নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ : ধুবুৰীৰ বিশিষ্ট সমাজসেৱী, প্ৰাক্তন সাংবাদিক, শিক্ষক প্ৰবীৰ কুমাৰ ৰায় আৰু নাই। আজি পুৱতি নিশা গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় তেওঁৰ। আজীৱন চিৰকুমাৰ ৰায়ৰ মৃত্যুৰ সময়ত বয়স হৈছিল মাথোঁ ৫৮ বছৰ। উল্লেখ্য যে দীৰ্ঘদিনৰ পৰাই বিভিন্ন ধৰণৰ ৰোগত ভুগি আছিল তেওঁ। ১৯৬৫ চনৰ ১০ আগষ্টত ধুবুৰীত জন্মগ্ৰহণ কৰিছিল ৰায়ে। ধুবুৰীৰ শিশু পাঠশালা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰি স্থানীয় ভোলানাথ মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল তেওঁ। পৰৱৰ্তী সময়ত ধুবুৰী জিলা সংলগ্ন বিটিআৰৰ দেৱীতোলা হাইস্কুলৰ প্ৰধান শিক্ষকৰ পদত আসীন হৈছিল তেওঁ। শিক্ষকতাৰ সমান্তৰালকৈ ধুবুৰীৰ বিভিন্ন সামাজিক কাম-কাজৰ সৈতে জড়িত হৈ পৰিছিল তেওঁ। এসময়ত অসমৰ আগশাৰীৰ এটা ছেটেলাইট চেনেলৰ ধুবুৰীৰ সাংবাদিক ৰূপেও কাম কৰিছিল তেওঁ। উল্লেখ্য যে ধুবুৰীৰ কেবল টিভিৰ ব্যৱসায়ৰ এগৰাকী মূল পথ প্ৰদৰ্শকো আছিল প্ৰবীৰ কুমাৰ ৰায়। তদুপৰি দীৰ্ঘদিন ধৰি ধুবুৰীৰ নেতাজী জন্মজয়ন্তী উদযাপন কেন্দ্রীয় কমিটীৰ সাধাৰণ সম্পাদকৰ পদো অলংকৃত কৰিছিল। ধুবুৰী চহৰৰ হৰিসভাৰ সমীপৰ জিটিবি ৰোডৰ বাসিন্দা প্ৰবীৰ কুমাৰ ৰায়ৰ আকস্মিক মৃত্যুৰ বাতৰিয়ে এতিয়া শোকৰ ছাঁ পেলাইছে সমগ্ৰ ধুবুৰীত। আজি সন্ধিয়া ধুবুৰীৰ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ব তেওঁৰ।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী