নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পানামা পেপার্ছ কেলেংকাৰি গোচৰঃ বলীউডৰ অভিনেত্রী ঐশ্বর্য ৰায় বচ্চনক ইডিৰ জেৰা

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ বিশ্বজুৰি ব্যাপক চর্চিত পানামা পেপার্ছ কেলেংকাৰি গোচৰত আজি এনফ’চমেণ্ট ডিৰেক্টৰেট (ইডি)ৰ সন্মুখত হাজিৰ হৈছে বলীউড অভিনেত্রী ঐশ্বর্য ৰায় বচ্চন৷ নতুন দিল্লীৰ ইণ্ডিয়া গেটস্থিত ইডিৰ কার্যালয়ত আজি দিনৰ ২.২০ বজাত প্রাক্তন বিশ্ব সুন্দৰী তথা অভিনেত্রী ঐশ্বর্য ৰায় বচ্চন হাজিৰ হয়৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ৱাশ্বিংটনস্থিত ইণ্টাৰনেচনেল কনছৰটিয়াম অৱ ইনভেষ্টিগেটিভ জার্নেলিষ্ট, চমুকৈ আই চি আই জে ফাদিল কৰা পানামাৰ আইনী কোম্পানী মোছাক ফ’নচেকাৰ দ্বাৰা পৰিচালিত বিশ্বৰ বিভিন্ন দেশৰ নেতা আৰু চেলিব্রিটীয়ে ধন জমা কৰি ৰখাৰ তথ্য পানামা পেপার্ছ কেলেংকাৰি হিচাপে ২০১৬ চনৰ প্রচাৰ কৰাত এই পেপার্ছত ভাৰতৰ বলীউডৰ মহানায়ক অমিতাভ বচ্চন, বোৱাৰী তথা অভিনেত্রী ঐশ্বর্য ৰায় বচ্চনকে ধৰি কেইবাগৰাকীৰ নাম সাঙোৰ খাইছে৷

তীব্র বিতর্কিত এই পানামা কেলেংকাৰিৰ গোচৰত ইডিয়ে অভিনেত্রী ঐশ্বর্য ৰায় বচ্চনক যোৱা ৯ নৱেম্বৰত চমন জাৰি কৰিছিল৷ বিদেশী মুদ্রা ব্যৱস্থাপনা আইন (ফেমা)ৰ অধীনত ঐশ্বর্য ৰায়লৈ চমন জাৰি কৰিছিল যদিও এই চমনৰ সময়ত অনুসন্ধানত সহযোগ কৰা নাছিল অভিনেত্রীগৰাকীয়ে৷ পৰৱর্তী সময়ত নতুন দিল্লীস্থিত ইডিৰ কার্যালয়ে অভিনেত্রীগৰাকীৰ মুম্বাইস্থিত বাসগৃহ প্রতীক্ষালৈ চমন জাৰি কৰি ১৫ দিনৰ ভিতৰত ই–মেইলযোগে উত্তৰ দিবলৈ নির্দেশ দিয়ে৷ ই–মেইলত ইডিয়ে ২০ ডিচেম্বৰত অভিনেত্রীগৰাকীক কার্যালয়ত হাজিৰ হ’বলৈ নির্দেশ দিয়াৰ পাছত অৱশেষত আজি অভিনেত্রীগৰাকীয়ে নতুন দিল্লীৰ কার্যালয়ত হাজিৰ হয়৷ উল্লেখ্য যে অভিনেত্রী ঐশ্বর্য ৰায় বচ্চন ইডিৰ কার্যালয়ত আজি হাজিৰ হোৱাৰ কেইমাহমান পূর্বে পানামা পেপার্ছ কেলেংকাৰিত সাঙোৰ খোৱা বিগ বি অমিতাভ বচ্চনে ইডিৰ কার্যালয়ত হাজিৰ হৈ বিভিন্ন তথ্য জমা দিয়াৰ লগতে ইডিৰ সোধা–পোছাৰ সন্মুখীন হৈ স্বীকাৰোক্তি দিয়ে৷ বিগ বিয়ে দিয়া স্বীকাৰোক্তি ইডিয়ে লিপিবব্ধ কৰে৷ আজি বিগ বিৰ বোৱাৰী তথা অভিনেত্রী ঐশ্বর্য ৰায় ইডিৰ কার্যালয়ত হাজিৰ হৈ সোধা–পোছাৰ সন্মুখীন হয়৷ এই সোধা–পোছাৰ সময়ত ইডিৰ প্রশ্ণৰ উত্তৰসমূহ স্বীকাৰোক্তি হিচাপত লিপিবদ্ধ কৰা হয়৷ ইডিয়ে প্রকাশ কৰা মতে, ফেমাৰ ব্যৱস্থাৰ অধীনত ৪৮ বছৰীয়া অভিনেত্রীগৰাকীৰ স্বীকাৰোক্তি লিপিবব্ধ কৰা হৈছে৷

তথ্য মতে, সোধা–পোছাৰ সময়ত অভিনেত্রীগৰাকীয়ে কিছুমান নথি–পত্র জমা দিয়ে৷ বলীউডৰ ১ নম্বৰ পৰিয়াল হিচাপে চিহ্ণিত বচ্চন পৰিয়ালৰ দুগৰাকী সদস্য পানামা পেপার্ছত সাঙোৰ খাই পৰাত ২০১৬ চনৰ পৰাই এই পৰিয়ালটোৰ সদস্য দুজনৰ বিৰুদ্ধে তদন্ত চলাই আছে ইডিয়ে৷ ইডিৰ তথ্য মতে, বচ্চন পৰিয়ালৰ লেনদেনত কিছু অনিয়ম ধৰা পৰাৰ পৰিপ্রেক্ষিতত সূক্ষ্ম নিৰীক্ষণ চলাই থকা হৈছে৷ ৱাশ্বিংটনস্থিত আই চি আই জেৰ তথ্য মতে, ঐশ্বর্য ৰায় বচ্চন আৰু অমিতাভ বচ্চনে পানামাৰ আইনী কোম্পানীটোৰ জৰিয়তে ২০০৫ চনত ৫০ হাজাৰ মার্কিন ডলাৰ বিনিয়োগ কৰিছিল৷ কিন্তু ২০০৮ চনত যিটো কোম্পানীৰ নামেৰে বচ্চন পৰিয়ালে বিনিয়োগ কৰিছিল, সেই কোম্পানীটো ভংগ কৰি দিয়াৰ তথ্যও আছে৷ তাৎপর্যপূর্ণ যে এই পানামা কেলেংকাৰি গোচৰত অভিষেক বচ্চনৰ লেনদেনতো ইডিয়ে পৰীক্ষণ চলাইছে৷

You might also like