নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰপতিৰ পদক ঘোষণা অসমৰ ১৪গৰাকী আৰক্ষীলৈ

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ গণৰাজ্য দিৱস উপলক্ষে অসমৰ আৰক্ষী বিষয়ালৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক ঘোষণা কৰা হৈছে। ৰাজ্যৰ মহিলা আৰক্ষী বিষয়া ভায়োলেট বৰুৱাই উল্লেখনীয় সেৱাৰ বাবে লাভ কৰিছে আৰক্ষীৰ পদক। বৰ্তমান বিটিএডিৰ ডিআইজি ৰূপে কৰ্তব্যৰত হৈ আছে বৰুৱা।

ইয়াৰ লগতে বিশেষ পাৰদৰ্শিতাৰ বাবে আন ১৩গৰাকী আৰক্ষী বিষয়াৰ নাম ঘোষণা কৰা হৈছে। এই বিষয়াকেইগৰাকী হ’ল-

মুছলেহ উদ্দিন আহমেদ (কমাণ্ডেণ্ট, ২২ আছাম পুলিচ বেটেলিয়ন), দেৱাশিস শৰ্মা ( অধ্যক্ষ, আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়, দেৰগাঁও), সুশান্ত বিশ্ব শৰ্মা (আৰক্ষী অধীক্ষক, গোৱালপাৰা), দীপক বৰা (পৰিদৰ্শক, গোলাঘাট), অমৃত ভূঞা (আৰক্ষী অধীক্ষক, দৰং),ইমাম উদ্দিন চৌধুৰী (উপ-পৰিদৰ্শক, কাছাৰ), ডিম্বৰাম তেৰাং (উপ-পৰিদৰ্শক, গুৱাহাটী), নিৰঞ্জন দাস (এএছআই, কাছাৰ), আনোৱাৰ হুছেইন বৰভূঞা (নায়ক, কাছাৰ), পংকজ মহন্ত (কনিষ্টবল, গুৱাহাটী), জিতেন্দ্ৰ কুমাৰ সিং যাদৱ (কনিষ্টবল, গুৱাহাটী), হেমেন দাস (কনিষ্টবল, গুৱাহাটী) আৰু অনিল ৰাজবংশী (কনিষ্টবল, কোকৰাঝাৰ)

You might also like