গুৱাহাটীৰ পৰা লখিমপুৰলৈ স্কুটীৰে গ’ল উপাচার্য ভুৱা বিলেৰে সৰকালে ধন
ডিব্রুগড় বিশ্ববিদ্যালয়ৰ দুর্নীতিৰ আন এক অধ্যায়
নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ কেইটামান টকাৰ লালসাত মানুহ কিমান তললৈ নামিব পাৰে, তাৰ বাস্তৱ উদাহৰণ ৰূপে পৰিগণিত হৈছে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ ৰঞ্জিত তামুলী৷ উপাচার্য পদৰ ক্ষমতাৰ অপপ্রয়োগ কৰি ড০ তামুলীয়ে সংঘটিত কৰা বিয়াগোম দুর্নীতি–নিয়ম আৰু স্বজন তোষণক কেন্দ্র কৰি শেহতীয়াকৈ ৰাজ্যৰ অন্যতম উচ্চ শিক্ষানুষ্ঠানখনত একপ্রকাৰৰ অচলাৱস্থাই বিৰাজ কৰিছে৷ শিক্ষক সমাজ, বিষয়া–কর্মচাৰী সন্থা আৰু ছাত্র–ছাত্রী তথা আছু গোটে ধাৰাবাহিক প্রতিবাদেৰে উত্তাল কৰি ৰাখিছে ডিব্রুগড় বিশ্ববিদ্যালয় চৌহদ৷ সকলোৰে এটাই দাবী– উপাচার্য ড০ তামুলীৰ বিৰুদ্ধে উত্থাপিত দুর্নীতিৰ অভিযোগৰ উচ্চ পর্যায়ৰ তথা নিৰপেক্ষ তদন্ত হ’ব লাগে৷ ইয়াৰ মাজতে উপাচার্য ড০ তামুলীৰ লুণ্ঠনৰাজৰ কেতবোৰ ‘বাস্তৱ তথ্য’ পোহৰলৈ আহিছে৷
যোৱা ২৫ জানুৱাৰীত ডিব্রুগড় বিশ্ববিদ্যালয় শিক্ষক সন্থাই উপাচার্য ড০ তামুলীৰ বিত্তীয় অনিয়ম আৰু উচ্চ শিক্ষানুষ্ঠানখনৰ ৰাজহুৱা পুঁজি অপব্যৱহাৰ সন্দর্ভত উচ্চ পর্যায়ৰ তদন্তৰ দাবীৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাললৈ প্রেৰণ কৰিছিল এখন স্মাৰক–পত্র৷ এই স্মাৰক–পত্রখনতে ডিব্রুগড় বিশ্ববিদ্যালয় শিক্ষক সন্থাই উপাচার্য ড০ তামুলীৰ লুণ্ঠনৰ কেতবোৰ অধ্যায় উদঙাই দিছে৷ উপাচার্য পদত যোগদানৰ দিনৰে পৰা নিজ অভীপ্সা পূৰণৰ স্বার্থত ডিব্রুগড় বিশ্ববিদ্যালয়ৰ আইন–বিধি ড০ তামুলীয়ে জলাঞ্জলি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে স্মাৰক–পত্রখনত৷ অভিযোগ অনুসৰি ভ্রমণৰ ভুৱা বিল দাখিল কৰিও উপাচার্য ড০ তামুলীয়ে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ পুঁজি সৰকাই নিছে৷ উপাচার্য ড০ তামুলীয়ে গুৱাহাটীৰ পৰা নিজৰ গৃহ চহৰ লখিমপুৰলৈ ভ্রমণ কৰাৰ নামত দুখন বিল দাখিল কৰিছিল৷ গুৱাহাটীৰ পল্টন বজাৰৰ ডি কে ট্রেভেলছ নামৰ ট্রেভেল এজেন্সীটোৰ ২০১৯ চনৰ ৭ মার্চৰ প্রথমখন বিলত (১৩,৫০০ টকাৰ) উল্লেখ কৰা মতে উপাচার্য ড০ তামুলীয়ে এ এছ–০১ এ এক্স–৯১২৫ নম্বৰৰ আৰু একেটা বছৰৰ ২৫ মে’ৰ দ্বিতীয়খন বিলত (১২,৫০০ টকাৰ) উল্লেখ কৰা মতে এ এছ–০২–৭১২৯ নম্বৰৰ বাহনখনেৰে লখিমপুৰলৈ গৈছিল৷ ইমানলৈকে সকলো ঠিকে–ঠাকে আছিল৷ পিছে কেন্দ্রীয় পথ পৰিবহণ আৰু ৰাষ্ট্রীয় ঘাইপথ মন্ত্রালয়ৰ ‘বাহন পৰিবহণ’ এপছটোৱে জোলোঙাৰ মেকুৰী পোহৰলৈ আনিছে৷
ডিব্রুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থাৰ সভাপতি অধ্যাপক লক্ষীৰাম শইকীয়া আৰু সাধাৰণ সম্পাদক ড০ মানসপ্রতিম বর্মনে দাবী কৰা মতে, গুৱাহাটীৰ পৰা লখিমপুৰলৈ ভ্রমণৰ গাড়ী ভাৰা ঘূৰাই পোৱাৰ বাবে উপাচার্য ড০ তামুলীয়ে দাখিল কৰা প্রথমখন ‘বিল’ত উল্লিখিত এ এছ–০১ এ এক্স–৯১২৫ নম্বৰৰ বাহনখন প্রকৃততে এখন দুচকীয়া স্কুটীহে৷ সেইদৰে এ এছ–০২–৭১২৯ নম্বৰৰ বাহনখনৰ অস্তিত্ব ‘বাহন পৰিবহণ’ এপছত বিচাৰি পাবলৈ নাই৷ এনেদৰে ভুৱা বিল দাখিল কৰিও উপাচার্য ড০ তামুলীয়ে সৰকাই নিছে পুঁজি৷ উপাচার্য ড০ তামুলীয়ে ভুৱা বিল জমা দিয়াৰ কাহিনী ইমানতে শেষ হোৱা নাই৷ উপাচার্য ড০ তামুলীয়ে গুৱাহাটীৰ পাণবজাৰৰ হোটেল প্রিয়ংকাত তিনি নিশা থকাৰ বাবদ ২০১৯ চনৰ ২৫ মে’ত ১০,৫০০ টকাৰ আৰু গণেশগুৰিৰ হোটেল পায়েলত তিনি নিশা কটোৱাৰ বিপৰীতে একেটা বর্ষৰ ৭ মার্চত ১০,৫০০ টকাৰ বিল দাখিল কৰিছিল৷ কিন্তু ডিব্রুগড় বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ অভিযোগ অনুসৰি দুয়োখন হোটেলেই অস্তিত্বহীন৷ উপাচার্য ড০ তামুলীয়ে নিজে লিখি তথা হোটেলৰ মেনেজাৰ–কেছিয়াৰৰ স্বাক্ষৰ কৰি ধন সৰকোৱাৰ উদ্দেশ্যে ‘বিল’ জমা দিছিল৷ দুর্নীতিৰ এনেধৰণৰ স্পষ্ট অভিযোগ তথা তথ্যৰ পাছত ঊর্ধ্বতন কর্তৃপক্ষই বিশ্ববিদ্যালয়খনলৈ সুস্থিৰ আৰু বিদ্যায়তনিক পৰিৱেশ ঘূৰাই আনিবলৈ কেনেধৰণৰ পদক্ষেপ গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷
আছু গোটৰ প্রতিবাদত উত্তাল বিশ্ববিদ্যালয় চৌহদ
দুর্নীতিগ্রস্ত উপাচার্য ড০ ৰঞ্জিত তামুলীৰ বিৰুদ্ধে ডিব্রুগড় বিশ্ববিদ্যালয়ত অব্যাহত আছে প্রতিবাদী কার্যসূচী৷ শিক্ষক সমাজ, ছাত্র–ছাত্রী, বিষয়া–কর্মচাৰী সন্থাৰ পাছত আজি উত্তাল প্রতিবাদ সাব্যস্ত কৰে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ আছু গোটে৷ ডিব্রুগড় বিশ্ববিদ্যালয় আছু গোটৰ আহ্বানত এই প্রতিবাদী কার্যসূচীলৈ ওলাই আহে সকলো ছাত্র–ছাত্রী৷ উপাচার্য ড০ তামুলীৰ বিৰুদ্ধে উত্থাপিত বিত্তীয় অনিয়মৰ উচ্চ পর্যায়ৰ তদন্ত আৰু দোষীক কঠোৰ শাস্তি দিয়াৰ দাবীত প্রতিবাদকাৰীসকলে উপাচার্য কার্যালয় ঘেৰাও কৰে৷ বিশ্ববিদ্যালয় আছু গোটৰ সভাপতি বিতোপন চাংমায়ে সাংবাদিকৰ আগত কয় যে ঐতিহ্যমণ্ডিত ডিব্রুগড় বিশ্ববিদ্যালয়ৰ গৰিমা অটুট ৰখাৰ বাবেই নৈতিক দায়িত্ব স্বীকাৰ কৰি উপাচার্য ড০ তামুলীয়ে শীঘ্রে পদত্যাগ কৰা উচিত৷ এইজন দুর্নীতিপৰায়ণ উপাচার্যৰ বাবেই আজি সকলো শিক্ষার্থী পাঠগ্রহণৰ পৰিৱর্তে ৰাজপথলৈ ওলাই আহি প্রতিবাদ কৰিব লগাত পৰিছে৷ ইয়াতকৈ আৰু দুর্ভাগ্যজনক কথা কি হ’ব পাৰে৷ বিশ্ববিদ্যালয়খনত সংঘটিত সকলো বিত্তীয় অনিয়ম, দুর্নীতিৰ তদন্তৰ বাবে ১৫ দিনৰ সময়সীমা বান্ধি দিয়া হৈছিল যদিও বিশ্ববিদ্যালয় কর্তৃপক্ষ বা ৰাজ্য চৰকাৰেও একো বিহিত ব্যৱস্থা গ্রহণ নকৰিলে৷ ফলত পৰিস্থিতি অধিক বেয়া হোৱাৰ লগতে সমগ্র ঘটনাৰাজি ৰহস্যৰ আৱর্তত সোমাই পৰিছে৷ সেয়ে পুনৰ সকীয়াই দি কওঁ যে শীঘ্রে এক উচ্চস্তৰীয় ন্যায়িক তদন্ত সমিতি গঠন কৰি তদন্তৰ ব্যৱস্থা কৰি উপাচার্য ড০ তামুলীক অপসাৰণৰ দাবী জনায় আছু গোটৰ সভাপতি বিতোপন চাংমায়ে৷ আজি নিজ নিজ শ্রেণীবর্জন কৰি ছাত্র–ছাত্রীসকলে বিভিন্ন শ্লোগানেৰে উপাচার্য কার্যালয় চৌহদ কঁপাই তোলে৷ আছু গোটৰ জ্যেষ্ঠ নেতা ডেভিড হাজৰিকাই কয় যে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ঐতিহ্য, গুণ–গৰিমাত এইজন উপাচার্যই কলংক সানিলে৷ ইয়াতকৈ আৰু পৰিতাপৰ কথা কি হ’ব পাৰে৷