কলকাতাত ৰবীন্দ্ৰ-নজৰুল জয়ন্তী পালন
অসম বংগৰ সমন্বয়ৰ সেতু নিৰ্মাণ অসম সাহিত্য সভা কলকাতা শাখাৰ
কলকাতাত ৰবীন্দ্ৰ-নজৰুল জয়ন্তী পালন
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ মে ‘ : যোৱা ২৫ মেত “অসম সাহিত্য সভা, কলকাতা শাখাৰ” উদ্যোগত উলহ মালহেৰে বাংলা সাহিত্যৰ দুই মহান কৰি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু বিদ্ৰোহী কবি কাজী নজৰুল ইছলামৰ জন্ম জয়ন্তী উদযাপন কৰা হয়।
সভাৰ আৰম্ভণিতে চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে চিৰচাৰিত নিয়মেৰে ভাষা জননীক প্ৰণাম জনোৱা হয়। দুয়োগৰাকী মহীয়ান শিল্পীৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজ্বলন তথা মাল্যাৰ্পন কৰে কলকাতাস্থিত সকলো অসমীয়াৰ মাতৃস্বৰূপ এ এছ এল ক্লাবৰ অধ্যক্ষা ৰেখা চলিহাই।
সভাত উপস্থিত প্ৰায় সকলো সদস্যই শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ পিছতেই ৰেখা চলিহা বাসুৰ কন্ঠত কবিগুৰুৰ ৰচিত বিখ্যাত কবিতা এটি আবৃত্তিৰে সভাৰ কাৰ্য্যসূচী আৰম্ভ কৰা হয়। অসমৰ প্ৰথম গণিত বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰা তথা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ৯৩ বছৰীয়া এই বিদুষী মহিলাগৰাকীৰ কন্ঠত বিশ্বকবিৰ কবিতাই যেন প্ৰাণ পাই উঠে।
বিশ্ব ভাৰতীৰ প্ৰাক্তন অধ্যাপিকা সুমিতা ভট্টাচাৰ্যই কবিগুৰুৰ ওপৰত আলোকপাত কৰি কয় যে বিশ্বপথৰ পথিক মানব দৰদী ৰবীন্দ্ৰ নাথ ঠাকুৰে শান্তিনিকেতনত প্ৰকৃতিৰ পৰাও যাতে ছাত্ৰ ছাত্ৰী সকলে শিক্ষা আহৰণ কৰিব পাৰে তাৰ বাবে মুকলি আকাশৰ তলত ছাত্ৰ ছাত্ৰীৰ বাবে বিদ্যালয় স্থাপন কৰিছিল কবিজনাই।
সেই বিদ্যালয় এদিন এনেকুৱা এখন বিশ্ববিদ্যালয়লৈ পৰিণত হয় য’ত ভাষা সংস্কৃতিৰ সাধনাৰ বাবে অহৰহ বিশ্বৰ মহান মনীষি সকলৰ আগমন ঘটি থকা দেখা যায়। কাজী নজৰুল ইসলাম সম্পর্কে বিশিষ্ট কবি সৈয়দ হাসমত জালালে আলোকপাত কৰি কয় যে নজৰুল বিদ্রোহী কবি হিচাবে পৰিচিত হলেও তেওঁ আছিল ভক্তিৰ কবি, প্ৰেমৰ কবি আৰু মানৱতাৰ কবি।
ব্রিটিশ সাম্রাজ্যবাদৰ বিৰুদ্ধে তেওঁ যিদৰে বিদ্রোহ কৰিছিলে, ঠিক তেনেদৰে তেওঁ ইছলামী সংগীত আৰু শ্যামাসংগীত অথবা কালী সাধনাৰ সংগীতৰ ৰচনা কৰি তথাকথিত ধৰ্মান্ধতাৰ বিৰোধিতা কৰিছিল। ৰবীন্দ্ৰনাথৰ স্নেহধন্য এই কবিও মানব ধৰ্মৰেই দীক্ষিত আছিল।
ইয়াৰ পিছতেই বংগৰ পৰিচিত শিল্পী “শংকৰদেৱ কনচিয়াচনেছ এচ’চিয়েচন”ৰ সভাপতি পৰিমল দাসৰ ৰবীন্দ্ৰ সংগীতৰ সমাহাৰেৰে ৰবীন্দ্ৰ সংগীত সন্ধিয়া নামি আহে। শাখাৰ সম্পাদিকা মনীষা শৰ্মা বৰঠাকুৰে এটি ৰবীন্দ্ৰ নৃত্য প্ৰদৰ্শন কৰে।
শাখাৰ সদস্য সৈকত পত্ৰনবিছে নজৰুল গীতৰ শৰাই আগবঢ়ায়। সদস্য দিলীপ কৰ্ম্মকাৰ আৰু শংকৰ মজুমদাৰেও একোটিকৈ ৰবীন্দ্ৰ সংগীত পৰিৱেশন কৰে। শিল্পী সঞ্চয়িতা বিস্বাস, নীলাক্ষি কলিতা আৰু মালবিকা বৰুৱাই কবিগুৰুৰ কবিতা আবৃত্তি কৰে।
অনুষ্ঠানটো সুকলমে সঞ্চালনা কৰে শাখাৰ সহকাৰী সম্পাদিকা কস্তুৰী শৰ্মা গোস্বামীয়ে। অনুষ্ঠানত উপস্থিত নেকিব আহমেদে ৰবীন্দ্ৰ নজৰুল জয়ন্তী পালনেৰে “অসম সাহিত্য সভা, কলকাতা শাখা”ই অসম বংগৰ সমন্বয় সাধন কৰা বুলি মন্তব্য কৰে।
উক্ত সভাত অসমৰ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক আৰু প্ৰথিতযশা কণ্ঠশিল্পী অৰ্চনা ভট্টাচাৰ্য্য, লেখিকা ৰঞ্জিতা বিস্বাস প্ৰমুখ্যে আৰু বহুতো বৰেণ্য ব্যক্তি উপস্থিত থাকে।
সভাৰ শেষত সম্পাদিকা মনীষা শৰ্মা বৰঠাকুৰে অসমীয়া আৰু বঙালী সাহিত্যিকক লৈ গঠিত অসম সাহিত্য সভা কলকাতা শাখাই সদায় ভাতৃত্ববোধৰ চানেকিৰে শাখাটো উজ্জীৱীত কৰি ৰাখিবলৈ চেষ্টা কৰি থাকিব বুলি মন্তব্য কৰে।