নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এতিয়াৰে পৰা আপল’ড বা ডাউনল’ড কৰিব পৰা নাযাব পৰ্ণ ভিডিঅ’…নিয়ম সলনি কৰিলে সংস্থাই

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ নীলা ছবি আপলোড আৰু ডাউনলোড কৰাৰ নিয়মত গুৰুতৰ পৰিৱৰ্তন আনিছে পৰ্ণহাবে (Pornhub)। এতিয়াৰ পৰা, ইচ্ছা মতে পৰ্ণ ভিডিঅ’বোৰ আৰু ছাইটৰ পৰা ল’ব বা ডাউনলোড কৰিব নোৱাৰিব।

‘নিউয়ৰ্ক টাইমছ’ৰ এক শেহতীয়া প্ৰতিবেদনত প্ৰকাশ কৰিছে যে বহুসময়ত অনুমতি অবিহনেই নাবালকসকলৰ ভিডিঅ’ প্লেটফৰ্মত আপলোড কৰা হৈছিল। যাক লৈ সূত্ৰপাত হৈছিল বিতর্ক। তাৰপাছতেই নিয়ম সলনি কৰাৰ সিদ্ধান্ত লয় জনপ্রিয় এই পৰ্ণ ৱেবছাইটটোৱে।

এক বিজ্ঞপ্তিত পৰ্ণহাবৰ তৰফৰ পৰা কোৱা হৈছে যে এতিয়াৰে পৰা অজ্ঞাতপৰিচয়ৰ কোনো ব্যৱহাৰকাৰীয়ে ছাইটত কোনো ভিডিঅ’ আপল’ড কৰিব নোৱাৰিব।

কেৱল এই প্লেটফৰ্মৰ সৈতে সম্পৰ্কিত সদস্য বা সংস্থাবোৰেহে এতিয়াৰে পৰা ভিডিঅ’ আপল’ড কৰিব পাৰিব। তাৰ অৰ্থ হৈছে কেৱল সত্যাসত্য নিৰূপণ কৰা সূত্ৰয়েহে ভিডিঅ’ আপল’ড কৰিব পাৰে।

ইয়াৰ লগতে স্পষ্ট কৰা হৈছে যে এতিয়াৰে পৰা ভিডিঅ’ ডাউনলোড কৰিবও পৰা নাযাব। এটা ভিডিঅ’ আপল’ড কৰাৰ পিছত পৰ্ণহাবে স্বয়ংক্ৰিয়ভাৱে ডাউনলোড বিকল্পটো অফ কৰি দিব।

You might also like