নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰীহ অসমীয়াক হত্যাৰ প্ৰতিবাদত কাইলৈ ১২ ঘণ্টীয়া লখিমপুৰ-ধেমাজি জিলা বন্ধ

বিশেষ বাৰ্তা, ৭ জুনঃ কাইলৈ ৮ জুনৰ দিনা পুৱা পাঁচ বজাৰ পৰা সন্ধিয়া পাঁচ বজালৈ ১২ ঘন্টীয়া লখিমপুৰ ধেমাজি জিলা বন্ধৰ আহ্বান জনাইছে অসমীয়া যুৱ মঞ্চই। ধেমাজি জিলাৰ জয় ৰামপুৰৰ পানবাৰীত সোমবাৰে তিনিজনকৈ অসমীয়া লোকক অৰুণাচলীয়ে গুলীয়াই হত্যা কৰাৰ প্ৰতিবাদত অসমীয়া যুৱ মঞ্চই কাইলৈ ১২ ঘন্টীয়া লখিমপুৰ ধেমাজি জিলা বন্ধৰ আহ্বান জনাইছে। উল্লেখ্য উক্ত ঘটনাৰ প্ৰতিবাদৰ প্ৰতিবাত লখিমপুৰত বিভিন্ন সংগঠনে মূখ্য মন্ত্রীৰ পুত্তলিকা দাহ, পথ অৱৰোধ, মুণ্ডন, আদি বিভিন্ন প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিছে৷ অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা উক্ত ঘটনাৰ লগত জড়িত পাঁচজন অপৰাধীক অসম আৰক্ষীক চৌবিশ ঘন্টাৰ ভিতৰত হস্তান্তৰ কৰা, উক্ত ঘটনাত নিহত আৰু আহত পৰিয়ালক ক্ষতিপূৰণ দিয়া, অসম অৰুণাচলৰ সীমা সমস্যা সমাধান কৰা আদিৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ, অসমীয়া যুৱ মঞ্চকে ধৰি ভালেখিনি সংগঠনে নিৰন্তৰ দাবী উত্থাপন কৰি প্ৰতিবাদী কাৰ্য্য সূচী গ্ৰহণ কৰি আহিছে। আজি অসমীয়া যুৱ মঞ্চ ই পানবাৰীৰ ঘটনাৰ প্ৰতিবাদ ত কাইলৈ দুয়োখন জিলা বন্ধ ঘোষণা কৰিছে। সংগঠনটোৱে ৰাইজক শান্তি পূৰ্ণ ভাৱে সহযোগ কৰি এই বন্ধ সফল কৰিবলৈ ৰাইজলৈ আহ্বান জনাইছে।

 

প্ৰেৰক জীৱন গোস্বামী

You might also like