ কৃষি ভিত্তিক উৎসৱ আলি আঃয়ে লিগাং। এই লৈ ধেমাজি জিলাৰ জোনাইত মিচিং গাঁৱসমূহত এতিয়া উখল-মাখল পৰিৱেশ।  অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিং সকলৰ  চা:চৌ চা:চা: চৌলয়া:, ঐনিতম আৰু গুমৰাগ নৃত্যৰ ছন্দত আনন্দত জোৱাৰ উঠেএই ফাগুনতে৷ শিমলু মদাৰ কম্বং ফুলৰ ৰঙৰ ফুলেৰে ৰাঙলী হৈ পৰিছে আকাশl গুমৰাগ নৃত্য আৰু ঐনিতম কলিৰে আকাশে বতাহে মুখৰিত হৈ পৰিছে নৈ পৰীয়া মিচিং জনবসতি অঞ্চলত l

জোনাইৰ ঐৰামঘাট, কেমি, পূৰণা জেলম, লেকু, তৰাজান, মহমহৰা, ৰতকে , কুলি গাও, আৰিমৰা, জোনকাৰেং, বিজয়পুৰ, গালী , লাইমেকুৰী ডেকাপাম, তেলাম চমকং আদি মিচিং  গাওঁ সমূহত অব্যাহত ৰাখিছে ব্যাপক প্রস্তুতি। মিচিং দৃবৌ কেবাং চমকং আঞ্চলিকৰ উদ্যোগত আৰু বিভিন্ন মিচিং জাতীয় সংগঠনসমূহৰ সহযোগত যোৱা প্ৰায় এপষেক পূৰ্বৰ পৰাই মিচিং গোমৰাগ নৃত্য প্রশিক্ষণ আৰু আখৰাৰ লগতে ঢোল বাদন, ঐঃনিতম, কাবান আদি আখৰাত ব্যস্ত হৈ পৰিছে মিচিং ডেকা-গাভৰুসকলে। ককালত টঙালি বান্ধি মিচিংসকলৰ প্ৰাণস্পন্দন স্বৰূপ আলি আ:য়ে লৃগাঙক আদৰিবলৈ মিচিং  গাঁওসমূহত ব্যপক প্ৰস্তুতি চলাইছে| অসমৰ লগতে অৰুণাচলৰ  মিচিং বসতি প্ৰধান অঞ্চলসমূহত এই উদ্দেশ্যে ডেকা- গাভৰুসকলে তেওঁলোকৰ পৰম্পৰা প:ৰ আপং(চাই আপং) বনোৱা, নৈ বিলত মাছ ধৰা, তৰা পাত কাটি আনি পুৰাং আপিন বনোৱা, মাছ শুকুৱা  আৰম্ভ কৰিছে। তদুপৰি মিচিং গাঁওসমূহত আলি আ:য়ে লৃগাঙৰ মূৰং ঘৰ সাজিবৰ বাবে মাংগলিক আৰু পৰম্পৰাগত বাবে লাইখুটা স্থাপন কৰা দেখা গৈছে l

You might also like