✅অসমৰ সমাজ জীৱনত সংবাদ মাধ্যমৰ প্ৰভাৱঃপৰিৱৰ্তিত প্ৰাসংগিকতা’ শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান সাহিত্যিক-সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ
✅ড০ সব্যসাচী মহন্তৰ নতুন গ্ৰন্থ “ভিন্ন প্ৰসংগ’ উন্মোচন
নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰঃ শিৱসাগৰ প্ৰেছ ক্লাবৰ উদ্যোগত আৰু শিৱসাগৰ মহাবিদ্যালয়ৰ সহযোগত আজি শিৱসাগৰ মহাবিদ্যালয়ৰ মাধৱ চন্দ্ৰ বেজবৰুৱা প্ৰেক্ষাগৃহত অষ্টম সংখ্যক অধ্যাপক শৰৎ মহন্ত স্মাৰক বক্তৃতা অনুষ্ঠিত হয়। ‘অসমৰ সমাজ জীৱনত সংবাদ মাধ্যমৰ প্ৰভাৱঃপৰিৱৰ্তিত প্ৰাসংগিকতা’ শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে বিশিষ্ট সাহিত্যিক-সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে। সাহিত্য অকাডেমি বঁটা প্ৰাপক গল্পকাৰগৰাকীয়ে বিষয় সন্দৰ্ভত নিৰ্মোহ বিশ্লেষণ কৰি আজিৰ সংবাদ মাধ্যমৰ গতি,প্ৰত্যাহ্বান আৰু আগন্তুক দিনৰ প্ৰকৃতিৰ উমান দিয়ে। তেওঁ কয় যে অসমীয়া সংবাদ মাধ্যমে অসমীয়া ভাষাৰ চৰ্চা অব্যাহত ৰাখিছে আৰু অসমীয়া ভাষাক এক স্থিতি প্ৰদান কৰিছে। সংবাদ মাধ্যমে বাতৰি কাকত হওঁক অথবা টিভি চেনেলৰ মাজেৰে হওঁক ভাষাটোৰ প্ৰতি এক অৰিহণা যোগাই আহিছে।এই ক্ষেত্ৰত অসমীয়া গীতৰো গুৰুত্বপুৰ্ণ ভুমিকা আছে। আনহাতে তেওঁ অসমীয়া বাতৰি কাকতৰ পুঁজিৰ অভাৱৰ কথা উল্লেখ কৰি কয় যে আমাৰ মানুহে তেওঁলোকৰ দৈনন্দিন জীৱনত ৰেষ্টুৰেন্টত খোৱাৰ নামত হাজাৰ হাজাৰ টকা খৰচ কৰিবলৈ কেৰেপ নকৰে কিন্তু এখন বাতৰি কাকতৰ নামত দৈনিক দহ টকা ব্যয় কৰিবলৈ ভাল নাপায়। আমাৰ ভাষিক বাতৰিকাকতসমূহৰ প্ৰকাশন গোষ্ঠী ৰাষ্ট্ৰীয় প্ৰকাশক গোষ্ঠীৰ দৰে নহয়। তেওঁলোকৰ পুঁজিৰ অভাৱ নাই। আনহাতে আজিৰ বৰ্তমানৰ সংবাদ মাধ্যমত মানৱীয় গুৰুত্ব সমূহ কমি যোৱাৰ প্ৰৱণতাক প্ৰকট কৰি তেওঁ কয় যে সংবাদ মাধ্যম সমূহৰ আধুনিক আহিলা বৃদ্ধি পাইছে যদিও মানুহৰ দৈনন্দিন ইছ্যুবোৰ পিছপৰি ৰৈছে। বিশেষকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই অনিহা বেছি দেখিবলৈ পোৱা গৈছে। মানুহৰ দৈনিক অভাৱগ্ৰস্থতাবোৰৰ সলনি আজিৰ সংবাদ মাধ্যমত টি আৰ পিৰ নামত এলিয়েনৰ বাতৰি প্ৰচাৰিত হ’ব লাগিছে।মণিপুৰৰ সলনি ইজৰাইল-পেলেষ্টাইনৰ বাতৰিয়ে অধিক গুৰুত্ব লাভ কৰিছে বুলি তেওঁ খেদ প্ৰকাশ কৰে। সংবাদ মাধ্যম বিশেষকৈ ছপা মাধ্যমৰ প্ৰতি অহা প্ৰত্যাহ্বান তেওঁ পৰ্যালোচনা কৰি কয় যে আজিৰ দিনত বাতৰি কাকত সমূহে সামাজিক, ৰাজনৈতিক আৰু আৰ্থিক হেঁচা লাভ কৰিছে।