নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমলৈ আহি সময় নষ্ট কৰিলে ৰাহুল গান্ধীয়েঃ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা ১৪ ফেব্ৰুৱাৰীঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধী শিৱসাগৰ বৰ্ডিং থেলপথাৰলৈ আহিছে। কেইদনমান পূৰ্বে মই তাত মিটিং কৰি আহিছো। তাত খুব বেছি ১৫ হাজাৰ মানুহ ধৰে। সেইখিনি তেওঁ ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তেই কৰিব পাৰিলেহেতেন। তেতিয়া কংগ্ৰেছ দলৰ টকা অলপো ৰাহি হ’লহেতেন।”– আজি মহানগৰীত অত্যাধুনীক ৩খন ফুট অভাৰব্ৰীজ মুকলি অনুষ্ঠানত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক কটাক্ষ কৰি এই মন্তব্য কৰে বিত্ত, স্বাস্থ্য, লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ইপিনে পুনৰ কংগ্ৰেছ নেতাগৰাকীক কটাক্ষ কৰি মন্ত্ৰী ড০ শৰ্মাই কয় যে ১৫ হাজাৰ মানুহক লগ কৰিবলৈ অহা মানে এখন স্পেচিয়েল ফ্লাইট, আকৌ যোৰহাটৰ পৰা হেলিকপ্টাৰ, মিটিং শেষ কৰি পুনৰ হেলিকপ্টাৰেৰে যোৰহাট আৰু যোৰহাটৰ পৰা দিল্লী- এই গোটেই অহা-যোৱা যাত্ৰাটোত তেওঁলোকৰ খৰছ হব প্ৰায় ৩৫ লাখ টকা।

ইফালে মাত্ৰ ১৫ হাজাৰ মানুহক লগ কৰাতকৈ ৰাহুল গান্ধীয়ে আজিৰ দিনটো কামাখ্যা মন্দিৰ দৰ্শন কৰি বটদ্ৰৱা মন্দিৰত চাকি জ্বলাই তেওঁ যদি ঘূৰি গল হেতেন তেনেহলে ১৫ হাজাৰতকৈ অধিক মানুহক লগ পালে হেতেন বুলিও মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।

আনহাতে অসমীয়া মানুহৰ পৰা পৰামৰ্শ নলৈ আৰবী জনা লোকৰ পৰা পৰামৰ্শ লৈ থকা বাবেই আজিৰ দিনটো ৰাহুল গান্ধীৰ অথলে গল বুলি মন্তব্য কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

You might also like