নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ সাজু কাজিৰঙা : কঁহৰাত ছেলফি পইণ্ট মুকলি

নিয়মীয়া বাৰ্তা, ৭ মাৰ্চঃ কাইলৈ কাজিৰঙালৈ বহু প্ৰতীক্ষিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনৰ উদ্দেশ্যে চৰকাৰ প্ৰসাশন আৰু বনবিভাগে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে৷ ইতিমধ্যে, প্ৰধামন্ত্ৰীৰ হেলিকপ্তাৰ অৱতৰণ কৰিবৰ বাবে পাণবাৰীত তিনিখনকৈ হেলিপেড সাজু কৰি তোলা হৈছে৷ পাণবাৰীৰ হেলিপেডত কাইলৈ বিয়লি তিনি বজাত অৱতৰণ কৰি প্ৰধানমন্ত্ৰীজনৰ কনভয় পোনে পোনে ১৬ কিলোমিটাৰ পথ অতিক্ৰম কৰি কাজিৰঙাত উপস্থিত হ’ব৷ এইছোৱা সময়ত পথৰ কাষে কাষে প্ৰধামন্ত্ৰীজনক আদৰণি জনাবলৈ বিভিন্ন সাংস্কৃতিক দল সাজু কৰি তোলা হৈছে৷ সাংস্কৃতিক দলসমূহে গায়ন বায়ন, বিহু, মিচিং বিহু, ঝুমুৰ আদি বিভিন্ন জনগোষ্ঠীয় কলা সংস্কৃতি প্ৰদৰ্শন কৰিব৷ নিৰাপত্তাৰ খাতিৰত পথৰ কাষে কাষে ইতিমধ্যে বাঁহৰ বেৰিকেড বান্ধি দিয়া হৈছে৷  কাইলৈ নিশাটো কাজিৰঙাত কটাই প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰহিলৈ পুৱা ৫ বজাত কঁহৰা বনাঞ্চলত চাফাৰি কৰিব৷ ইতিমধ্যে, প্ৰধানমন্ত্ৰীজনক চাফাৰি কৰোৱাৰ বাবে প্ৰদ্যুম্ন নামৰ হাতীটোৰ লগতে ভালেকেইটা হাতী সাজু কৰি তোলা হৈছে৷ আনহাতে, জীপ চাফাৰিৰ বাবেও ইতিমধ্যে জীপ সাজু কৰি তোলা হৈছে৷ এই সকলোবোৰৰ তদাৰকৰ দায়িত্ব এছ.পি.জিয়ে চমজি লৈছে৷ কঁহৰা গেষ্ট হাউচ দায়িত্বও এছ.পি.জি.য়ে নিজৰ তদাৰকলৈ নিছে৷ ইফালে, প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰাকমুহূৰ্তত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু অতুল বৰাই ছেলফি পইণ্ট মুকলি কৰে৷ অসম চৰকাৰৰ বনমন্ত্ৰীকে ধৰি বহুকেইজন মন্ত্ৰী বিধায়কে প্ৰধানমন্ত্ৰীৰ কাজিৰঙা ভ্ৰমণ সম্পক¹য় দিশসমূহ পোনপটীয়াকৈ চোৱাচিতা কৰি আছে৷ আজি পঞ্চদশ বিত্তীয় আয়োগৰ অধীনৰ আনটাইড ফাণ্ডৰ পৰা কঁহৰাত গোলাঘাট পশ্চিম উন্নয়ন খণ্ডই সাজি উলিওৱা এটা চেলফি পইণ্ট উদ্বোধন কৰে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু বোকাখাতৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাই৷ কঁহৰা চাৰিআলিত সাজি উলিওৱা এই ছেলফি পইণ্ট কাজিৰঙালৈ অহা দেশী-বিদেশী পৰ্যটকে চেলফি ল’ব পাৰিব৷ আটকধুনীয়াকৈ সাজি উলিওৱা ছেলফি পইণ্টৰ পকী দেৱালবোৰত বন্যপ্ৰাণীৰ ছবি অংকন কৰি সজাই তোলা হৈছে৷ ইয়াত পৰ্যটকসকলে ক্ষন্তেক সময় জিৰণিও ল’ব পাৰিব৷ উল্লেখ্য যে কাজিৰঙালৈ ৰাত্ৰি যাপন কৰাকৈ অহা প্ৰথমগৰাকী প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদী৷
প্ৰেৰক ৰঞ্জিত ৰজক
You might also like