🔹 ২৬ জানুৱাৰীৰ পৰা তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ
বিশেষ বাৰ্তা, ৭ জানুৱাৰী : সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে এখন সংবাদ মেল সম্বোধন কৰে। দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত কৰে এই সংবাদ মেল। নতুন নিয়মীয়াকৰণ নীতিৰ বিৰোধিতাৰে মুখ্যমন্ত্ৰীয়ে টেট শিক্ষকসকলৰ বাবে লোৱা শেহতীয়া স্থিতিৰ বিৰোধিতা কৰে সংবাদ মেলত। অহা ২৫ জানুৱাৰীৰ ভিতৰত মুখ্যমন্ত্ৰীৰ উক্ত সিদ্ধান্ত উঠাই ল’বলৈ আহ্বান জনায় সংবাদ মেলত। অন্যথা ২৬ জানুৱাৰীৰ পৰা তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰাৰ হুংকাৰ দিয়ে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে। তেওঁলোকে কয়- অপচন আমাক নালাগে। নতুন নিয়মীয়াকৰণ নীতিৰ বিৰোধিতা আছে আমাৰ। চৰকাৰীকৰণৰ নামত শিক্ষকসকলক পূৰ্বৰ ইতিহাস পাহৰিবলৈ কোৱা মন্তব্যৰো বিৰোধিতা কৰে সংবাদ মেলত। সংবাদ মেলত কেইবাটাও প্ৰস্তাৱ ৰাজহুৱা কৰে সংগঠনটোৱে। শিক্ষকৰ আহ্বানলৈ গুৰুত্ব নিদিলে গুণোৎসৱ, শিক্ষাসেতু আদি কোনো কাৰ্যসূচীত সহযোগ নকৰাৰ সিদ্ধান্তৰ কথাও জনায়। সমগ্ৰ অসমত ভাগে ভাগে ৩-৪খন জিলাৰ শিক্ষক একত্ৰিত হৈ প্ৰতিবাদী কাৰ্যসূচী হাতত ল’ব বুলিও জনায় সংগঠনটোৱে। তদুপৰি শিক্ষকসকলৰ ন্যায্য প্ৰাপ্য প্ৰতিষ্ঠা কৰিবলৈ প্ৰস্তুত কৰিব তথ্য সন্নিৱিষ্ট গোহাৰি। তেওঁলোকে কয়- চৰকাৰে আমাক আন্দোলন কৰিবলৈ বাধ্য কৰোৱাইছে, আমি আন্দোলন বিচৰা নাছিলোঁ। নতুন নিযুক্তিৰে নিয়মীয়াকৰণ কৰিবলৈ বিচৰা ব্যৱস্থাটো আমি নামানো। চৰকাৰৰ পৰা আমি অতিৰিক্ত একো বিচৰা নাই, বিচাৰিছোঁ মাথোঁ প্ৰাপ্যখিনি।