নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্ৰজনাথ শৰ্মা বঁটাপ্ৰাপক বিশিষ্ট সংগীতকাৰ দশৰথ দাসৰ বিয়োগ

🔹 ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন

নিয়মীয়া বাৰ্তা,  ২৪ অক্টোবৰ : অসমৰ ভ্ৰাম্যমাণ নাট্যজগতৰ এসময়ৰ অঘোষিত কণ্ঠ সম্রাট দশৰথ দাস আৰু নাই৷ দুৰ্গাপূজাৰ ৰং-ৰহইচৰ মাজতে অষ্টমীৰ পুৱাই অসমবাসীয়ে লাভ কৰে এক দুঃখবৰ৷ সংগীত জগতৰ অৰ্ধশতিকাজোৰা অভিজ্ঞতাৰে পুষ্ট, স্বভাৱগতভাৱে লাভ কৰা ঐশ্বৰিক কণ্ঠ আৰু সংগীতৰ সন্মোহনী শক্তিৰ অধিকাৰী এইগৰাকী সংগীতৰ উজ্বল নক্ষত্ৰৰ যোৱা ২১ অক্টোবৰৰ নিশা ৮১ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে৷ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ মহীৰূহগৰাকীৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছত যোৱা ২২ অক্টোবৰৰ পুৱাৰে পৰাই বজালী আৰু বাকসাৰ বিভিন্ন প্ৰান্তৰ লগতে সংগীতশিল্পীগৰাকীৰ আংগুলিয়াস্থিত ঘৰখনত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে৷ তেওঁৰ নশ্বৰ দেহ নিজ গৃহলৈ লৈ অহাৰ পিছৰে পৰা শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জনাবলৈ গুণমুগ্ধই ভিৰ কৰে৷ অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাসৰ অতি চিনাকি সুললিত কণ্ঠক বিদায় দিবলৈ তেওঁৰ গৃহত উপস্থিত হয় কেইবাগৰাকী পুৰণি সতীৰ্থ৷ উল্লেখ্য যে দীৰ্ঘদিন ধৰি হৃদৰেগত আক্ৰান্ত হৈ থকা শিল্পীগৰাকী শনিবাৰে সন্ধিয়া শাৰীৰিকভাৱে অসুস্থ হৈ পৰাত তেওঁক ততালিকে বৰপেটাস্থিত ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰোৱা হয় যদিও সেইদিনা নিশা প্ৰায় ১২ বজাত তেওঁ চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে ৷ স্মৰ্তব্য যে ১৯৪২ চনৰ ১৯ নৱেম্বৰত অবিভক্ত কামৰূপ জিলা আৰু বৰ্তমানৰ বাকসা জিলাৰ বাঘমাৰাৰ সমীপৰ আমগুৰি আংগুলিয়া চ’কত জন্মগ্রহণ কৰা দশৰথ দাসে অসমত ভ্রাম্যমাণ থিয়েটাৰৰ সূচনা হোৱাৰ পিছৰ পৰাই থিয়েটাৰৰ স’তে নিবিড়ভাৱে জড়িত হৈ পৰে। ১৯৬৬ চনত অচ্যুত লহকৰৰ আমন্ত্ৰণত নটৰাজ থিয়েটাৰত এগৰাকী কণ্ঠশিল্পী আৰু বাঁহীবাদক হিচাপে যোগদান কৰি পৰৱৰ্তী সময়ত পূর্বজ্যোতি, মঞ্চৰূপা, কহিনুৰ, আৱাহন, শংকৰদেৱ, অপৰূপা, বর্ণালী, অনুৰাগ, অলকানন্দা, চিত্রলেখা, শ্রদ্ধাঞ্জলি, অসম ষ্টাৰ থিয়েটাৰ সমন্বিতে ভালেসংখ্যক ভ্রাম্যমাণ থিয়েটাৰৰ সাতে জড়িত হৈ কণ্ঠদান কৰাৰ উপৰি সংগীত পৰিচালনা কৰি সাংস্কৃতিক জগতখনলৈ এক অনবদ্য