নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিলিক শীলক উদ্দীপনা বঁটা প্ৰদান

🔹 আদৰণী উপ-সমিতি গঠন

নিয়মীয়া বাৰ্তা, ৯ ছেপ্টেম্বৰ : হোজাই জিলা সাহিত্য সভাৰ সৌজন্যত, আজমল ফাউণ্ডেচনৰ সহযোগত আৰু হোজাই সাহিত্য সভাৰ ব্যৱস্থাপনাত আজি হোজাইৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত সাহিত্যসেৱক সমাজ সাৰথি পদ্মকান্ত নাথ সোঁৱৰণী প্ৰথম উদ্দীপনা বঁটা প্ৰদান কৰা হয় । এই বঁটা প্ৰদান কৰে বিগত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাণিজ্য শাখাত দ্বিতীয় স্থানপ্ৰাপ্ত জিলিক শীলক। এই উপলক্ষে আয়োজিত সভাত সভাপতিত্ব কৰে জিলা সাহিত্য সভাৰ সভাপতি ড: ইন্দ্ৰজিৎ বেজবৰুৱাই। সভাত মুখ্য অতিথি হিচাপে যোগদান কৰে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মৃদুল হাজৰিকাই, বিশিষ্ট অতিথি হিচাপে যোগদান কৰে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: অমলেন্দু চক্ৰৱৰ্তীয়ে। সভাত এই বঁটাৰ সহযোগী আজমল ফাউণ্ডেচনৰ সঞ্চালক ড: খচৰুল ইছলাম, প্ৰবন্ধক ড: এম আৰ এইচ আজাদ, শংকৰদেৱ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ তপন কৰ, হোজাই সাহিত্য প্ৰাক্তন সভাপতি ড: গুণেশ্বৰ শইকীয়া, হোজাই সাহিত্য সভাৰ সভাপতি দয়াল ক্ৰ আৰু প্ৰয়াত নাথৰ পৰিয়ালবর্গ আদিয়ে যোগদান কৰে। ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অমলেন্দু চক্ৰৱৰ্তীয়ে সমাজ সাৰথি পদ্মকান্ত নাথৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ আৰম্ভ কৰে । উক্ত সভাত জিলিক শীলক নগদ দহ হাজাৰ টকা, এটা স্মাৰক, সম্বৰ্ধনা পত্ৰ প্ৰদান কৰাৰ লগতে সমাজ সাৰথি পদ্মকান্ত নাথৰ পত্নী প্ৰণতি হাজৰিকাই এখন মুগাৰ গামোচা আৰু সাহিত্য সভাৰ সদস্য জয়ন্ত চৌধুৰীযে দুটা নিমৰ পুলি প্ৰদান কৰে । এই অনুষ্ঠানৰ পিছতেই বাৰপূজীয়া বিশেষ বাৰ্ষিক অধিৱেশনৰ হোজাই আদৰণী উপ-সমিতি গঠনৰ উদ্দেশ্যে সেই স্থানতে আন এখন সভা অনুষ্ঠিত হয় । হোজাই জিলা সাহিত্য সভাৰ সভাপতি ড: ইন্দ্ৰজিৎ বেজবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত নগাঁও আঞ্চলিক সাহিত্য সভাৰ সম্পাদক প্ৰতাপ হাজৰিকা, আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি ড: বিৰিঞ্চি কুমাৰ শৰ্মা, ড: প্ৰদীপ কুমাৰ ডেকা, হোজাই জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড: গুণেশ্বৰ শইকীয়া, মুন ঠাকুৰীয়া আদিয়ে যোগদান কৰে। দীৰ্ঘ সময় আলোচনাৰ অন্তত ড: গুণেশ্বৰ শইকীয়াক সভাপতি আৰু প্ৰদীপ কুমাৰ শৰ্মাক সম্পাদক হিচাপে লৈ ২১জনীয়া আদৰণী উপ-সমিতি গঠন কৰা হয় ।

প্ৰেৰক কিশলয় দেৱগোস্বামী

You might also like