নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাক্সাৰ শালবাৰীত মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাই নিদিয়াৰ প্ৰতিবাদত প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ বাক্সা জিলাৰ মহকুমা সদৰ শালবাৰীৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত আজি মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাই নিদিয়াৰ প্ৰতিবাদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মহিলা সমাজে। নিমুৱা আঞ্চলিক মহিলা কমিটিৰ উদ্যোগত ৩ ঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে। প্ৰতিবাদী মহিলাসকলে মাইক্ৰ’ ফাইনেঞ্চ ঋণ দিয়ক, লোনৰ জানানী প্ৰদান কৰা বন্ধ কৰক আদি শ্লোগানেৰে উত্তাল কৰি তোলে পৰিবেশ। মহিলাসকলৰ অভিযোগ অনুসৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাই ঘোষণাৰ পিছতো একাংশ মাইক্ৰ’ফাইনেঞ্চৰ এজেন্টে বিভিন্ন ভয় ভাবুকি প্ৰদান কৰি আহিছে। ঋণ পৰিশোধ নকৰিলে আদালতলৈ প্ৰেৰণ কৰা ভয় ভাবুকি প্ৰদান কৰাৰ লগতে লৰা-ছোৱালী চাকৰিৰ পৰা বঞ্চিত কৰা হব বুলিও ভয় ভাবুকি প্ৰদান কৰে। উল্লেখ্য যে ৰাজ্য চৰকাৰে মাইক্ৰ’ফাইনেঞ্চ ২০১৯-২০ বৰ্ষৰ ঋণৰ ধন মাফ নকৰাৰ প্ৰতিবাদ এনেদৰে ক্ষোভিত হৈ পৰে এইসকল মহিলা। এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰে ক্ষোভিত মহিলাসকলে।

প্ৰেৰক লৱ কুমাৰ দাস

You might also like