নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীক সেৱা জনাই শাসক পক্ষলৈ ৰহাৰ বিধায়ক

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ বিৰোধীৰ কোন কোন বিধায়ক বিজেপিলৈ আহিব, সেই সম্পর্কত বিধানসভাৰ শীতকালীন অধিৱেশনতে আভাস পাব বুলি দুদিন পূর্বে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কৰা মন্তব্য সত্য প্রতিপন্ন হ’ল৷ কালিৰে পৰা পাঁচদিনীয়া কার্যসূচীৰে আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন৷ কালি শীতকালীন অধিৱেশনৰ প্রথম দিনটোতে ৰহা সমষ্টিৰ কংগ্রেছ বিধায়ক শশীকান্ত দাসে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক সাক্ষাৎ কৰি সমষ্টি উন্নয়নৰ স্বার্থত শাসকপক্ষৰ লগত থকাৰ সিদ্ধান্ত গ্রহণ কৰে৷ সদনৰ কার্যসূচী চলি থকাৰ মাজতেই বিধায়ক দাসে বিধানসভা চৌহদত থকা মুখ্যমন্ত্রীৰ কার্যালয়ত উপস্থিত হৈ ড০ শর্মাৰ চৰণ চুই আশীর্বাদ লয়৷ মুখ্যমন্ত্রী ড০ শর্মাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই বিধায়ক দাসক গামোচা পিন্ধাই আদৰণি জনায়৷ এই সন্দর্ভত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে  পুৱাৰ ভাগত বিধায়ক দাস তেওঁৰ বাসভৱনলৈ আহি সমষ্টিৰ উন্নয়নৰ স্বার্থত চৰকাৰৰ লগত থকাৰ আগ্রহ ব্যক্ত কৰে৷ এতিয়াৰে পৰা বিধায়ক দাস চৰকাৰৰ লগত থাকিব৷ সদনৰ মজিয়াত তেওঁ কংগ্রেছৰ আসনত বহিব যদিও লবীত বিজেপিৰ লগত থাকিব৷

দাসৰ উপৰি বিৰোধীৰ আৰু বহু বিধায়কে শাসকপক্ষৰ লগত থকাৰ আগ্রহ ব্যক্ত কৰাৰ বিষয়ে জানিবলৈ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিধানসভাত শাসকপক্ষৰ লবীটো সৰু বাবেই এই মুহূর্তত সকলোকে অনাটো সম্ভৱ হৈ উঠা নাই৷ সকলোকে বহাৰ ব্যৱস্থা কৰিব লাগিলে ডাঙৰ লবী লাগিব৷ বর্তমানৰ ৰাজ্য চৰকাৰখনে মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাইৰ জৰিয়তে ২৪ লাখ মহিলাক উপকৃত কৰা, এক লাখ নিবনুৱাক নিযুক্তিৰ ব্যৱস্থা কৰাকে ধৰি কৰি অহা কাম–কাজৰ বাবেই সকলোৱে চৰকাৰৰ লগত থাকিব বিচাৰে৷ বিকাশ যদি হৈ থাকে, সকলো আহিবই৷ এই প্রসংগতে তেওঁ কয় যে লামডিঙত উচ্ছেদ অভিযান চলোৱা স্থানত এতিয়া হাতী ঘূৰি ফুৰিবলৈ আৰম্ভ কৰিছে৷ অর্থাৎ হাতীয়ে চলা–ফিৰা কৰা স্থান এতিয়া পাই গ’ল৷ অহা ছমাহত লামডিঙত হাতী–মানুহৰ সংঘাত নোহোৱা হ’ব৷ সেইদৰে কার্বি আংলঙৰ যি স্থানৰ পৰা ড্রাগ্ছৰ বৃহৎ ব্যৱসায় চলে, তাতো   উচ্ছেদ অভিযান চলিছে৷

মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে কিছুমান সমষ্টিত উপ–নির্বাচন হ’ব আৰু কিছুমান সমষ্টিত উপ–নির্বাচন নহয়, কিন্তু বহু বিধায়ক চৰকাৰৰ লগত থাকিব৷ ইপিনে, বিধায়ক শশীকান্ত দাসে সংবাদ মাধ্যমৰ আগত কয় যে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে জাতি–জনগোষ্ঠীসমূহ একত্রিত কৰি জাতিটো শক্তিশালী কৰিছিল৷ বৰ অসমৰ সু–সন্তান বীৰ লাচিতৰ অসমত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত প্রতিটো জাতি–জনগোষ্ঠীৰ মাজত একতা, উন্নয়ন ত্বৰান্বিত হৈছে৷ প্রতিশ্রুতি পালন কৰাত মুখ্যমন্ত্রী ড০ শর্মা পার্গত নেতা৷ জলসম্পদ বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকাৰ সৈতে আজি পুৱাৰ ভাগত তেওঁ মুখ্যমন্ত্রী ড০ শর্মাক সাক্ষাৎ কৰি সমষ্টিটোৰ বান–গৰাখহনীয়া আদি সমস্যা সমাধানৰ বাবে অনুৰোধ জনায়৷ মুখ্যমন্ত্রী ড০ শর্মাই সেই দায়িত্ব গ্রহণ কৰে৷ সেয়ে তেওঁ চৰকাৰৰ লগত থাকি উন্নয়নমূলক কাম–কাজ যোগাত্মক চিন্তাধাৰাৰে কৰাৰ সিদ্ধান্ত লয়৷

অৱশ্যে চৰকাৰৰ লগত থাকিলেও বর্তমান তেওঁ কংগ্রেছ দলতেই আছে আৰু চৰকাৰৰ লগত থকাৰ বিষয়ে দলৰ কাকো জনোৱা নাই বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে৷ এই প্রসংগতে তেওঁ আৰু কয় যে সদনৰ মজিয়াত তেওঁ কংগ্রেছৰ লগত থাকিলেও সভা স্থগিত প্রস্তাৱ, সদন ত্যাগ আদিৰ ক্ষেত্রত যুক্তিযুক্ততা চাইহে তেওঁ সিদ্ধান্ত গ্রহণ কৰিব বুলি প্রকাশ কৰে৷ ইপিনে, জলসম্পদ বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকাই সংবাদ মাধ্যমৰ আগত কয় যে সম্প্রতি কংগ্রেছ দলত বহু বিধায়ক শ্বাসৰুদ্ধকৰ পৰিৱেশত আছে৷ অসম আৰু অসমীয়াবিৰোধী স্থিতিৰ বাবেই বহুতেই তেনে পৰিৱেশত থাকিবলগীয়া হৈছে৷ তাৰ বাবেই তেওঁলোকে বিজেপিলৈ অহাত আগ্রহ ব্যক্ত কৰি আহিছে৷

You might also like