নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰ্থেবাৰীত অব্যাহত প্ৰতিবাদ

🔴উপজিলাৰ মৰ্যদা প্ৰদান-সকলো চৰকাৰী কাৰ্যালয়ৰ স্থিতাৱস্থা বাহাল ৰখাৰ দাবী

🔴তালবাদনত কঁপিল কাঁহশিল্পনগৰী

নিয়মীয়া বাৰ্তা, ১৪ অক্টোবৰ : বিগত এমাহ ধৰি হোৱা ধাৰাবাহিক আন্দোলনত উত্তাল হৈ আছে ঐতিহাসিক কাঁহ শিল্প নগৰি সৰ্থেবাৰী। সৰ্ব দিশতে অৱহেলিত অনাদৃত অনগ্ৰসৰ সৰ্থেবাৰীক অসম চৰকাৰে চুড়ান্ত ভাবে প্ৰবঞ্চনা কৰাৰ বাবেই এতিয়া সৰ্থেবাৰীত জ্বলিছে ক্ষোভৰ দাবানল।কালিৰে পৰা অধিক উত্তপ্ত ঐতিহাসিক পৰিছে ঐতিহাসিক সৰ্থেবাৰী।সৰ্থেবাৰীৰ সৰ্বস্তৰৰ ৰাইজ ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰিছে প্ৰতিবাদ।কালি নিশাও প্ৰতিবাদী জনতা ৰাজপথলৈ ওলাই আহি তীব্ৰ ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।উল্লেখ্য যে খিলঞ্জীয়া লোকেৰে পৰিপূৰ্ণ ঐতিহ্যমণ্ডিত সৰ্থেবাৰীক কেন্দ্ৰ কৰি পাকা মৌজা আৰু সৰুক্ষেত্ৰী মৌজাক সাঙুৰি এটি নতুন বিধান সভাৰ সমষ্টি গঠনৰ বাবে দাবী উত্থাপন কৰা হৈছিল যদিও সেই দাবীক চৰকাৰ তথা নিৰ্বাচন আয়োগে নস্যাৎ কৰি সমগ্ৰ অঞ্চলটোৰ ৰাজনৈতিক ভবিষ্যত নিঃশেষ কৰি সমগ্ৰ অঞ্চলটোক কেইবাটাও সমষ্টিৰ অন্তৰ্ভুক্ত কৰি সৰ্থেবাৰীৰ জনতাক ভেঙুচালি কৰিলে। সমান্তৰালকৈ উপজিলাৰ মৰ্যদাৰ পৰাও বঞ্চিত কৰি সৰ্থেবাৰীত থকা সাতামপুৰুষীয়া চৰকাৰী কাৰ্যালয় স্থানান্তৰিত কৰাৰ গভীৰ ষড়যন্ত্ৰ আৰম্ভ হোৱাত সমগ্ৰ অঞ্চলটোতে ক্ষোভৰ জুই জ্বলিছে।সমগ্ৰ অসমৰ বাবেই এখন অতি গুৰুত্বপূৰ্ণ ঠাই ঐতিহ্যমণ্ডিত সৰ্থেবাৰীক উপজিলাৰ মৰ্যদা প্ৰদান কৰাৰ লগতে সৰ্থেবাৰীত থকা সকলো পৰ্যায়ৰ চৰকাৰী কাৰ্যালয়ৰ স্থিতাৱস্থা বাহাল ৰখাৰ দাবীত আজি সৰ্থেবাৰীৰ পৰা এক বিশাল বাইক ৰেলী উলিওৱা হয়।পুৱা দহ বজাৰ লগে লগে স্বতঃস্ফুত ভাৱেই সৰ্থেবাৰীৰ সভাৰ খলালৈ ওলাই আহিল শশ বাইক আৰু যুৱকৰ দল।ঐতিহাসিক শ্ৰীশ্ৰী জগন্নাথ বিগ্ৰহ মন্দিৰৰ সমূখত বৰপাঠকে হৰিধ্বনি দি আৰম্ভ কৰে বাইক ৰেলীৰ।সাত শতাধিক বাইকেৰে অংশগ্ৰহণ কৰা এই ৰেলী সৰ্থেবাৰী সভাৰ খলাৰ পৰা আৰম্ভ কৰি সৰ্থেবাৰী নগৰৰ মাজেৰে সোমাই পুৰন বজাৰ হৈ গোমুৰা, কাৰাকুছি, নামশালা, পল্লা, বাপুজী নগৰ, বনিয়াকুছি, কামাৰপাৰা, বেলবাৰী, ৰাউলী, শিংৰাৰ পৰা ঘুৰি ৰাউলী বেলবাৰী বাঘমাৰা ফুলবাৰী, নসত্ৰ, কুৰিহাৰপাম, বামুন্দি, এৰাট্টাৰি, এৰাগাঁও, এৰা বজাৰ, নেউলাৰভিঠা,ন টপাৰা, পাকা হৈ পুনৰ সৰ্থেবাৰীৰ সভাৰ খলাত মিলিত হয়।চৰকাৰ বিৰোধী শ্লোগানেৰে সমগ্ৰ পথচোৱা প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে। “বিজেপি গো বেক”, “অসম চৰকাৰ হায় হায়”, “অসম চৰকাৰৰ হঠকাৰি সিদ্ধান্ত বাতিল কৰক”, “সৰ্থেবাৰীক উপজিলাৰ মৰ্যদা প্ৰদান কৰক”, “সৰ্থেবাৰীৰ পৰা চৰকাৰী কাৰ্যালয় নিব দিয়া নহবজানো শ্লোগান দি প্ৰতিবাদকাৰী সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ পিছতেই আজিৰ বাইক ৰেলী সমাপ্ত কৰে।ইপিনে সন্ধিয়া সময়ত সমগ্ৰ সৰ্থেবাৰী অঞ্চলৰ পুৰুষ মহিলা দলে দলে ওলাই আহি সৰ্থেবাৰীৰ সভাৰ খলাত মিলিত হয়। ঐতিহাসিক শ্ৰী শ্ৰী জগন্নাথ বিগ্ৰহ মন্দিৰৰ সমূখত হৰিধ্বনি দি ভোৰতাল বজাই প্ৰতিবাদী সমদল উলিয়ায়। সহস্ৰাধিক লোকে অংশ লোৱা এই প্ৰতিবাদী সমদল সৰ্থেবাৰীৰ নতুন বজাৰৰ তিনিআলি চকলৈ গৈ চকত কিছু সময় পথ অৱৰোধ কৰি ভোৰ তাল বজাই আকাশ বতাহ নিনাদিত কৰে। শতাধিক ভোৰতাল বজাই অঞ্চলটোৰ যুৱক সকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে সৰ্থেবাৰীক উপজিলাৰ মৰ্যদা প্ৰদান কৰাৰ দাবী উত্থাপন কৰে। সহস্ৰাধিক ৰাইজৰ শ্লোগানত উত্তাল হৈ পৰে সমগ্ৰ অঞ্চল।ৰাইজৰ এই ধাৰবাহিক আন্দোলনে বিপাঙত পেলাইছে আৰক্ষী প্ৰশাসনক।

প্ৰেৰক নকুল তালুকদাৰ

You might also like