নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰা সৈনিক স্কুলত ৰেগিং কাণ্ড : ভাইৰেল ভিডিঅ’ত তোলপাৰ ৰাজ্য

বার্তা ব্যুৰ’, ৫ এপ্রিলঃ গোৱালপাৰা সৈনিক স্কুলত সংঘটিত ৰেগিং কাণ্ডই ৰাজ্যৰ বিদ্বৎ মহলক আচৰিত কৰি তুলিছে৷ কিছুদিন পূর্বে ডিব্রুগড আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে আন কেইবাটাও শিক্ষানুষ্ঠানত সংঘটিত অমানৱীয় ৰেগিং কাণ্ড পোহৰলৈ অহাৰ পাছত সমগ্র ৰাজ্যতে তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছিল৷ স্বয়ং মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰেগিঙৰ বিৰুদ্ধে কঠোৰ হোৱাৰ কথা ঘোষণা কৰিছিল৷ ইয়াৰ পাছতো শিক্ষানুষ্ঠানৰ পৰা আঁতৰ নহ’ল ৰেগিং কাণ্ড৷ শেহতীয়াকৈ কঠোৰ অনুশাসন আৰু নিয়মানুৱর্তিতা থকা গুৰুত্বপূর্ণ শিক্ষানুষ্ঠান সৈনিক স্কুলত সংঘটিত জঘন্য ৰেগিং কাণ্ডৰ ভিডি’ ভাইৰেল হোৱাত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ ভিডি’ ভাইৰেল হোৱাৰ পাছতে গোৱালপাৰা সৈনিক স্কুলত যে ৰেগিং কাণ্ড সংঘটিত হয় সেয়া স্পষ্ট হৈ পৰিল৷ ভিডি’টোত শাৰীৰিক ব্যায়ামৰ সময়ত জ্যেষ্ঠই কনিষ্ঠৰ ওপৰত প্রহাৰ কৰা দৃশ্য স্পষ্টভাৱে দেখা গৈছে৷ উল্লেখ্য যে ইয়াৰ পূর্বেও কিছুমান অভিভাৱকে ৰেগিঙৰ অভিযোগ কৰি আহিছিল যদিও তথ্য–প্রমাণৰ অভাৱৰ বাবে সেয়া স্পষ্ট হোৱা নাছিল৷ কিন্তু শিক্ষানুষ্ঠানখনত সংঘটিত ৰেগিং কাণ্ডৰ ভিডিঅ’ শেহতীয়াকৈ ভাইৰেল হোৱাত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, কেইদিনমান পূর্বে এগৰাকী অভিভাৱকে কনিষ্ঠ ছাত্রক জ্যেষ্ঠ ছাত্রই প্রহাৰ কৰা ফটো আৰু ভিডি’সহ অসম আৰক্ষীৰ সঞ্চালকপ্রধানক অভিযোগ দাখিল কৰে৷ সেইমর্মে অসম আৰক্ষীৰ সঞ্চালকপ্রধানে গোৱালপাৰা আৰক্ষী অধীক্ষকক তৎকালীনভাৱে ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিয়ে৷ পাছত গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডীয়ে মৰনৈ থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াক নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত কৰিবলৈ নির্দেশ দিয়ে৷ মৰনৈ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়াই উক্ত ঘটনা সন্দর্ভত দেওবাৰে ২৬/২০২৩ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ৩২৫/৩৪১/৩৪ ধাৰাৰ লগতে জে জে এক্টৰ ২৩নং ধাৰা/এপিআৰ এক্টৰ অধীনত গোচৰ পঞ্জীয়ন কৰি তদন্তৰ ক্ষেত্রত সৈনিক স্কুলৰ অধ্যক্ষৰ সহায়–সহযোগিতাৰ বাবে পত্র প্রেৰণ কৰে৷ ঘটনাৰ তদন্তৰ ক্ষেত্রত মৰনৈ থানাৰ আৰক্ষীয়ে সৈনিক স্কুলৰ অধ্যক্ষগৰাকীক দুবাৰকৈ পত্র প্রেৰণ কৰিছে যদিও অদ্যাপি অধ্যক্ষই এইক্ষেত্রত আৰক্ষীক সহায়–সহযোগ কৰা নাই৷ বৰং ঘটনাটো গাপ দিয়াৰ চেষ্টা চলোৱা দেখা গৈছে৷ কঠোৰ অনুশাসন আৰু নিয়মানুৱর্তিতাৰ লগতে সকলোৱে ভাবি থকা আটাইতকৈ সুৰক্ষিত শিক্ষানুষ্ঠান গোৱালপাৰাৰ মৰনৈস্থিত সৈনিক স্কুলত সংঘটিত চাঞ্চল্যকৰ ৰেগিং কাণ্ডই সকলোকে হতভম্ভ কৰি তুলিছে৷ নিজৰ সন্তানক নামভর্তি কৰাই কেৱল গৌৰৱবোধ কৰাই নহয় আটাইতকৈ সুৰক্ষিত বুলি ইমানদিনে অনুভৱ কৰি আহিছিল অভিভাৱকসকলে৷ সেই শিক্ষানুষ্ঠানখনতে জঘন্য ৰেগিং কাণ্ড সংঘটিত হোৱাত চাৰিওফালে তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ শংকিত হৈ পৰিছে কনিষ্ঠ শিক্ষার্থীৰ অভিভাৱকসকল৷ ইফালে, ৰেগিঙৰ ভিডি’ ভাইৰেল হোৱাৰ পাছতে আৰক্ষীয়ে তদন্ত অধিক তীব্রতৰ কৰি তুলিছে৷ অতিশীঘ্রেই ৰেগিং কাণ্ডৰ লগত জডিত কেইবাগৰাকী জ্যেষ্ঠ ছাত্র গ্রেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে৷

You might also like