নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘবৰ পথাৰ গাঁৱৰ কদ্দুছ আলী জিলিকিল নীটত

নিয়মীয়া বাৰ্তা,  ৭ জুন : সৰ্বভাৰতীয় মেডিকেল প্ৰৱেশিকা পৰীক্ষাত উজলিল বাঘবৰ পথাৰ গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ কদ্দুছ আলী। সৰ্বমুঠ ৭২০ নম্বৰৰ ভিতৰত ৬৪৭ নম্বৰ প্ৰাপ্তিৰে গাঁওখনলৈ গৌৰৱ কঢ়িয়ালে মেধাৱী কদ্দুছে। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে বৃহত্তৰ বাঘবৰ অঞ্চলৰ পৰা কদ্দুছ আলীয়ে নীটত সফলতা লাভ কৰাত এতিয়া স্বাভাৱিকতে আহ্লাদিত হৈ পৰিছে পৰিয়ালৰ লগতে প্ৰতিৱেশী । মেধাৱী কদ্দুছ আলীৰ পিতৃ মাণিক আলী এগৰাকী দৰিদ্ৰ কৃষক হৈও বহু কষ্ট-ত্যাগ স্বীকাৰ কৰি পুত্ৰ কদ্দুছ আলীক পঢ়ুৱাইছিল। অৱশ্যে কদ্দুছ আলীৰ এই অভূতপূৰ্ব সাফল্যৰ বাবে অঞ্চলবাসীৰ লগতে দল-সংগঠনেও মেধাৱী ছাত্ৰগৰাকীক জনাইছে এতিয়া উষ্ম সম্ভাষণ। কদ্দুছ আলীৰ বাসগৃহত উপস্থিত হয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এটি সঁজাতী দল। দলটো উপস্থিত হৈ মেধাৱী ছাত্ৰ কদ্দুছক ফুলাম গামোচাৰে জনায় সম্বৰ্ধনা। সম্বৰ্ধনা পৰ্বত উপস্থিত থাকে ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক আলামিন হক, ছাত্ৰ মুক্তিৰ বৰপেটা জিলাৰ সহকাৰী সম্পাদক মমীৰ হুছেইন, ৰাইজৰ দলৰ জাতীয় যুৱ বাহিনীৰ জিলা আহ্বায়ক নজমুল হক, মন্দিয়া আঞ্চলিক কলেজৰ প্ৰাক্তন সাধাৰণ সম্পাদক জাবেদুল ইছলাম । ইফালে, একে সময়তে ছাত্ৰগৰাকীৰ বাসগৃহত উপস্থিত হয় বাঘবৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী জাহানাৰা বেগম। প্ৰাক্তন সভানেত্ৰীগৰাকীয়ে কদ্দুছ আলীক এখন অভিধান আৰু ফুলাম গামোচাৰে জনায় অভিনন্দন।

প্ৰেৰক আব্দুল আজিজ আহমেদ

You might also like