নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূৰাগাঁৱত খহনীয়াত জাহ গ’ল প্ৰাথমিক বিদ্যালয়

নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰ : ব্ৰহ্মপুত্ৰৰ পানী কমিছে যদিও মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বৰহলৌকান্দাত কম বেছি পৰিমাণে অব্যাহত আছে গৰাখহনীয়াৰ তাণ্ডৱ। লুইতৰ বিধ্বংসী গৰাখহনীয়াত কেইদিনমান পূৰ্বে জাহ গৈছে এখন প্ৰাথমিক বিদ্যালয়। ১৯৫৮ চনত স্থাপিত জটিয়াবড়ী খুটি প্ৰাথমিক বিদ্যালয় খন লুইতৰ গৰাখহনীয়াত জাহ যায়। বিদ্যালয়খনত ৬০গৰাকী ছাত্ৰ ছাত্ৰী আছে। গৰাখহনীয়াত জাহ যোৱাৰ পিছত বিদ্যালয়খন স্হানীয় ৰাইজৰ সহযোগত অন্য ঠাইত স্নানান্তৰ কৰা হৈছে। কিন্তু স্হানীয় ৰাইজে নিৰ্মাণ কৰা জৰাজীৰ্ণ গৃহত ছাত্ৰ ছাত্ৰীক পাঠদান কৰিব লগা হৈছে। স্থায়ী গৃহৰ অভাৱত ছাত্ৰ ছাত্ৰীক পাঠদানত ব্যাপক সমস্যাৰ সন্মুখীন হবলগা হৈছে। বিদ্যালয় খনৰ প্ৰধান শিক্ষক মফিদুল ইছলাম আৰু পৰিচালনা সমিতিৰ সভাপতি আব্দুল ৰহিমৰ লগতে স্থানীয় ৰাইজে বিদ্যালয় খনৰ বাবে এটি স্থায়ী গৃহৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ তথা শিক্ষা বিভাগক আহ্বান জনাইছে। আনহাতে বিদ্যালয়খনত এজন শিক্ষক হোৱা বাবে ৫টাকৈ শ্ৰেণীত পাঠদানত সমস্যা হৈছে। বিদ্যালয়খনত পৰ্যাপ্ত শিক্ষক নিযুক্তি দিয়াৰ বাবেও পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজে শিক্ষা বিভাগক আহ্বান জনাইছে।

প্ৰেৰক আবুল কালাম

You might also like