অবদান আগবঢ়ায়। বিশিষ্ট পৰিচালক পুলক গগৈৰ ‘সেন্দূৰ’ আৰু ‘ৰেলৰ আলিৰ দূবৰি বন’ত সংগীত পৰিচালনা কৰা শিল্পীগৰাকীয়ে প্ৰায় ৩০খন নৃত্য-নাটিকাৰ উপৰি ১৫০ৰো অধিক গীত ৰচনা কৰি অসমীয়া সংগীত জগতক টনকিয়াল কৰিছে। উল্লেখ্য যে ভাৰতীয়ৰ লগতে পাশ্চাত্য সংগীত সম্পৰ্কেও বিশেষ দখল থকা আজন্ম শিল্পী দাস আছিল অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰত মঞ্চস্থ কৰা বিদেশী নাটসমূহৰ সংগীত পৰিচালনাৰ দিশটোৰ অপৰিহাৰ্য অংগ৷ এই নাটসমূহৰ ভিতৰত কহিনুৰ থিয়েটাৰে মঞ্চস্থ কৰা বহুলভাৱে আলোচিত নাট ‘টাইটানিক’ৰ সংগীত পৰিচালনা কৰি নাটখনৰ জনপ্ৰিয়তাত অন্য এক মাত্ৰা প্ৰদান কৰিছিল৷ অসমৰ সংগীত জগতৰ বাবে এক অতি উজ্জ্বল নক্ষত্রস্বৰূপ এইগৰাকী মাটিৰ শিল্পীক অসমৰ সংগীত জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে অসমত সহঃ অভিনয়ৰ বাটকটীয়া, অসমীয়া যাত্রা পাৰ্টীৰ জনক, স্বাধীনতা সংগ্রামী, অভিনয়াচার্য ব্রজনাথ শৰ্মাৰ পুণ্য স্মৃতিত অসম চৰকাৰে প্রৱর্তন কৰা শিল্পী সৈনিক ব্রজনাথ শৰ্মা স্মাৰক বঁটা প্রথমবাৰৰ বাবে প্ৰদান কৰা হয়। আনহাতে, অসম চৰকাৰৰ পৰা শিল্পী পেঞ্চন, আৱাহন থিয়েটাৰে প্রদান কৰি অহা ড° ভবেন্দ্র নাথ শ‍ইকীয়া বঁটা, অসম নাট্য সমিতিৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ শ্ৰেষ্ঠ সংগীত পৰিচালক বঁটা, মুনলাইট মিডিয়া বঁটাকে আদি কৰি ভালেসংখ্যক সন্মান আৰু বঁটা লাভ কৰা শিল্পীগৰাকীয়ে ২০০৩ চনত থিয়েটাৰৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল যদিও বিভিন্ন সময়ত বিভিন্ন মঞ্চত গাই গৈছিল এসময়ৰ কালজয়ী গীতসমূহ৷ সংগীত আৰু সাহিত্যৰ ক্ষেত্ৰখনত একাণপটীয়াভাৱে কাম কৰি যোৱা তিনিখনকৈ গ্ৰন্থও সম্পাদনা কৰা অসমীয়া সংগীত জগতৰ কাণ্ডাৰীগৰাকীক অসম প্ৰকাশন পৰিষদেও বিশেষভাৱে সম্বৰ্ধনা জনায়৷ বৰেণ্য শিল্পীগৰাকীৰ শেষ বিদায়ত দেওবাৰে তেওঁৰ নিজ গাঁও আংগুলিয়াৰ পৰা বাঘমাৰালৈ উলিওৱা হয় এক সমদল। ৰাজপথত বিভিন্ন দল- সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে শেষ শ্ৰদ্ধা জনোৱাৰ পিছতে দশৰথ দাসক অসম চৰকাৰে ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা নিবেদন কৰি শেষ বিদায় দিয়ে৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ উপস্থিতিত দেওবাৰে বাকসা জিলা প্ৰশাসনে চালামী প্ৰদান কৰি প্ৰয়াত শিল্পীগৰাকীক শেষ বিদায় জনায়৷

প্ৰেৰক কল্যাণ কলিতা

You might also like