নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাশ্মীৰত বিচ্ছিন্নতাবাদী আৰু অসমত সাম্প্ৰদায়িক শক্তিৰ সৈতে কংগ্ৰেছঃ ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ বিচ্ছিন্নতাবাদী শক্তিৰ লগত মিতিৰালি আছে কংগ্ৰেছৰ। কাশ্মীৰৰ পৰা অসমলৈকে কংগ্ৰেছে খেলি আছে দেশৰ বাবে বিপজ্জনক খেল।- স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এইদৰে সদৰী কৰে এখন সংবাদ মেলত। হোটেল ৰেডিছন ব্লুত আজি সন্ধিয়া অনুষ্ঠিত সংবাদমেলত ড০ শৰ্মাই কয়- ‘কাশ্মীৰত কংগ্ৰেছে গুপকাৰ গেঙৰে সহযোগ কৰিছে। আৰু অসমত বদৰুদ্দিন আজমলৰ সাম্প্ৰদায়িক এজেণ্ডালৈ সমৰ্থন আগবঢ়াইছে। বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফৰ সমগ্ৰ কাৰ্যকে কংগ্ৰেছে সমৰ্থন জনাই আহিছে।’

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰি কয় যে কংগ্ৰেছে বিচ্ছিন্নতাবাদী শক্তিৰে থিয় হোৱাই নহয় তেওঁলোকে কাশ্মীৰ আৰু অসমৰ শান্তি বিঘ্নিত কৰিছে। স্বাধীনতা আন্দোলনৰ মুক্তি যুঁজাৰুৰ আদৰ্শৰ পৰা কংগ্ৰেছ এতিয়া বহু দূৰৈত বুলিও বিজেপি নেতাগৰাকীয়ে উল্লেখ কৰে।

‘বদৰুদ্দিন আজমলৰ উপস্থিতিত শিলচৰ বিমান বন্দৰত পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াৰ পিছত কংগ্ৰেছে আজমলৰ সলনি কিয় মোৰ ওপৰত এজাহাৰ দাখিল কৰিলে?’ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে কংগ্ৰেছ ফাৰুক আব্দুল্লাতকৈও বেছি বিচ্ছিন্নতাবাদী।

মন্ত্ৰীগৰাকীয়ে লগতে কংগ্ৰেছে কাশ্মীৰত বিচ্ছিন্নতাবাদ আৰু অসমত সাম্প্ৰদায়িকতাবাদত ইন্ধন যোগাই আছে বুলিও উল্লেখ কৰে।

You might also like