নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২১ নৱেম্বৰত আছুৰ পৰা বিদায় ল’ব সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই, জনালে মনৰ কথা…

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ পৰা বিদায় ল’ব ছাত্ৰ সন্থাৰ দীৰ্ঘদিনৰ নেতা তথা মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। ২১ নৱেম্বৰৰ প্ৰতিনিধি সভাতে পদত্যাগ কৰিব সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

সম্প্ৰতি দুলীয়াজান অধিৱেশন উপস্থিত থকা আছু নেতাগৰাকীয়ে কয়- ‘মৰাণ আৰু দুধনৈ অধিৱেশনতে মই সদৌ অসম ছাত্ৰ সন্থাৰ পৰা বিদায় ল’ম বুলি কৈছিলো। কিন্তু সেই সময়ত সন্মানীয় সতীৰ্থ তথা প্ৰতিনিধি বৰ্গৰ অনুৰোধ মৰ্মে মই ছাত্ৰ সন্থাৰ কাম কৰিলো। এইবাৰ দুলীয়াজান অধিৱেশনত ছাত্ৰ সন্থাৰ পৰা বিদায় ল’বলৈ আহিছো। এই কথা মই অলপ আগতীয়াকৈ প্ৰকাশ কৰিছো। কিন্তু এটা কথা ঠিক যে জীৱনৰ শেষ নিশ্বাস থকালৈকে মই ছাত্ৰ সন্থাৰ প্ৰতি সেৱা আগবঢ়াই যাম। মোৰ দৃঢ়বিশ্বাস যে সন্মানীয় প্ৰতিনিধিসকলে মোৰ মনৰ কথা উপলব্ধি কৰিব পাৰিব।’

উল্লেখ্য দুলীয়াজান অধিৱেশনতে আছু নেতা দীপাংক নাথ আৰু লুৰিণজ্যোতি গগৈয়েও বিদায় ল’ব আছুৰ পৰা।

You might also like