নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাস্কৰ নগৰত উদ্ধাৰকৃত ৩ বস্তা টকা নিজৰ বুলি দাবী বৃদ্ধাশ্ৰমৰ বাসিন্দা প্ৰসন্ন বৰুৱাৰ

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ কালি ভাস্কৰৰ নগৰৰ পৰা উদ্ধাৰ হোৱা বৃহৎ পৰিমাণৰ ধনৰ গৰাকী পোহৰলৈ আহিছে। বৰ্তমান মাডাৰ ওল্ড এজ হোমত বাস কৰা তথা এসময়ৰ পদপথৰ নিৱাসী প্ৰসন্ন বৰুৱাই উদ্ধাৰকৃত টকাখিনি নিজৰ বুলি দাবী কৰিছে।

তিনিটা বস্তাত থকা খুচুৰা পইচাৰ লগতে কাগজৰ নোট প্ৰসন্ন বৰুৱাই খুজি-মাগি অৰ্জন কৰা টকা বুলি দাবী কৰিছে তেওঁ। প্ৰসন্ন বৰুৱাই কয় যে তেওঁৰ বেয়া অৱস্থা হোৱাৰ সময়ত গুৱাহাটীৰ বিভিন্ন ঠাইত সহানুভূতিশীল লোকৰ পৰা পাইছিল আৰু এই টকাসমূহ বস্তাত ভৰাই এটা ষ্ট’ৰত জমা কৰি ৰাখিছিল। কিমান টকা আছিল সেই বিষয়েও তেওঁৰ মনত নাছিল। আনহাতে হতাশগ্ৰস্ততাত ভোগা বৰুৱাই এই কথা পাহৰিও আছিল।

এই বিষয়ে বৰুৱাই কাকোৱে জনোৱা নাছিল যদিও কালি তেওঁৰ ঘৰটো ভাঙি দিয়াৰ কথা জানিব পাৰি নিশাটো বৰ উৎকণ্ঠাৰে কটাইছিল বৰুৱাই। টকাখিনিৰ চিন্তাই তেওঁক উদ্বিগ্ন কৰি ৰাখিছিল।

উল্লেখ্য যে কালি কোনো অজ্ঞাত লোকে ভাস্কৰৰ নগৰৰ এঘৰ মানুহৰ পদূলিমুখত এই টকাখিনি পেলাই থৈ যোৱাৰ পিছত চানমাৰি আৰক্ষীক খবৰ দিয়াত টকাখিনি আৰক্ষীয়ে উদ্ধাৰ কৰিছিল যদিও কোনো লোকে বৰাৰ আগলৈকে ইয়াৰ মালিকীস্বত্ব দাবী কৰা নাছিল। চানমাৰি আৰক্ষীয়ে ইতিমধ্যে বৰুৱাক থানালৈ আনিছে আৰু এই সম্পৰ্কে সোধা-পোছা কৰি আছে।

You might also like