নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘অসমবাসীৰ সন্মান–শ্রদ্ধা দেখি হূদয়ত শান্তি অনুভৱ কৰিছোঁ’

পিতৃৰ চিতাত অগ্ণিসংযোগ কৰি শোকাহত পুত্র গৌৰৱ গগৈ

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ প্রাক্তন মুখ্যমন্ত্রী তথা বর্ষীয়ন ৰাজনীতিবিদ তৰুণ গগৈৰ শেষকৃত্য সম্পন্ন হোৱাৰ পাছতে আৱেগিক হৈ পৰে তেওঁৰ পুত্র তথা সাংসদ গৌৰৱ গগৈ৷ মৃত্যুৰ পাছত প্রাক্তন মুখ্যমন্ত্রীগৰকীৰ প্রতি স্বতঃস্ফূর্তভাৱে আগবঢ়োৱা শ্রদ্ধা, মৰম দেখি আৱেগিক হৈ পৰে শোকাহত গৌৰৱ গগৈ৷ যোৱা ২৩ নৱেম্বৰৰ সন্ধিয়া বিয়োগ ঘটা প্রাক্তন মুখ্যমন্ত্রীগৰাকীলৈ বিগত তিনিটা দিনত আগবঢ়োৱা মৰম, আশীর্বাদৰ বাবে তেওঁ ৰাজ্যবাসীক কৃতজ্ঞতা জ্ঞাপন কৰে৷ আজি নৱগ্রহ শ্মশানত সংবাদ মাধ্যমক সম্বোধন কৰি গগৈকে কয়– ‘প্রত্যেক মানুহৰ জীৱনলৈ এনেকুৱা সময় আহে, যেতিয়া নিজৰ অভিভাৱকক হেৰুৱাবলগীয়া হয়৷ এয়া হ’ল জীৱনৰ সত্য–সময়ৰ সত্য৷ কিন্তু ব্যক্তিগতভাৱে এই সময়তে মই দুখ অনুভৱ কৰা নাই৷ মোৰ মন আৰু হূদয়ৰ ভিতৰত এক অনাবিল শান্তি অনুভৱ কৰিছোঁ৷ অসমবাসী ৰাইজে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈলৈ যি মান–সন্মান, শ্রদ্ধা–মৰম, আশীর্বাদ–দোৱা আগবঢ়ালে, নিশ্চয় তেওঁৰ আত্মাই শান্তি আৰু সদ্গতি লাভ কৰিছে৷ ময়ো ৰাইজৰ এই অকুণ্ঠ মৰম–আশীর্বাদ দেখি মন আৰু হূদয়ৰ ভিতৰত শান্তি অনুভৱ কৰিছোঁ৷ পুত্র হিচাপে মোৰ কর্তব্য আৰু দায়িত্ব সম্পাদন কৰিব পৰা যেন অনুভৱ হৈছে৷’ ইফালে দীর্ঘদিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (জি এম চি এইচ) চিকিৎসাধীন হৈ থকাৰ সময়ত তৰুণ গগৈলৈ চিকিৎসক আৰু নার্ছ–স্বাস্থ্য কর্মীসকলে আগবঢ়োৱা সেৱা আৰু শুশ্রূষাৰো কথা উল্লেখ কৰি কৃতজ্ঞতা জ্ঞাপন কৰে গৌৰৱ গগৈয়ে৷ এই প্রসংগত তেওঁ কয় যে জি এম চি এইচৰ চিকিৎসকসকল প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ শেষ সময়লৈ তেওঁৰ ওচৰতে আছিল৷ আনহাতে, অতি আপোন তিতাবৰলৈ মৃত্যুৰ পূর্বে এবাৰ যোৱাৰ ইচ্ছা পূৰণ নহ’ল প্রয়াত গগৈৰ৷

গৌৰৱ গগৈয়ে কয়– ‘তিতাবৰৰ ৰাইজৰ প্রতি তেওঁৰ বেলেগ এটা মৰম আছিল৷ সেয়া সকলোৱে জানে৷ শেষমুহূর্তত এবাৰ তেওঁ তিতাবৰলৈ যাব বিচাৰিছিল৷ এই কথা প্রয়াত মুখ্যমন্ত্রীগৰাকীয়ে চিকিৎসকৰ আগতো প্রকাশ কৰিছিল৷ বহু সময়ত গুৱাহাটীত থকা বাবে তিতাবৰলৈ যাব পৰা নাছিল, যাৰ বাবে তেওঁ দুঃখিত হৈছিল৷ তেওঁৰ দ্বিতীয় আশা আছিল সমগ্র অসম ভ্রমণ কৰাটো৷ এই কথাও চিকিৎসাধীন হৈ থকাৰ সময়ত চিকিৎসকসকলৰ আগত তেওঁ প্রকাশ কৰিছিল৷ জি এম চি এইচৰ চিকিৎসকসকলৰ আগত তেওঁ প্রকাশ কৰিছিল যে এখন সংবাদ মেল পাতি ৰাইজক অন্তিম সপোনৰ বিষয়ে অৱগত কৰিব বিচাৰে৷’ অৱশ্যে প্রয়াত মুখ্যমন্ত্রীগৰাকীৰ আধৰুৱা সপোন পুত্র হিচাপে পূৰণ কৰিব বিচাৰে বুলি সাংসদ গৌৰৱ গগৈয়ে কয় যে প্রয়াত গগৈৰ চিতাভস্ম তিতাবৰলৈ নিবলৈ পৰিয়ালে সিদ্ধান্ত গ্রহণ কৰিছে৷ তিতাবৰৰ উপৰি ব্রহ্মপুত্র, বৰাক উপত্যাকা, উজনি–নামনি আৰু উত্তৰ অসমলৈ লৈ যোৱা হ’ব তেওঁৰ চিতাভস্ম৷ প্রাক্তন মুখ্যমন্ত্রীগৰাকী আমাৰ মাজত নাথাকিলেও তেওঁ দি যোৱা শিক্ষা, আদর্শ আৰু আশা পুত্র হিচাপে চিৰতৰুণ কৰি ৰাখিব বুলি প্রকাশ কৰি সাংসদগৰাকীয়ে কয়– ‘আগন্তুক দিনত তেওঁৰ আধৰুৱা কাম সম্পূর্ণ কৰিবলৈ মই চেষ্টা কৰিম৷ তেওঁ আমাৰ মাজত নহ’লেও তেওঁ দি যোৱা শিক্ষা–দর্শন, অসমৰ বাবে কৰা চিন্তা, নৱপ্রজন্মৰ বাবে দেখা সপোন আৰু গ্রামাঞ্চলৰ উজ্জ্বল ভৱিষ্যতৰ বাবে কৰা কামনা সদায় আমাৰ মাজত থাকিব৷ এইক্ষেত্রত ৰাইজৰ পৰা পুনৰ আশীর্বাদ বিচাৰিছোঁ৷ অসমবাসীক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷ কংগ্রেছ নেত্রী ছোনিয়া গান্ধী, নিখিল ভাৰত কংগ্রেছ কমিটীৰ প্রাক্তন সভাপতি ৰাহুল গান্ধী, সাধাৰণ সম্পাদক জিতেন্দ্র সিং, প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাসহ কংগ্রেছৰ বিধায়ক, ৰাজ্যিক নেতৃত্বকো মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷’

You might also like