বাতৰি কাকতৰ বিক্ৰী উদ্বেগপূৰ্ণ ভাৱে কমি আহিছে।ফলত কাকত সমূহে নিৰ্ভৰ কৰিব লগা হৈছে বিজ্ঞাপনৰ ওপৰত।সীমিত সংখ্যক কোম্পানীৰ বিজ্ঞাপনৰ বজাৰত সকলো উবুৰি খাই পৰিছে।যাৰ বাবে কাকত সমূহে চৰকাৰী বিজ্ঞাপনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে।এই নিৰ্ভৰশীলতাই কাকত সমূহক সেই প্ৰতিষ্ঠান অথবা চৰকাৰৰ ইচ্ছাৰ দ্বাৰা পৰিচালিত হ’বলৈ বাধ্য কৰাইছে।সেইদৰে মেইন ষ্ট্ৰিম মিডিয়াৰ লগতে সামাজিক মাধ্যমৰ বাতৰি গোষ্ঠী সমূহৰ কথাও তেওঁ উল্লেখ কৰে।তেওঁ কয় চচিয়েল মিডিয়া অচিৰেই অগণতান্ত্ৰিক মাধ্যমত পৰিণত হব ৷প্ৰয়োজন সাপেক্ষে নিয়ন্ত্ৰণ হব চচিয়েল মিডিয়া৷ চচিয়েল মিডিয়া কেতিয়াও মূল সুঁতিৰ বাতৰি কাকত, টি ভি চেনেলৰ বিকল্প হব নোৱাৰিব। কিয়নো জনমত সৃষ্টি কৰিব পৰা সংবাদ মাধ্যমৰ ভূমিকা অপৰিসীম আৰু ইয়াৰ প্ৰভাৱ থাকিব বুলিও তেওঁ মন্তব্য কৰে। অনুষ্ঠানৰ আৰম্ভণিত শিৱসাগৰ কলেজৰ ছাত্ৰী দৰ্শিতা দত্তই এটি বৰগীতেৰে শুভাৰাম্ভণ কৰাৰ লগতে অধ্যাপক শৰৎ মহন্তৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে শিৱসাগৰ কলেজৰ অধ্যক্ষ ডঃ প্ৰফুল্ল চন্দ্ৰ কলিতা আৰু অধ্যাপক শৰৎ মহন্তৰ সহধৰ্মিণী তথা আদৰ্শ মাতৃ বঁটা প্ৰাপক মীনা মহন্তই৷ বন্তি প্ৰজ্বলন কৰি শিৱসাগৰ কলেজৰ অধ্যক্ষ ডঃ প্ৰফুল্ল চন্দ্ৰ কলিতাই তেওঁৰ চমু বক্তব্যত অধ্যাপক শৰৎ মহন্তৰ বৰ্ণময় কৰ্মজীৱনৰ আলোকপাত কৰে৷ অনুস্থানটোত আদৰণী ভাষণ প্ৰদান কৰি প্ৰেছ ক্লাবৰ সভাপতি, বিশিষ্ট নিবন্ধকাৰ তথা গড়গাওঁ কলেজৰ অধ্যক্ষ ডঃ সব্যসাচী মহন্তই কয় যে জীৱনত পিতৃৰ অৱদানৰ বিষয়ে দোহাৰাৰ কোনো প্ৰয়োজন নাই ৷ পিতৃয়েই আমাৰ জীৱনৰ আদি গুৰু, পিতৃ- মাতৃৰ ঔৰসতেই আমি জীৱন দেখো, জীৱন সজোৱাৰ অনুপ্ৰেৰণা লাভ কৰো ৷ পুত্ৰ হিচাবে আমাৰ পিতৃৰ প্ৰতি যি অধিকাৰ, সেই একেই অধিকাৰ অধ্যাপক শৰৎ মহন্তৰ প্ৰতি শিৱসাগৰৰ শৈক্ষিক, বৌদ্ধিক সমাজ জীৱনৰে সংপৃক্ত ব্যক্তি সকলেও সেই শ্ৰদ্ধা আৰু অধিকাৰ সাব্যস্ত কৰি অহা আমি মৰ্মে মৰ্মে উপলদ্ধি কৰি আহিছো বুলি আদৰণী ভাষণত উল্লেখ কৰে ৷ শিৱসাগৰ প্ৰেছ ক্লাবৰ সম্পাদক খলিলুৰ ৰহমান হাজৰিকাই আঁতধৰা অনুষ্ঠানটোত অধ্যাপক শৰৎ মহন্তৰ চমু পৰিচয় সন্দৰ্ভদ আলোকপাত কৰে প্ৰেছ ক্লাবৰ উপ- সভাপতি ডঃ উৎপল দত্তই ৷ আনহাতে একেটা অনুস্থানতেই অধ্যাপক শৰৎ মহন্তৰ সহধৰ্মিনী, আদৰ্শ মাতৃ বঁটা প্ৰাপক তথা বিশিষ্ট লেখিকা মীনা মহন্তক শিৱসাগৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা