নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট অভিনেতা দিলীপ হাজৰিকাৰ দেহাৱসান

বিশেষ বাৰ্তা, ১৪ ছেপ্টেম্বৰঃ ৰাজ্যৰ সাংস্কৃতিক জগতখনৰে আন দুঃখবৰ৷ বর্ষীয়ান শিল্পী–বিশিষ্ট আইনজ্ঞ–ৰাজনীতিক দিলীপ কুমাৰ হাজৰিকা আৰু নাই৷ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সান্নিধ্যৰে ধন্য হাজৰিকাই দীর্ঘদিনীয়া অসুস্থতাৰ অন্তত কালি নিশা ৮.৩০ বজাত গুৱাহাটীৰ উজানবজাৰৰ নিজ বাসগৃহত ইহলীলা সম্বৰণ কৰে৷ বিশ্ববিশ্রুত অসমীয়াৰ হিয়াৰ আপোন ড০ ভূপেন হাজৰিকাৰ প্রসিদ্ধ ‘বুকু হম হম কৰে’ গীতটিত ‘লিপ্ছ’ দিয়া হাজৰিকাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে শোকস্তব্ধ হৈ পৰিছে ৰাজ্যৰ সাংস্কৃতিক জগত৷ সর্বসাধাৰণৰ সৈতে সদা সামাজিক সম্পর্ক বজাই ৰখা হাজৰিকাৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৯০ বছৰ৷ প্রয়াত হাজৰিকাই মূলতঃ সামাজিক জীৱনত বিখ্যাত হৈ পৰিছিল ১৯৬৩ চনত নির্মিত বহু জনপ্রিয় সর্বেশ্বৰ চক্রৱর্তী পৰিচালিত তথা ড০ ভূপেন হাজৰিকাই কণ্ঠ নিগৰোৱা আৰু সংগীত পৰিচালনা কৰা ‘মণিৰাম দেৱান’ চলচ্চিত্রখনৰ পিয়লি বৰুৱা চৰিত্রটোত অভিনয়ৰ বাবে৷ এই ছবিখনত নটসূর্য ফণী শর্মাই নামভূমিকাত অভিনয় কৰিছিল৷ সাংস্কৃতিক জগতৰ সমান্তৰালভাৱে প্রয়াত হাজৰিকাই অসমৰ আর্থ–সামাজিক তথা ৰাজনৈতিক জীৱনতো সক্রিয় ভূমিকা গ্রহণ কৰিছিল৷ তদুপৰি তেওঁৰ জীৱন কালত বিভিন্ন ৰচনাৰাজিৰ বাবেও হৈ পৰিছিল পাঠক সমাজৰ বাবে সমাদৃত৷ বিশেষকৈ অসমবাণীত প্রকাশিত প্রবন্ধ সংকলন ‘এক মিনিটত দিকুহা’ৰ উপৰি ‘অফুৰন্ত কথাবোৰ’, ‘সোমাই পৰিছো সময়ৰ সুৰংগত’ আৰু ‘কতনা দেখিলোঁ কতনা শুনিলোঁ’ তেওঁৰ বহুল সমাদৃত সৃষ্টি৷ পৰিয়ালৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে ক’ভিড কালত প্রয়াত হাজৰিকাৰ পত্নীৰ মৃত্যু হৈছিল৷ তেওঁ ইহসংসাৰত একমাত্র পুত্র আৰু এগৰাকী কন্যাক এৰি থৈ গৈছে৷ সম্প্রতি দিল্লীত থকা কন্যা আজি গুৱাহাটীত উপস্থিত হোৱাৰ পিছত প্রয়াত হাজৰিকাৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন হোৱাৰ কথা৷

You might also like