নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাজোৰ ৰুচি বেকাৰীত লোমহৰ্ষক হত্যাকাণ্ড

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰ : হাজো থানাৰ অন্তৰ্গত অভয়পুৰৰ “ৰুচি বেকাৰী” নামৰ এটা বিস্কুট ফেক্টৰীত সংঘটিত এটি লোমহৰ্ষক হত্যাকাণ্ডই হাজোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।বিস্কুট ফেক্টৰীটোৰ মুল কাৰিকৰ ধনেশ্বৰ ডেকাক লাঠিৰে মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে ফেক্টৰীটোৰ উপেন কাৰী নামৰ কৰ্ম চাৰীজনৰ বিৰুদ্ধে। জানিব পৰা মতে, বিগত তিনি মাহ ধৰি বেকাৰীটোত কৰ্মৰত হৈ থকা মৃত ধনেশ্বৰ ডেকাৰ ঘৰ বাক্সা জিলাৰ বৰমাৰ গেলপেজাৰত। দূৰ্গা পূজাৰ সময়ত নিজৰ ঘৰলৈ গৈ ২৯ অক্টোবৰলৈ কৰ্মস্থলীলৈ উভতি অহা নাছিল ধনেশ্বৰে। সেয়ে বেকাৰীৰ স্বত্বাধিকাৰী নয়নজ্যোতি ঠাকুৰীয়াই ধনেশ্বৰৰ বাসগৃহলৈ গৈ পুনৰ লৈ আহিছিল। কিন্তু ৰহস্য জনকভাবে পিছদিনা, অৰ্থাৎ অক্টোবৰৰ সন্ধিয়া বেকাৰীৰ গৰাকী নয়ন ঠাকুৰীয়াই ফেক্টৰীটোৰ আন‌ এগৰাকী কৰ্মচাৰীয়ে ধনেশ্বৰক লাঠিৰে মৰিয়াই আহত কৰা বুলি ফোনযোগে ধনেশ্বৰৰ পত্নীক জানিবলৈ দিয়ে আৰু জি এম চি এইচলৈ মাতি পঠিয়াই। কিন্তু কালি পুৱা পত্নী আহি চিকিৎসালয় পোৱাৰ পিছতে চিকিৎসকে মৃত বুলি ঘোষণা কৰে ধনেশ্বৰক। আনহাতে, এই ঘটনা সংঘটিত কৰি পলায়ন কৰে হত্যাকাৰী উপেন কাৰীয়ে। ইফালে, আৰক্ষীয়ে “ৰুচি বেকাৰী”ৰ স্বত্বাধিকাৰী নয়ন ঠাকুৰীয়াক সোধাপোছা কৰাত ওলাই পৰে ঘটনাৰ প্ৰকৃত কাৰণ। এটা ফোন কৰাক লৈ ধনেশ্বৰ আৰু উপেন কাৰীৰ মাজত হৈছিল কাজিয়াৰ সূত্ৰপাত। উপেন কাৰীৰ মোবাইলেৰে ফোন কৰিব বিছাৰিছিল ধনেশ্বৰে। কিন্তু উপেনে নিজৰ মোবাইলটো দিবলৈ মান্তি নোহোৱাত প্ৰথমে দুয়োজনৰে মাজত কাজিয়াৰ সূত্ৰপাত আৰু পিছলৈ হোৱা হতা হতিত ধনেশ্বৰৰ শৰীৰ তেজে তুমুৰালি হৈ পৰে। ইফালে ঘটনা সন্দৰ্ভত ধনেশ্বৰ পত্নীয়ে হাজো থানাত দিয়া এজাহাৰ ভিত্তিত হাজো আৰক্ষীয়ে অভিযুক্ত উপেন কাৰীক বিছাৰি অভিযান আৰম্ভ কৰিছে।

প্ৰেৰক শ্বাহজাহান ইছলাম

You might also like