বিশেষ বাৰ্তা, ১৯ এপ্ৰিল : সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৮ ছেপ্টেম্বৰত অনুষ্ঠিত হবলগীয়া উক্ত অনুষ্ঠান উদ্বোধন কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি তেওঁক অসম ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়। সক্ষতকালত প্ৰধানমন্ত্ৰী জনে মুখ্যমন্ত্ৰীৰ আমন্ত্ৰণ ৰক্ষা কৰি সেই দিনা অসম ভ্ৰমণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। লক্ষ্যনীয় ভাবে নতুন দিল্লীৰ ৭ জনকাল্যান মাৰ্গস্থিত প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱনত হোৱা প্ৰায় ২০ মিনিটৰ বৈঠকত মুখ্যমন্ত্ৰী ড: শৰ্মাই লগতে প্ৰধানমন্ত্ৰীজনক আছাম বায়ো-ইথানল প্ৰকল্পখনো উদ্বোধন কৰিবলৈ অনুৰোধ জনায়। আনহাতে মুখ্যমন্ত্ৰীজনে মোদীক ৫৭০০ কোটি টকা ব্যয় সাপেক্ষ গুৱাহাটী ৰিং ৰোড প্ৰকল্প আৰু দৰং চিকিৎসা মহবিদ্যালয় আৰু হাস্পতালৰ শিলান্যাস কৰিবলৈকো আমন্ত্ৰণ জনায়। পাছত নিজৰ এক্স পৃষ্ঠাত এই সকলোবোৰ কথা সদৰি কৰি মুখ্যমন্ত্ৰী জনে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমন্ত্ৰণ জনোৱা সকলোবোৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ সন্মতি ব্যক্ত কৰিছে তথা প্ৰতিখন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে মুখ্য অতিথি হিচাপে অংশ লব। লক্ষ্যনীয় ভাবে চলিত বছৰৰ ৮ ছেপ্টেম্বৰত এই সকলোবোৰ অনুষ্ঠান অনুষ্ঠিত হব। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ আমন্ত্ৰণ সাদৰে গ্ৰহণ কৰাৰ বাবে ড: শৰ্মাই মোদীৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰে। পাছত নিজৰ এক্স পৃষ্ঠাত মুখ্যমন্ত্ৰীজনে কয় যে, “আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলৈ অসমলৈ নিমন্ত্ৰণ জনোৱাৰ সৌভাগ্য লাভ কৰিছো। এই সুযোগতেই ৪৯ কেটিপিএ উৎপাদন ক্ষমতা থকা, ৩০০ কেটিপিএ বাঁহক কেচামাল হিচাপে ব্যৱহাৰ কৰা অসম বায়’–ইথানল প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিবলৈ প্ৰধানমন্ত্ৰীক অনুৰোধ জনালো। ইয়াৰ উপৰি ৫৭০০ কোটি টকাৰ গুৱাহাটী ৰিং ৰোড প্ৰকল্প আৰু দৰঙ মেডিকেল কলেজ আৰু হাস্পতালৰ শিলান্যাস কৰিবলৈ অনুৰোধ জনালো। ২০২৫ চনৰ ৮ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে এই সকলোবোৰ গুৰুত্বপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকিবলৈ সম্মতি জনাইছে।”