টাইৱানৰ ৰাষ্ট্ৰপতিৰ ডিঙিত জিলিকিল অসমীয়াৰ স্বাভিমান গামোচা
✅যোৰহাটৰ সাংবাদিক জিতু কলিতাৰে সৌহাৰ্দ্যপূৰ্ণ কথোপকথন
বিশেষ বাৰ্তা, ২২ ছেপ্টেম্বৰঃ উত্তৰ যোৰহাটৰ বাহনাৰ দৰে এটা গ্ৰামাঞ্চলৰ পৰা গৈ সাত সাগৰ তেৰ নদীৰ সিপাৰত প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে লেখক-সাংবাদিক তথা পৰিবেশ কর্মী জিতু কলিতাই। ২০১৬ চনৰ পৰা বৰ্তমানলৈকে ৪ বাৰৰ ভিতৰত তিনিবাৰে সফলভাৱে ভাৰতৰহৈ টাইৱানত প্ৰতিনিধিত্ব কৰিছিল৷ কভিডৰ বাবে এবছৰ বাদ পৰিছিল৷ বিগত সময়ত অসম, বিহাৰ, মহাৰাষ্ট্ৰ, আৰু শেহতীয়াকৈ এই বৰ্ষত গুজৰাটৰ সংবাদ প্ৰতিবেদনৰ বাবে কলিতাই টাইৱানত ১৫ ছেপ্টেম্বৰৰ পৰা ২৩ ছেপ্তেম্বৰলৈ আয়োজিত চি টি কে এডুকেছন ফ্ৰাউন্ডেচনৰ আন্তৰাষ্ট্ৰীয় সভাত অংশগ্ৰহণৰ কৰে৷ সভাকক্ষত ভাৰতী হৈ গুজৰাটৰ ভাৱব নগৰৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ এজন মেধাবী ছাত্ৰ মাত্ৰ ৩ফুট উচ্চতা হোৱাৰ বাবে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ পৰা বাদ পৰিছিল৷ মেডিকেল ব’ডে পাঠ্যক্ৰমৰ পৰা বঞ্চিত কৰা কাহিনীটো সহজ নাছিল৷যিটো বিষয় ভাৰততে খনকনি লগোৱাই নহয় বিশ্বটো নতুন বিষয় হিচাপে প্ৰতিষ্ঠা হৈছে৷ কাৰণ ছাত্ৰ অৱস্থাত ন্যায়ৰ বিৰোদ্বে যুজিবলৈ সাহস কোনেও নকৰে৷ তেনে অৱস্থাত চিকিৎসা বিজ্ঞানৰ পৰা বঞ্চিত হোৱাৰ বাবে গনেশ বেৰিয়া নামৰ সাধাৰণ খেতিয়কৰ পৰিয়ালৰ যুৱকজনে গুজৰাটৰ হাইক’ৰ্টত বিষয়টো ওপৰত গোচৰ দিয়ে৷ কিন্তু গনেশে তাৰ পৰা কোনো সকাহ নাপাই অৱশেষত চুপ্ৰিম ক’টলৈ যাব লগা হ’ল৷ কিছুদিন পাছত চুপ্ৰিম ক’ৰ্টে গণেশৰ ঘটনাটোক লৈ সাপেক্ষে ৰায় দিয়ে৷ ২০১৮ চনৰ ২২ অক্টোবৰত গণেশৰ নামতে আইন হৈ পৰিছিল৷ কিন্তু তেতিয়ালৈ মেডিকেলৰ পাঠদান ৬ মাহ আগবাঢ়ি গ’ল৷যাৰ বাবে চুপ্ৰিম ক’ৰ্টে একেটা ৰায়তে জনালে যে প্ৰথম বছৰত নাম ভৰ্তি নহলেও পিছৰ বছৰট কোনো পৰীক্ষা নিদিয়াকৈ অঠাৎ নাম ভৰ্ত্তি কৰিবলৈ অনুমতি দিবলৈ নিৰ্দেশ দিয়ে৷ যাৰ বাবে ২০১৯ বাৰ্যত গণেশ বেৰিয়াই নাম ভৰ্তি কৰিবলৈ সক্ষম হ’ল৷ প্ৰকৃত ন্যায়ৰ বিৰুদ্ধে ছাত্ৰ অৱস্থাতে যি সাহস দেখুৱালে সেয়া ভাৰতত একমাত্ৰ আছিল৷ এই ঘটনাটো সন্দৰ্ভত ২০২০-২১ চনত জিতু কলিতাই অধ্যয় কৰি কেবাটাও প্ৰতিবেদন আৰু তথ্যচিত্ৰ প্ৰস্তুত কৰিছিল৷ আগৰ দৰেই কলিতাই বহুকেইখন দেশলৈ পঠাইছিল যদিও টাইবানে একেবাৰে প্ৰস্তাৱটো সন্মত হ’ল৷ যাৰ বাবে ২০২২ চনৰ বাবে গনেশলৈ চিোটি কে দেশখনৰ বিৰল পুৰস্কাৰ আগবঢ়াইছিল যদিও সেইোবছৰৰ মেডিকেলৰ পৰীক্ষা থকাৰ বাবে অংশগ্ৰহণ কৰিব নোৱাৰিলে৷ যাৰ বাবে এই বৰ্যত টাইৱানৰ চৰকাৰ আৰু চি টিকে ফ্ৰাউন্ডেচনে সকলো যাবতীয় ব্যৱস্থা কৰে৷ কলিতাই গণেশ বেৰিয়াৰৰ জীৱন কাহিনীটো আন্তৰাষ্ট্ৰীয় অনুষ্ঠানত ভাষন আৰু তথ্যচিত্ৰ প্ৰদৰ্শন কৰে৷ জিতু কলিতাই গনেশৰ বিষয়ে টাইৱানৰ বহুকেইখন শিক্ষা প্ৰতিষ্ঠাৰ লগতে ৰাষ্ট্ৰপতিৰ আগটো বিষয়টো উপস্থাপন কৰিছি৷ ২০ ছেপ্টেম্বৰত কলিতাই অসমীয়া স্বাভিমান স্বৰূপ এখন গামোচাই টাইৱানৰ ৰাষ্ট্ৰপতি টি চেই ওৱেঙক সম্বোধনা জনোৱা লগতে ভাৰতীয় প্ৰতিনিধি হিচাপে কথোপকথনৰ কৰে৷ টাইৱানৰ ৰাষ্ট্ৰপতিৰ ভৱনৰ কক্ষত কলিতাই ৰাজস্থানৰ ওপৰত লেখা গ্ৰন্থ এখনো উপহাৰ হিচাপে দিয়ে৷ ৰাষ্ট্ৰপতি ভৱনৰ সভাত ৰাষ্ট্ৰপতি গৰাকীয়ে চিন স্বৰূপে একোটাকৈ পদক চিহ্ন সামগ্ৰীও প্ৰদান কৰে৷ এই বৰ্ষৰ বাবে গণেশ বেৰিয়াই যথেষ্ট সন্মান সহকাৰে টাইৱানৰ শিক্ষাৰ ওপৰত থকা বটাটি গ্ৰহন কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়া আনিলে৷ বিগত বৰ্ষত কলিতাৰ এখন গ্ৰন্থ ২০১৬ চাইনিজ অনুবাদ হৈছিল আৰু সেই গ্ৰন্থখন টাইৱানৰ ৰাষ্ট্ৰপতিয়ে (চেই ইং ওৱেং) ২০১৬ উন্মোচন কৰাটো ভাৰত তথা অসমৰ বাবে গৌৰৱ বিষয় আছিল৷ কলিতাৰ এই সাংবাদিক হিচাপে কৰা বিৰল পদক্ষেপক অসম ৰাজ্যিক সাংবাদিক সন্থা, ইন্ডিয়ান জাৰ্নেলিচ ইউনিয়ন আৰু নৰ্থ ইষ্ট ওৱকিং জাৰ্নেলিচ ইউনিয়নৰ পৰা শুভেচ্ছা জনাইছে৷
প্ৰেৰক ৰঞ্জিত ভূঞা