নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূব বংশৰ মহাবিদ্যালয়ত কেৰিয়াৰ সম্পৰ্কীয় আলোচনা-চক্ৰ

বিশেষ বাৰ্তা, ৮ ফ্ৰেব্ৰুৱাৰীঃ কামৰূপ জিলাৰ পছৰীয়াৰ পূৱ বংশৰ মহাবিদ্যালয় আৰু ফ্ৰেংকাফিনৰ যুটীয়া উদ্যোগত পছৰীয়াস্থিত ৰাম সৰস্বতী প্ৰেক্ষাগৃহত কালি কেৰিয়াৰ সজাগতা সম্পৰ্কীয় আলোচনা চক্ৰ এখন অনুষ্ঠিত হয় ৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° প্ৰণিতা বৈশ্যই উদ্বোধন কৰা আলোচনা চক্ৰত ফ্ৰেংকাফিনৰ উত্তৰ পূৱ ভাৰতৰ একমাত্ৰ গুৱাহাটীস্থিত কাৰ্যালয় বিক্ৰী সেৱাৰ প্ৰৱন্ধক পংকজ বৰুৱা, সহকাৰী প্ৰৱন্ধক অন্যান্য সিকদাৰ, নিবেদিতা সিনহা, অনিন্দিতা কৰ্মকাৰ আদিয়ে বিভিন্ন বিষয় উপস্থাপন কৰি বক্তৃতা প্ৰদান কৰে৷ আলোচনাকালত বিশেষকৈ বিমান পৰিবহণ উদ্যোগ, ভ্ৰমণ, আতিথ্য, গ্ৰাহক সেৱা আদি ক্ষেত্ৰত নিযুক্তি সম্পৰ্কীয় সম্ভাৱনা ছাত্ৰ ছাত্ৰীসকলৰ আগত বিতং ভাবে বুজোৱা হয়৷ আভ্যন্তৰীণ মান নিশ্চিত কৰা কোষৰ সমন্বয়ক ড°ধ্ৰৱজ্যোতি মালাকৰে আঁত ধৰা  আলোচনা চক্ৰত শলাগৰ শৰাই আগবঢ়ায় গাইডেন্স আৰু কাউন্সিলিং কোষৰ সমন্বয়ক ড° হিমাদ্ৰী ভৰালীয়ে ৷
প্ৰেৰক দিলীপ মেধি
You might also like