নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু : কাইলৈ উদ্বোধন কৰিব গজ মহোৎসৱ 

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিল : দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাত আজি উপস্থিত হৈছে। আজি বিয়লি বাগৰি বনাঞ্চলত জীপ চাফাৰী কৰি বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নৈসৰ্গিক পৰিৱেশ জীয়ৰীৰ উপভোগ কৰে দেশৰ পঞ্চদশ গৰাকী ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে৷ উল্লেখ্য যে আজি দুপৰীয়া এখন বিশেষ হেলিকপ্টাৰেৰে ৰাষ্ট্ৰপতিগৰাকী বোকাখাতত উপস্থিত হয়৷ ৰাষ্ট্ৰপ্ৰধানগৰাকীৰ স’তে একেখন হেলিকপ্টাৰতে আহে ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়া আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা৷ সেনাবাহিনীৰ তিনিখন বিশেষ হেলিকপ্টাৰেৰে বোকাখাত ৰাজহুৱা খেলপথাৰৰ অস্থায়ী হেলিপেডত উপস্থিত হোৱা দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক অসমৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰীদ্বয় কেশৱ মহন্ত আৰু অতুল বৰাই বোকাখাতৰ অস্থায়ী হেলিপেডত উষ্ম আদৰণি জনায়। ৰাজ্যপাল আৰু মন্ত্ৰীসকলে আদৰণি জনোৱাৰ পাছতেই ৰাষ্ট্ৰপতিগৰাকীক অৱতৰণথলীতে গায়ন-বায়ন, বিহুনৃত্য আৰু মিচিং নৃত্যৰে আদৰণি জনোৱা হয়৷ আনকি, ৰাষ্ট্ৰপ্ৰধানগৰাকীক সম্ভাষণ জনাবলৈ স্থানীয় বিদ্যালয়, মহাবিদ্যালয়ৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে পথৰ দাঁতিত অৱস্থান কৰে৷ হেলিপেডৰ পৰা কনভয়েৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত হৈয়েই ৰাষ্ট্ৰপতি মুর্মুৱে গাড়ীৰ পৰা নামি নেপালী মহিলা সমাজে প্ৰদর্শন কৰা সাংস্কৃতিক কার্যসূচী প্ৰত্যক্ষ কৰাৰ লগতে স্কুলৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ স’তে কৰমর্দন কৰে৷ তাৰ পৰা প্ৰায় ২০০ মিটাৰ পথ কটকটীয়া নিৰাপত্তা বেষ্টনিৰ মাজেৰে পথৰ দুয়োফালে উপস্থিত ৰাইজৰ সম্ভাষণ গ্ৰহণ কৰি পুনৰ নিজৰ বাহনত উঠি কাজিৰঙাৰ দিশে ৰাওনা হয়৷ ৰাষ্ট্ৰপতিগৰাকী বিশাল কনভয়ৰ মাজেৰে বোকাখাতৰ পৰা কহঁৰালৈ ২১ কি. মি. পথ গাড়ীৰে আহি পৰ্যটন ক্ষেত্ৰ কাজিৰঙাৰ প্ৰাণকেন্দ্ৰ কহঁৰা চাৰিআলিৰ মাজেৰে কহঁৰা আৰক্ষী অতিথিশালাত উপস্থিত হয়৷ ইতিপূৰ্বে নীলম সঞ্জিবা ৰেড্ডী আৰু বিগত বৰ্ষত ৰামনাথ কোবিন্দে কৰা কাজিৰঙা ভ্ৰমণৰ পাছত এইবাৰ কাজিৰঙাত উপস্থিত হয় আন এগৰাকী ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মু৷ বোকাখাতৰ পৰা কহঁৰালৈ সমস্ত পথছোৱাত পথৰ দাঁতিত বিহু-ঝুমুইৰ-চাওতালী নৃত্য প্ৰদৰ্শন কৰি ৰাষ্ট্ৰপতি মুৰ্মুক আদৰণি জনোৱা হয়৷ ৰাষ্ট্ৰপতিগৰাকী কাজিৰঙাৰ আৰক্ষী অতিথিশালাত উপস্থিত হৈ কিছু সময় জিৰণি লৈ বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ বাগৰি বনাঞ্চল ভ্ৰমণ কৰে৷ কাজিৰঙাৰ নৈসৰ্গিক পৰিৱেশত আপোন পাহৰা হৈ পৰা ৰাষ্ট্ৰপতিগৰাকীয়ে উদ্যানৰ ডোঙা এলেকাত প্ৰায় এঘণ্টা সময় অতিবাহিত কৰে৷ ইয়াৰ পাছতেই ৰাষ্ট্ৰপতিগৰাকী অতিথিশালালৈ উভতি আহি কিছু সময় জিৰণি লৈ কাজিৰঙাৰ কহঁৰাস্থিত পৰমানন্দ লাহন প্ৰেক্ষাগৃহৰ কাষৰীয়া প্ৰেক্ষাগৃহত উপস্থিত হৈ চৰকাৰীভাৱে আয়োজন কৰা সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰে৷ কাইলৈ পুৱা কহৰা বনাঞ্চলত খোলা জীপত উঠি কাজিৰঙাৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব ৰাষ্ট্ৰপ্ৰধানগৰাকীয়ে। দিনৰ ১১ বজাত কাজিৰঙা নেচনেল পার্ক হাইস্কুলত আয়োজিত গজ মহোৎসৱ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিব ৰাষ্ট্ৰপতি গৰাকীয়ে। উল্লেখযোগ্য যে দেশৰ ৰাষ্ট্ৰপতি গৰাকীক সংগ দিবলৈ কাজিৰঙাত উপস্থিত হৈছে কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱকে ধৰি উত্তৰাখণ্ড, উত্তৰ পূৱৰ ৰাজ্যৰ কেইবাগৰাকীও বন মন্ত্ৰী, মন্ত্ৰী-বিধায়কে।

প্ৰেৰক ৰঞ্জিত ৰজক

You might also like