নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহেন্দ্র সিং ধোনীৰ অভিলেখ ভংগ হিটমেন ৰোহিত শর্মাৰ

বিশেষ বাৰ্তা, ৭ জুন : টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাই বুধবাৰে আয়াৰলেণ্ডৰ বিপক্ষে খেলা টি–২০ বিশ্বকাপৰ মেচখনত দুটাকৈ অভিলেখ স্থাপন কৰিবলৈ সক্ষম হয়৷ মেচখনত ৫২ ৰান কৰি ৰিটায়ার্ড হার্ট হোৱা ৰোহিত শর্মাই তিনিটাকৈ ছিক্সাৰ কোবাই আন্তঃৰাষ্ট্রীয় ক্রিকেটত ৬০০টা ছিক্সাৰ কোবোৱা বিশ্বৰ প্রথমগৰাকী বেটাৰ হিচাপে অভিলেখ ৰচে৷ এই তালিকাত ৫৫৩টা ছয়েৰে দ্বিতীয় স্থানত আছে ৱেষ্ট ইণ্ডিজৰ প্রাক্তন বিস্ফোৰক অ’পেনাৰ ক্রিছ গেইল৷ ইফালে, মেচখনত ২৬ৰান কৰাৰ লগে লগে টি–২০ ক্রিকেটত চাৰি হাজাৰ ৰান সম্পূর্ণ কৰে টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীয়ে৷ মন কৰিবলগীয়া যে টি–২০ ক্রিকেটত চাৰি হাজাৰ বা ততোধিক ৰান কৰা বিশ্বৰ তৃতীয়গৰাকী বেটাৰৰূপে নজিৰ গঢ়ে হিটমেনে৷ ৰোহিতৰ সতীর্থ বিৰাট কোহলিয়ে ৪০৩৭ ৰান কৰি শীর্ষ স্থানত থকাৰ বিপৰীতে পাকিস্তান দলটোৰ অধিনায়ক বাবৰ আজমে ৪০২৩ ৰান কৰি দ্বিতীয় স্থানটো অধিকাৰ কৰি আছে৷ আনহাতে, টি–২০ ক্রিকেটত এহেজাৰ ৰান সম্পূর্ণ কৰি বিৰাট কোহলি আৰু শ্রীলংকাৰ প্রাক্তন খেলুৱৈ মাহেলা জয়াৱর্ধনেৰ পিছতে স্থান লাভ কৰিছে ৰোহিত শর্মাই৷ আনহাতে, টি–২০ ক্রিকেটত ভাৰতৰ সবাতোকৈ সফল অধিনায়ক মহেন্দ্র সিং ধোনীৰ অভিলেখটো ভংগ কৰে ৰোহিত শর্মাই৷ অধিনায়ক হিচাপে ধোনীয়ে ৭২খন মেচৰ ৪২খনত জয়লাভ কৰাৰ বিপৰীতে ৰোহিত শর্মাই ৫৫খন মেচৰ ৪৩খন মেচত জয়ৰ সোৱাদ লাভ কৰিছে৷ টি–২০ত সবাতোকৈ সফল অধিনায়ক হিচাপে শীর্ষ স্থানত আছে পাকিস্তানৰ বাবৰ আজম৷ বাবৰে ৮১খন মেচত অধিনায়কত্ব কৰি ৪৬খনতে বিজয় সাব্যস্ত কৰিছে৷

You might also like