নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্ত্রাস নির্মূলত ভাৰতৰ সৈতে যুঁজিব আমেৰিকাই

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ ২৬/১১ ভয়াৱহ মুম্বাই আক্রমণৰ আজি ১২সংখ্যক বার্ষিকীত দেশে শ্বহীদক স্মৰণ কৰাৰ সময়তে আমেৰিকা যুক্তৰাষ্ট্রয়ো ভাৰতৰ সৈতে সন্ত্রাস নির্মূলত থিয় দি থাকিব বুলি মন্তব্য কৰিছে৷ ২৬/১১ৰ সন্ত্রাসবাদী আক্রমণত ক্ষতিগ্রস্তসকলৰ ন্যায়ৰ হকে ভাৰতৰ সৈতে যুঁজ দি এই আক্রমণত জড়িতসকলক শাস্তিৰ বাবে পর্যাপ্ত সকলো ব্যৱস্থা মার্কিন যুক্তৰাষ্ট্রই গ্রহণ কৰিব বুলিও উল্লেখ কৰে৷

আমেৰিকা যুক্তৰাষ্ট্রৰ বৈদেশিক বিভাগৰ উপ–মুখপাত্র কালে ব্রাউনে বিবৃতিযোগে মুম্বাইৰ ভয়াৱহ আক্রমণৰ জগৰীয়াক শাস্তি দিয়াৰ বাবে অহৰহ যুঁজি যাব বুলি প্রকাশ কৰে৷ উল্লেখ্য যে ১২ বছৰ পূর্বে ২৬ নৱেম্বৰত পাকিস্তানী সন্ত্রাসবাদীয়ে মুম্বাইৰ কেইবাটাও স্থানত ভয়াৱহ আক্রমণ চলোৱাত নিৰাপত্তা বাহিনীৰ লোকসহ ১৬৬জনৰ প্রাণহানি হৈছিল৷ প্রাণহানি হোৱা লোকৰ ভিতৰত ৬গৰাকী আমেৰিকাৰ নাগৰিকো আছিল৷

উক্ত দিনা পাকিস্তানস্থিত নিষিদ্ধ সন্ত্রাসবাদী সংগঠন লস্কৰ–ই–তৈবাৰ ১০ সন্ত্রাসবাদীয়ে মুম্বাইৰ কেইবাটাও স্থানত গুলীচালনা কৰাৰ লগতে বোমা বিস্ফোৰণ ঘটাইছিল৷ আক্রমণত জড়িত ৯ সন্ত্রাসবাদী নিহত হোৱাৰ লগতে ১৬৬তকৈ অধিক লোকৰ প্রাণহানি আৰু ৩০০তকৈ অধিক লোক আহত হৈছিল৷

You might also like