নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত কংগ্ৰেছৰ কোনোধৰণৰ উত্থান হোৱা নাই : মন্ত্ৰী পীয়ূষ হাজৰিকা

🔹 লোকসভা নিৰ্বাচনত ৩০০ আসন লাভ কৰি পুনৰ শাসনলৈ আহিব বিজেপি

🔹 এশ-ডেৰশ মানুহেৰে বাগানে বাগানে পিকনিক খাই ফুৰিছে কংগ্ৰেছ নেতৃত্বই- মন্ত্ৰী হাজৰিকা

বিশেষ বাৰ্তা, ৯ ছেপ্টেম্বৰ : ‘দেশত শেহতীয়া উপ-নিৰ্বাচনত কংগ্ৰেছৰ কোনোধৰণৰ উত্থান হোৱা নাই। বৰঞ্চ কংগ্ৰেছৰ মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ কিছু আসন বিজেপিৰ দখললৈহে আহিছে।’- শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছৰ উত্থান সম্পৰ্কীয় সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই। তেওঁ কয়- বৰ্তমানৰ পৰিস্থিতি বাহাল থাকিলে আগন্তুক লোকসভা নিৰ্বাচনত ৩০০ আসন লাভ কৰি পুনৰ শাসনলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি দল। নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ’ব। কেৱল আনুষ্ঠানিকতাহে বাকী আছে। তদুপৰি অসমত কংগ্ৰেছৰ বাগান যাত্ৰা সন্দৰ্ভত সংবাদ মাধ্যমত মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছৰ বাগান যাত্ৰা সফল হোৱা নাই। কেৱল এশ-ডেৰশ মানুহেৰে বাগানে বাগানে পিকনিক খাই ফুৰিছে কংগ্ৰেছ নেতৃত্বই। কংগ্ৰেছৰ বাগান যাত্ৰাৰ পৰা একো লাভ নহ’ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। অসমৰ ১২খন লোকসভা আসনতেই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিজেপি দলে, ১১খন আসনত বিজয় নিশ্চিত বুলি মন্তব্য কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই।

You might also like