নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱত বিজেপিৰ কাৰ্যকৰ্তা সন্মিলন সম্পন্ন , ১২০০ পৃষ্ঠাপ্ৰমুখ নিযুক্তি

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ ভাৰতীয় জনতা পাৰ্টীৰ দক্ষিণ কামৰূপ জিলাৰ ছয়গাঁও মণ্ডলৰ কাৰ্যকৰ্তা সন্মিলনখন আজি বিজেপিৰ ছয়গাঁও মণ্ডল কাৰ্যালয়ত অনুষ্ঠিত হয়। এই অনুষ্ঠানত বিজেপিৰ দক্ষিণ কামৰূপ জিলাৰ সভাপতি ধনেশ্বৰ তালুকদাৰ, ৰাজ্যিক উপসভাপতি তথা দক্ষিণ কামৰূপ জিলাৰ প্ৰভাৰী বিজুলী কলিতা মেধি, ছয়গাওঁ সমষ্টিৰ ৰাজ্যিক প্ৰভাৰী জিতেন্দ্ৰ পাটোৱাৰী, ৰাজ্যিক কার্যনিৰ্বাহক তথা ছয়গাওঁৰ যুৱনেতা হিতেশ কলিতা, মটিউৰ ৰহমান, তৌফিকুৰ ৰাহমান, সোণাৰাম সাউড, প্ৰভাত দাস,মণ্ডল সভাপতি প্ৰফুল্ল মেধিৰ লগতে দলৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

উক্ত সন্মিলনত বুথ পৰ্যায়ৰ সাংগাঠনিক স্থিতিৰ বুজ ল’বলৈ দলীয় বিষয়ববীয়াসকলৰ আলোচনা হয়। সন্মিলনত বিজুলী কলিতা মেধিয়ে আগন্তুক নিৰ্বাচনত ছয়গাঁও সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্ব দিয়াৰ কথা উল্লেখ কৰি বিজেপিৰ পদুম ফুলিবলৈ ৰাইজ তথা দলৰ কাৰ্যকর্তাক একগোট হৈ দলৰ প্ৰচাৰ কৰিবলৈ আহ্বান জনায়।

ছয়গাঁও সমষ্টিৰ বিজেপিৰ যুৱনেতা হিতেশ কলিতাই ছয়গাঁও সমষ্টিত আগন্তুক ২০২১ বিধানসভাৰ নিৰ্বাচনী প্রচাৰ তীব্র গতিত অব্যাহত ৰাখিবলৈ দলৰ কার্যকৰ্তাসকলক আহ্বান জনায়। আগন্তুক ২০২১ চনৰ বিধানসভা নিৰ্বাচনত  সকলো  ধৰ্মাৱালম্বীৰ ৰাইজ, সকলো দল-সংগঠনৰ ব্যক্তিসকলক যাতে কোনোধৰণৰ অপশক্তিয়ে ভোট বেংকৰ ৰাজনীতিত বিচলিত কৰিব নোৱাৰে  আৰু প্ৰধানমন্ত্ৰী মোদীৰ সবল নেতৃত্বত বিকাশৰ  পথ প্ৰশস্ত হয় তাৰ বাবে আন্তৰিক আহ্বান তথা অনুৰোধ জনায়।

বিজেপি নেতা তৌফিকুৰ ৰহমানে কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদক উৎখাত কৰিবলৈ আৰু গৰৈমাৰী মণ্ডলত সাংগঠনিক ভেটি মজবুত কৰিবলৈ গৰৈমাৰীত বাঁহৰ পাতি লোৱা বুলি উল্লেখ কৰে। আনহাতে উক্ত সন্মিলনত দলৰ প্ৰচাৰৰ হকে ঘৰে ঘৰে গৈ জনসম্পৰ্ক কৰাৰ বাবে আজি ছয়গাঁও সমষ্টিত ১২০০গৰাকী পৃষ্ঠপ্ৰমুখ নিযুক্তি দিয়ে ।

You might also like