নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিহুত বিহুৰে বিৰিণা পাত-১১ শীৰ্ষক কুইজ প্ৰতিযোগিতা সম্পন্ন

'নৱৰত্ন' শীৰ্ষক গ্ৰন্থ উন্মোচন, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া শিশু সাহিত্য ৰচনাৰ বাটকটীয়া হৈ ৰ’ব

নিয়মীয়া বাৰ্তা, ২৬ মে’ : শিশুপুথি ৰচনা কৰাতো টান। কাৰণ শিশুৰ মনোজগতত সোমোৱাটো দুৰুহ। শিশুপুথি এখন যেতিয়া ৰচনা কৰা হয় তাত শিশুৰ উপযোগী চিন্তা থাকিব লাগিব। ভাষা হ’ব লাগিব শুৱলা, শিশুৱে ভাল পোৱা। প্ৰকাশ ভংগীও আকৰ্ষণীয় হ’ব লাগে।কালি টিহুত দিছপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দৰ্শন বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী হিমাদ্ৰি কুমাৰী শৰ্মাই এখন পুথি উন্মোচন কৰি দিয়া ভাষণত এইদৰে কয়।

টিহু মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডঃ দীপালী দাস ডেকাৰদ্বাৰা নোবেল বঁটা বিজয়ী ভাৰতীয়সকলৰ জীৱনৰ অধাৰত ৰচিত ‘নৱৰত্ন’ পুথিখন উন্মোচন কৰি দিয়া ভাষণত তেওঁ পুনৰ কয় যে পূৰ্বে শিশুপুথি বুলি কোনো বেলেগ পুথি নাছিল। এই ক্ষেত্ৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া শিশু সাহিত্য ৰচনাৰ বাটকটীয়া হৈ ৰ’ব।

তেওঁ সেই অভাৱ নোহোৱা কৰিলে। তাৰ পাচত বহু অসমীয়া লেখকে শিশু উপযোগী নানা পুথি ৰচনা কৰিছে। টিহু মহাবিদ্যালয়ৰ কালিচৰণ ডেকা প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত অনুষ্ঠানত পুথিখনৰ লেখিকা ডঃ দীপালী দাস ডেকাই পুথিখন লিখাৰ ভিতৰুৱা অনুভৱ ব্যক্ত কৰে।

পুথি উন্মোচন অনুষ্ঠানত অৱসৰপ্রাপ্ত প্রশাসনিক বিষয়া ৰবেন্দ্ৰ কুমাৰ দাস, ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক গীতা দত্ত, দৈনিক অসম কাকতৰ উপ সম্পাদক দীপাংকৰ কৌশিক, অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ সংগঠক বঁটাপ্ৰাপক তথা নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বেজবৰুৱা, লোক নিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা নুৰুল ইছলাম, টিহু সাহিত্য সভাৰ সম্পাদক নিতু শৰ্মা, সমাজসেৱিকা চাইৰাবাণু বেগম, জ্ঞানেন্দ্ৰ কলিতা, চিত্ৰশিল্পী ধ্ৰুপৰাজ কৃষ্ণাত্ৰেয় আদিয়েও ভাগ লয়। উল্লেখ্য যে‌ টিহু কুইজ ফ’ৰামৰ একাদশ বর্ষপূর্তি উপলক্ষে টিহু মহাবিদ্যালয়ৰ কলিচৰণ ডেকা প্ৰেক্ষাগৃহত ‘বিহুৰে বিৰিণা পাত-১১’ শীর্ষক আকর্ষণীয় অনুষ্ঠানৰ লগত সংগতি ৰাখি এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানটো অনুষ্ঠিত হয় ।

কাৰ্যসূচী অনুসৰি কুসুম্বৰ তামুলী সোঁৱৰণী দশম শ্রেণীপর্যন্ত মুকলি বিদ্যালয় কুইজ প্রতিযোগিতা অনুষ্ঠিত হয়। প্রতিযোগিতাখন মুকলি কৰে টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰেশ ভৰলী দেৱে। অনুষ্ঠানটো পৰিচালনা কৰে পল্লৱপ্ৰাণ গোস্বামীয়ে। স্কুল কুইজ প্রতিযোগিতাত প্রথম স্থান লাভ কৰা প্ৰিয়াংশু প্রতিম শৰ্মা আৰু ত্ৰিনাভ কাশ্যপক ট্রফী, ২৫০১ টকাসহ প্রমাণ-পত্র, দ্বিতীয় স্থান লাভ কৰা হিমলিনা বৰুৱা আৰু মঞ্জিষ্ঠা কুমাৰক ট্রফী, ২০০১ টকাসহ প্রমাণ-পত্ৰ আৰু তৃতীয় স্থান লাভ কৰা বিবেক বৰ্মন আৰু সুৰজ আহমেদক ট্ৰফী, ১৫০১ টকাসহ প্রমাণ-পত্র প্রদান কৰা হয়।

তদুপৰি চতুর্থ, পঞ্চম আৰু যষ্ঠ স্থান স্থানপ্রাপক দলক নগদ ধন আৰু প্ৰমাণ পত্র প্রদান কৰা হয়। ইয়াৰ পাছতে ‘অসমৰ ব্যৱসায়- বাণিজ্য, সংস্কৃতি’ বিষয়ক সদৌ অসম ‘ভিত্তিক মুকলি প্রাইজমানি কুইজ প্রতিযোগিতাখন পৰিচালনা কৰে ৰবেন্দ্ৰ কুমাৰ দাস, আৰু দীপাংকৰ কৌশিকে পৰিচালনা কৰা এই কুইজ প্রতিযোগিতাৰ প্ৰথম স্থান স্থানপ্রাপক দিলীপ কুমাৰ শৰ্মা আৰু পংকজ শৰ্মাৰ দলক প্রভাত চন্দ্র ডেকা সোঁৱৰণী চলন্ত টুফী, প্রমাণ পত্রসহ নগদ ৫০০১ টকা, দ্বিতীয় স্থান স্থানপ্রাপক চন্দ্ৰজিৎ দাস আৰু ৰেৱতী মোহন ফুকনৰ দলক ঘনকান্ত পাঠক সোঁৱৰণী বঁটা, প্রমাণ পত্রসহ নগদ ৪০০১ টকা আৰু তৃতীয় স্থান স্থানপ্রাপক দীপক কুমাৰ শৰ্মা আৰু সৌৰভ কুমাৰ তালুকদাৰৰ দলক অধ্যাপক পণ্ডিত উমাকান্ত শৰ্মা সোঁৱৰণী বঁটা, প্রমাণ পত্রসহ নগদ ৩০০১ টকা প্রদান কৰা হয়।

তদুপৰি চতুর্থ, পঞ্চম আৰু যষ্ঠ স্থান স্থানপ্রাপক দলক নগদ ধন আৰু প্ৰমাণ পত্র প্রদান কৰা হয়। টিহু কুইজ ফ’ৰামৰ সভাপতি ড° দিগন্ত ডেকা, সম্পাদক জ্ঞানেন্দ্র কলিতা লগতে ‘বিহুৰে বিৰিণা পাত-১১’ উদ্‌যাপন সমিতিৰ সভাপতি পাৰ্থ প্ৰতিম তালুকদাৰ, সম্পাদক কুলদীপ কলিতাসহ সদস্যবৰ্গৰ নেতৃত্বত সু-ব্যৱস্থাৰে হোৱা এই প্রতিযোগিতা বিয়লি সামৰণিৰ পিছত বঁটাবোৰ বিতৰণ কৰা হয়।

প্ৰেৰক গুণজিৎ কলিতা

You might also like