নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ষট্ পূজাক লৈ ধুবুৰীত উছাহ : ৩টাকৈ পাৰঘাটত ব্যাপক প্ৰস্তুতি

নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰঃ কাইলৈৰ ষট্ পূজাৰ প্ৰাকমুহূৰ্তত আজিৰ পৰা ধুবুৰী চহৰৰ বিভিন্ন পাৰঘাটত দেখা গ’ল পুণ্যাৰ্থী আৰু প্ৰশাসনৰ ব্যাপক তৎপৰতা। তাৰে মাজতে আজি বিয়লিৰ ফালে ধুবুৰী চহৰৰ কাষেৰে বৈ যোৱা বৰলুইতৰ পাৰৰ পঞ্চুঘাটত ষট্ পূজা উপলক্ষে নিৰ্মাণ কৰি উলিওৱা আটকধুনীয়া তোৰণ এখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে জিলা উপায়ুক্ত দিৱাকৰ নাথে। উক্ত কাৰ্য্যসূচীত উপস্থিত সাংবাদকৰ্মীক জিলা উপায়ুক্তগৰাকীয়ে পুণ্যাৰ্থী আৰু দৰ্শণাৰ্থী সুৰক্ষা প্ৰতি লক্ষ্য ৰাখি এইবেলি মেলা ঘাট, যোগমায়া ঘাট আৰু পঞ্চু ঘাটত –চহৰখনৰ এই তিনিটা পাৰঘাটত পূজা কৰাৰ যাৱতীয় ব্যৱস্থা লোৱা হোৱা বুলিও সদৰী কৰে। তদুপৰি সেই তিনিটা ঘাটত বিএছএফ, এছডিআৰএএফকে ধৰি স্বেচ্ছা সেৱক আৰু প্ৰয়োজনবোধে প্ৰাথমিক চিকিৎসা সেৱা প্ৰদানৰ বাবে ‘‘মেডিকেল টিম’ নিয়োগ কৰাৰো পদক্ষেপ লোৱা হৈছে। উল্লেখ্য যে, আজি উপায়ুক্তৰ তোৰণ উদ্বোধন কাৰ্য্যসূচীত জিলা প্ৰশাসনৰ অইন বিষয়াবৰ্গৰ উপৰিও বিজেপিৰ ধুবুৰী জিলা সভাপতি প্ৰসেনজিৎ দত্ত, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক দীপক কুমাৰ সাহা, ধুবুৰী পৌৰসভাৰ অধ্যক্ষ ডা৹ দেৱময় সান্ন্যল প্ৰমুখ্যে কেইবাগৰাকী মান্যগণ্য ব্যক্তি উপস্থিত আছিল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like