জনতা ভৱন চৌহদত গগৈৰ শ্রাদ্ধ আয়োজন কৰাৰ প্রস্তাৱ
পুৱাই ডলী গগৈক সাক্ষাৎ কৰি জনালে মন্ত্রী ড০ শর্মাই
নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈৰ আদ্যশ্রাদ্ধকে ধৰি যাৱতীয় মাংগলিক কার্য আদি জনতা ভৱন চৌহদতে সম্পাদন কৰাৰ প্রস্তাৱ দিছে ৰাজ্য চৰকাৰে৷ জনতা ভৱন চৌহদত নৱনির্মিত পার্কিং প্লেচতে আদ্যশ্রাদ্ধকে ধৰি মাংগলিক কার্য পৰিয়ালে কৰিব পাৰিব বুলি চৰকাৰৰ হৈ আজি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রয়াত মুখ্যমন্ত্রীগৰাকীৰ পত্নী ডলী গগৈক অৱগত কৰে৷ আজি পুৱাৰ ভাগত দিছপুৰৰ মিনিষ্টার্ছ কলনীস্থিত প্রয়াত গগৈৰ চৰকাৰী আৱাসত মন্ত্রী ড০ শর্মা উপস্থিত হৈ প্রয়াত নেতাগৰাকীৰ পত্নী ডলী গগৈক সাক্ষাৎ কৰি গগৈৰ শ্রাদ্ধকে ধৰি বিভিন্ন বিষয়ক লৈ মত বিনিময় কৰে৷ পাছত সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই জানিবলৈ দিয়া মতে, জনতা ভৱনত নৱনির্মিত পার্কিং চৌহদত গগৈৰ শ্রাদ্ধকে ধৰি যাৱতীয় মাংগলিক কামখিনি সমাপন কৰিব পাৰিব বুলি তেওঁ জনাইছে৷ অৱশ্যে এই সম্পর্কত পৰিয়ালে আলোচনা কৰাৰ পাছত সিদ্ধান্ত জনাব বুলি কৈছে৷ একেদৰে মিনিষ্টার্ছ কলনীত থকা প্রয়াত গগৈৰ আৱাসত গৌৰৱ গগৈ, ডলী গগৈ যিমান দিনলৈ থাকিব খোজে, তাত চৰকাৰৰ কোনো আপত্তি নাই বুলিও মন্ত্রী ড০ শর্মাই সেই সাক্ষাততে ডলী গগৈক অৱগত কৰে৷