নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানৰ ঊষাপুৰ উচ্চতৰ মাধ্যমিকলৈ আছুৰ গ্ৰন্থ, বেঞ্চ-ডেক্স প্ৰদান

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ দুলীয়াজানৰ সমীপৰ ঊষাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ সদৌ অসম ছাত্ৰ সন্থাই গ্ৰন্থৰ টোপোলাৰ লগতে ২৫ যোৰকৈ বেঞ্চ-ডেক্স আগবঢ়ায়। আজি আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ উপস্থিতিত দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি-সম্পাদক বুবুল তালুকদাৰ আৰু দীপাংকৰ গগৈৰ প্ৰচেষ্টাত ডি এন পি এল প্ৰকল্পই আগবঢ়োৱা দুই লাখ টকা অৰ্থ সাহায্যৰে উক্ত বেঞ্চ ডেক্স সমূহ প্ৰদান কৰে। এই কাৰ্যসূচীতে ছাত্ৰ নেতা শংকৰজ্যোতি বৰুৱাক ৰাজহুৱা ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিদ্যালয়ৰ অধ্যক্ষ অজিত বড়াৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাখনত বিদ্যালয়ৰ তৰফৰ পৰা শংকৰজ্যোতি বৰুৱাক ফুলাম গামোচা, চেলেং আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে ছাত্ৰ নেতা গৰাকীয়েও দশম শ্ৰেণীৰ ৫৬ গৰাকী ছাত্ৰ ছাত্ৰীক একোখনকৈ প্ৰশ্ন বেংক প্ৰদান কৰে। সভাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে দলীয় নৃত্য পৰিৱেশন কৰে। ছাত্ৰ কাশ্যপজ্যোতি বড়াই আঁত ধৰা সভাত শিক্ষক অনুপজ্যোতি বড়াই আদৰণি ভাষণ আগবঢ়ায় । শিক্ষয়িত্ৰী ঊষা গগৈয়ে শলাগ জ্ঞাপন কৰা সভাত দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা ৰূপাঞ্জীত ৰাজগিৰী, প্ৰদীপ ছেত্ৰী, সভাপতি দিগন্ত বড়া, সাধাৰণ সম্পাদক সমীৰণ গগৈ, প্ৰাক্তন সম্পাদক দীপাংকৰ গগৈ, ভাদৈ শাখাৰ উপদেষ্টা মনজিত গগৈ, সভাপতি কল্যাণ গগৈ, সম্পাদক আনন্দ কুৰ্মী, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰমোদ শইকীয়া, সন্মিলিত সাংবাদিক মঞ্চ দুলীয়াজানৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল শইকীয়া, প্ৰাক্তন ছাত্ৰ চন্দ্ৰ শইকীয়াৰ লগতে ছাত্ৰ ছাত্ৰী তথা অভিভাৱক সকল উপস্থিত থাকে। ছাত্ৰী তনয়া বৰুৱা আৰু ছাত্ৰ চানু ৰাজপুতৰ গীতেৰে সভাখনি সৌষ্ঠৱ বৃদ্ধি কৰে ।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like