🔹 প্রধানমন্ত্রী নৰসিংহ ৰাওৰ প্রধান সচিবৰ ফোন ড০ সিঙলৈ
🔹 অর্থনৈতিক সংকটত ভোগা ভাৰতক উদ্ধাৰ কৰিছিল ড০ সিঙে
নিউজ ডেস্ক, ২৮ ডিচেম্বৰ : শেষ নিশাৰ এটা ফোনকল৷ এই ফোনকলটোতেই সলনি হৈছিল অর্থনীতিবিদ, শিক্ষাবিদ ড০ মনমোহন সিঙৰ জীৱন পৰিক্রমা৷ অর্থনীতিৰ পৰা সক্রিয় ৰাজনীতিত প্রৱেশ ঘটিছিল সেই ফোনকলটোৰ পৰাই৷ নেদাৰলেণ্ডছত বিশ্ববিদ্যালয় অনুদান আয়োগ, চমুকৈ ইউজিচিৰ অধ্যক্ষ হিচাপে এখন সমাৱর্তনত অংশ লৈ উভতি অহাৰ পাছতেই এটা ফোনকল আহিছিল ড০ সিঙলৈ আৰু সেই ফোনকলটো আছিল প্রধানমন্ত্রী পি ভি নৰসিংহ ৰাওৰ প্রধান সচিবৰ৷ মাজনিশাৰ এই ফোনকলটোৱেই ভাৰতৰ অর্থনৈতিক ৰূপৰেখা সলনি কৰিছিল আৰু ড০ সিঙৰ জীৱনো সলনি হৈছিল৷ অর্থনীতিবিদৰ পৰা ১৯৯১ চনত তদানীন্তন প্রধানমন্ত্রী পি ভি নৰসিংহ ৰাওৰ মন্ত্রীসভাত কেন্দ্রীয় বিত্তমন্ত্রী হিচাপে নিযুক্ত হৈছিল ড০ সিং৷ ১৯৯১ চনত ভাৰতৰ তীব্র অর্থনৈতিক সংকটৰ সময়ত প্রধানমন্ত্রী ৰাৱে অর্থনীতিবিদ ড০ সিঙক বিত্তমন্ত্রীৰ দায়িত্ব দি দেশৰ অর্থনৈতিক ৰূপৰেখাই সলনি কৰি দিছিল৷ অর্থনীতি শিক্ষাৰ পৰা সক্রিয় ৰাজনীতিত প্রৱেশ কৰা ড০ সিঙে পাছলৈ দুবাৰ দেশৰ প্রধানমন্ত্রী হিচাপে কার্যনির্বাহ কৰে৷ ফোনকলটোৰ পাছত ১৯৯১ চনৰ ২১ জুনত ৰাষ্ট্রপতি ভৱনলৈ মাতি নি ড০ সিঙক কেন্দ্রীয় বিত্তমন্ত্রীৰ শপতবাক্য পাঠ কৰোৱা হৈছিল৷ এই শপতগ্রহণেই পাছলৈ ভাৰতৰ অর্থনৈতিক ৰূপৰেখা সলনি কৰি দিছিল৷ বিশ্বৰ অর্থনীতিৰ বাবে উদাৰীকৰণ নীতিৰে ভাৰতে দুৱাৰ মুকলি কৰি দিছিল আৰু ভাৰত অর্থনৈতিক সংকটৰ পৰা মুক্ত হৈছিল৷ দুটাকৈ কার্যকালত প্রধানমন্ত্রী হিচাপে ড০ সিঙে ৰাষ্ট্রীয় গ্রাম্য স্বাস্থ্য মিছন, ৰাষ্ট্রীয় গ্রাম্য নিযুক্তি নিশ্চিত আইন, তথ্য জনাৰ অধিকাৰ আইন আৰু খাদ্য সুৰক্ষা আইন দেশবাসীক অর্পণ কৰিছিল৷ এটা ফোনকলেই ড০ সিঙৰ জীৱন সলনি কৰাৰ লগতে দেশৰ অর্থনীতিৰ লগতে বিভিন্ন ক্ষেত্রৰ ৰূপৰেখাও পৰিৱর্তন হৈছিল৷