অৱশেষত ডিব্রুগড় আৰু নামৰূপবাসীয়ে কেইবাটাও দশক ধৰি অপেক্ষা কৰি থকা সপোনটো আজি দিঠকত পৰিণত হ’ল। দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ অহা প্রধানমন্ত্ৰীয়ে আজি নামৰূপত উপস্থিত হৈ নামৰূপ সাৰ কাৰখানাত নতুন ব্রাউনফিল্ড এম’নিয়া-ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত বিশাল জনসভাত নতুন প্ৰকল্পটোৰ নিৰ্মাণকাৰ্যৰ শুভ উদ্বোধন কৰি নামৰূপবাসীৰ মাজত প্ৰাণৰ সঞ্চাৰ কৰিলে। । ১০ হাজাৰ ৭০০ কোটি টকাত নিৰ্মাণ হ’বলগীয়া প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰি নামৰূপত বিশাল জনসভা সম্বোধন কৰে প্রধানমন্ত্ৰীগৰাকীয়ে।
অসমীয়াতে ভাষণ আৰম্ভ কৰি প্রধানমন্ত্রীয়ে প্ৰথমে চাওলুং চুকাফা আৰু মহাবীৰ লাচিত বৰফুকনৰ বীৰত্বক প্রণাম কৰে। লগতে ভীমবৰ দেউৰী, শ্বহীদ কুশল কোঁৱৰকো স্মৰণ কৰে। ‘বীৰাংগনা সতী সাধনীৰ ভূমিক প্রণাম জনাইছোঁ’ বুলি মন্তব্য কৰি তেওঁ ভাষণ প্ৰসংগত কেইবাটাও গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰে ।
ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমৰ চাহ বাগিচাৰ লগত তেওঁৰ এক সুকীয়া সম্পৰ্ক আছে বুলি উল্লেখ কৰি কয়- আজি অসমৰ বাবে এটা বিশেষ দিন। ডিব্রুগড় আৰু নামৰূপবাসীয়ে দশকজুৰি অপেক্ষা কৰি থকা সপোনটো আজি বাস্তৱত ৰূপান্তৰ হ’ল। আজি সকলোৱে অনুভৱ কৰিছে যে অসমে বিকাশৰ নতুন পথত আগুৱাইছে। এয়া এক আৰম্ভণিহে, আমি অসমক আৰু অধিক আগুৱাই নিব লাগিব। নতুন উদ্যোগৰ আৰম্ভণি, ছেমি কণ্ডাক্টৰ, কৃষি ক্ষেত্রত নতুন উন্নয়ন, পৰ্যটনৰ বৰ্ধিত সম্ভাৱনাকে ধৰি অসম সকলো ক্ষেত্রতে আগবাঢ়িছে অসম। বিজেপিৰ ডাবল ইঞ্জিনৰ চৰকাৰে উদ্যোগ আৰু যোগাযোগৰ ক্ষেত্ৰখনত অসমক ব্যতিক্ৰমী ৰূপত সজাই তুলিছে। নৱপ্রজন্মক নতুন সপোন দেখিবলৈ সাহস দিছে বুলি জনসভাত উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।
নামৰূপ সাৰ কাৰখানাৰ নতুন প্ৰকল্পটো সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে- ‘কৃষকৰ হিতৰ বাবে আমাৰ চৰকাৰে দিনে-নিশাই কাম কৰি আছে। কৃষি কল্যাণ যোজনাৰ অধীনত সকলোকে সাৰ যোগানৰ ব্যৱস্থা কৰা হৈছে। এই সাৰ কাৰখানাই এই কাৰ্যক অধিক সাফল্যমণ্ডিত কৰিব বুলিও তেওঁ কয়। নামৰূপৰ এই প্রকল্পই সংস্থাপনৰ বহু পথ মুকলি কৰিব। প্রকল্পৰ কাম আৰম্ভ হোৱাৰ লগে লগে সংস্থাপন পাব বহু লোকে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়- কৃষকৰ কল্যাণৰ কাম কেৱল বিজেপি চৰকাৰ অহাৰ পিছতহে হৈছে। নামৰূপ সাৰ কাৰখানা পূৰ্বৰ পৰাই ভাৰতৰ কৃষকৰ আশাৰূপে থিয় হৈ আছিল। কিন্তু কংগ্রেছে এই প্রকল্পক গুৰুত্ব সহকাৰে নল’লে, যাৰ ফলত নামৰূপ সাৰ কাৰখানা ক্ৰমাৎ বন্ধ হৈ গৈছিল আৰু ইয়াৰ প্রভাৱ পৰিছিল দেশৰ কৃষকৰ ওপৰত। কিন্তু কংগ্রেছ দলে কেৱল নিজৰ মুনাফা লাভতে ব্যস্ত থাকিল। কংগ্ৰেছৰ দিনত দেশৰ আন ৰাজ্যতো বহু সাৰ কাৰখানা বন্ধ হৈ গৈছিল । ইউৰিয়াৰ বাবে কৃষকে দীঘলীয়া শাৰী পাতিবলগীয়া হৈছিল।
অসমৰ গৌৰৱক প্রতিনিধিত্ব কৰা প্রতিটো সম্পদকে কেন্দ্ৰই প্রতিষ্ঠা কৰিছে বুলি উল্লেখ কৰি কয় যে সুধাকণ্ঠৰ ১০০ বছৰীয়া জয়ন্তী উদযাপনৰো ব্যৱস্থা কৰিছে চৰকাৰে। ভাষণত ৰাছিয়াৰ ৰাষ্ট্রপতিকো অসমৰ ব্লেক টি উপহাৰ হিচাপে প্রদান কৰিছে বুলি কোৱাৰ লগে লগে সভাগৃহ হাতচাপৰি আৰু মোদী জয়ধ্বনিৰে মুখৰ হৈ উঠে। অসমৰ সন্মান বৃদ্ধিৰ প্রতিটো কাৰ্যকে প্রাথমিকতা দিছে বিজেপি চৰকাৰে। কিন্তু আমাৰ এই কামৰ কংগ্রেছে বিৰোধিতা কৰি আহিছে বুলি কটাক্ষ কৰে। সুধাকণ্ঠক ভাৰতৰত্ন প্রদানৰ সময়তো সমালোচনা কৰিছিল কংগ্রেছে। ছেমি কণ্ডাক্টৰৰো বিৰোধিতা কৰিছিল কংগ্রেছে । দশক দশক ধৰি চাহ জনগোষ্ঠীয় লোকক ভূমিৰ অধিকাৰ দিয়া নাছিল কংগ্রেছে। কিন্তু বিজেপি চৰকাৰে ভূমি অধিকাৰ প্রদান কৰি এক গৌৰৱময় পৰিচয় দিছে এওঁলোকক।- এইদৰে কয় প্ৰধানমন্ত্ৰীয়ে।
আনহাতে, বাংলাদেশী সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কংগ্রেছে অবৈধ বাংলাদেশীক সুৰক্ষা প্রদান কৰিছে। সেয়ে ভোটাৰ তালিকা পুনৰীক্ষণৰ বিৰোধিতা কৰিছে । কিন্তু বিজেপিয়ে ৰাইজৰ ঢালৰূপে থিয় হৈ আছে।
শেষত প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বিকশিত ভাৰত নিৰ্মাণত উত্তৰ-পূবৰ ভূমিকাই অধিক । উত্তৰ-পূব ভাৰত বিকাশৰ গ্র’থ ইঞ্জিনৰূপে পৰিগণিত হ’ব। আগন্তুক দিনত উত্তৰ-পূব দেশৰ উন্নয়নৰ নতুন শক্তি হিচাপে পৰিচিত হ’ব।
নিয়মীয়া বাৰ্তা, নামৰূপ, ২১ ডিচেম্বৰ :