নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ প্ৰাকৃতিক সৌন্দৰ্য, মানুহৰ আতিথ্য, জহা চাউলৰ কথাৰে তেজপুৰ বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰপতি কোৱিন্দ

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ ‘তেজপুৰ বিশ্ববিদ্যালয় আৰু ঐতিহাসিক তেজপুৰ চহৰৰ সৈতে জড়িত মহান ব্যক্তিসকলৰ দ্বাৰা অনুপ্ৰাণিত হৈ দেশ তথা বিশ্বৰ কল্যাণৰ হকে ছাত্ৰ-ছাত্ৰীসকলে সেৱা আগবঢ়াব লাগিব। অতীতৰ গৌৰৱময় পৰম্পৰাক অনুসৰণ কৰি আমি ভৱিষ্যৎ গঢ়িব লাগিব।’ শনিবাৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ ঊনবিংশতিতম সমাৱৰ্তন সম্বোধন কৰি কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক এনেদৰে আহ্বান জনায় দেশৰ মহামহিম ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। অসমীয়াত ভাষণ আৰম্ভ কৰি ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনাই ৰাষ্ট্ৰপতি কোবিন্দে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা আৰু ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ দৰে মহান মনীষীসকলৰ আদৰ্শক সাৰোগত কৰি দেশ তথা সমাজৰ সেৱাত নিজকে নিয়োজিত কৰিবলৈ আহ্বান জনায়।

অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু অসমীয়া মানুহৰ আতিথ্যৰ প্ৰশংসা কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়—এই চৌহদটোত অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু ইয়াৰ মানুহৰ আতিথ্যৰ আভাস পোৱা যায়। বিশ্ববিদ্যালয়খনে উত্তৰ-পূবৰ জৈৱিক কৃষিজাত সামগ্ৰীসমূহৰ প্ৰচাৰ-প্ৰসাৰ তথা বিপণনত উল্লেখনীয় ভূমিকা পালন কৰিব পাৰে বুলি কৈ ৰাষ্ট্ৰপতি কোবিন্দে অসমৰ জহা চাউলৰ বিশেষত্বৰ বিষয়েও ভাষণত আলোকপাত কৰে। তদুপৰি, উদ্ভাৱনী চিন্তাৰে দেশৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াবলৈ তেওঁ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়। বিগত দিনত তেজপুৰ বিশ্ববিদ্যালয়খনে লাভ কৰা বিভিন্ন কৃতিত্ব আৰু পাৰদৰ্শিতাৰো তেওঁ শলাগ লয়। আনহাতে, ৰাজ্যপাল তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ আচাৰ্য অধ্যাপক জগদীশ মুখীয়ে বিশ্ববিদ্যালয়খনক উচ্চশিক্ষাৰ ক্ষেত্ৰত অগ্ৰদূতৰ ভূমিকা পালন কৰিবলৈ আহ্বান জনায়। তেওঁ কয়—“ডিগ্ৰী, ডিপ্লমা লাভ মানেই জ্ঞান লাভৰ সমাপ্তি নহয়, বৰঞ্চ ই স্বীকৃতি আৰু নতুন দায়িত্ব।”

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাষণৰ আৰম্ভণিতে অসম আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰে। উল্লেখ্য যে ঐতিহাসিক অসম চুক্তিৰ ভিত্তিত তেজপুৰ বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল। ভাৰতৰ সভ্যতা-সংস্কৃতিত তেজপুৰৰ গুৰুত্বপূৰ্ণ স্থান থকা বুলি মত প্ৰকাশ কৰি কালিকা পুৰাণতো শোণিতপুৰৰ কথা উল্লেখ থকাৰ কথা কয় ডঃ শৰ্মাই। নতুন শিক্ষানীতিৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশতো মুখ্যমন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে। অনুষ্ঠানৰ আৰম্ভণিতে আদৰণী ভাষণ প্ৰদান কৰি উপাচাৰ্য বিনোদ কুমাৰ জৈনে বিশ্ববিদ্যালয়খনৰ বিভিন্ন দিশৰ খতিয়ান দাঙি ধৰে। নতুন বিষয় সন্নিবিষ্টকৰণ, গৱেষণা, উদ্ভাৱন আৰু উদ্যমিতাৰ ক্ষেত্ৰত তেজপুৰ বিশ্ববিদ্যালয়ে লাভ কৰা অগ্ৰগতি সন্দৰ্ভত তেওঁ ব্যাখ্যা কৰে। সমাৱৰ্তনত বিশ্ববিদ্যালয়খনৰ ১২৪৬গৰাকী শিক্ষাৰ্থীক বিভিন্ন ডিগ্ৰী আৰু ডিপ্লমাসমূহ প্ৰদান কৰা হয়। ইয়াৰে ৪৭গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সোণৰ পদক লাভ কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাসকে ধৰি ষথেষ্টসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

You might also like