এটি স্মাৰক, এখনি চেলেং আৰু গামোচাৰে উষ্ম আদৰণি জনোৱা হয় ৷ বক্তৃতা অনুষ্ঠানত অধ্যাপক শৰৎ মহন্তৰ জেষ্ঠ পুত্ৰ, ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া, অসম আৰক্ষীৰ ডি আই জি (প্ৰশাসন) ড০ পাৰ্থ সাৰথি মহন্তৰ লগতে অসম আৰক্ষীৰ ডি আই জি (চি আই ডি)ৰ আই পি এচ বিষয়া ইন্দ্ৰানী বৰুৱাকো শিৱসাগৰ প্ৰেছ ক্লাব আৰু স্পিনাৰ্চ টেবুল টেনিচ কৰ্চিং ক্লাবে পৃথকে পৃথকে স্মাৰক, চেলেং, গামোচাৰে আদৰণি জনায় ৷ ইফালে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী মেধা বৃত্তি বঁটা প্ৰদাণ কৰা হয়৷ শিৱসাগৰ ৰংপুৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী প্ৰিয়ংকা দত্তই বিদ্যালয়ৰ বৰ্ষটোৰ শ্ৰেষ্ঠ ছাত্ৰী হিচাবে এই মেধা বৃত্তি বঁটা লাভ কৰে ৷ অধ্যাপক শৰৎ মহন্তৰ কন্যা তথা অ পি জিন্দাল বিশ্ববিদ্যালয়ৰ ডীন ডঃ উপাসনা মহন্তই প্ৰদান কৰা মেধা বৃত্তি আৰু বঁটাত নগদ ধন, গ্ৰন্থৰ টোপোলা, এখন মান পত্ৰ প্ৰদাণ কৰা হয় ৷ অনুষ্ঠানটোত বিশিষ্ট নিবন্ধকাৰ ডঃ সব্যসাচী মহন্তৰ নতুন গ্ৰন্থ ‘ভিন্ন প্ৰসংগ’ মনোজ কুমাৰ গোস্বামীয়ে উন্মোচন কৰে ৷ সমাজকৰ্মী, ক্ৰীড়া সংগঠক তথা অধ্যাপক শৰৎ মহন্তৰ একালৰ ছাত্ৰ ইমদাদ উল্লাই শৰৎ মহন্তক সোঁৱৰি এটি স্ব- ৰচিত কবিতা পাঠ কৰাৰ লগতে ডিব্ৰু কলেজৰ সহযোগী অধ্যাপিকা মিতালী বৰকটকীয়ে শৰৎ মহন্তৰ স্মৃতি ৰোমন্থন কৰি শুভেচ্ছামূলক বক্তব্য আগবঢ়াই ৷ অনুষ্ঠানৰ মুখ্য বক্তা, বিশিষ্ট সাংবাদিক, সাহিত্যিক, সাহিত্য অকাডেমী বঁটা প্ৰাপক মনোজ কুমাৰ গোস্বামীয়ে অৱলোকন শীৰ্ষক বিষয়ৰ সন্দৰ্ভদ মহাবিদ্যালয় খনৰ শিক্ষাৰ্থী সকলৰ লগতে উপস্থিত ৰাইজৰ সৈতে কৰা মত বিনিময়ে অনুষ্ঠানটিক আকৰ্ষণীয় কৰি তোলে ৷ প্ৰেছ ক্লাবৰ সদস্য মোস্তাফিজ আহমেদে শলাগৰ শৰাই আগবঢ়োৱা আজিৰ বক্তৃতা অনুষ্ঠানত উপস্থিত থকা শিৱসাগৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম য়াদৱ, জিলা আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা, লিগিৰী পুখুৰী প্ৰথম আৰক্ষী বেটেলিয়ানৰ অধিনায়ক মুচলেহউদ্দিন আহমেদ,জিলা উন্নয়ন আয়ুক্ত বিতোপন নেওগ, শিৱসাগৰৰ জেষ্ঠ নাগৰিক, শ্ৰীশ্ৰীউজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষীকান্ত মহন্ত ,অসম চৰকাৰৰ কৰ বিষয়া মৌচুমী গোস্বামীক শিৱসাগৰ মহাবিদ্যালয় আৰু শিৱসাগৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয় ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান