নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰী : কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰে এক বিশাল ৰেলীৰে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী আজি দিনৰ প্ৰায় তিনি বজাত তীৰ্থনগৰী হাজোৰ মাজেৰে ৰাওনা হয়। কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ আগমনৰ সময়ত তীৰ্থনগৰী হাজোৰ ব্যৱসায়িক কেন্দ্ৰস্থল পাখামেলা চ’কবজাৰত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক তথা তিনিচুকীয়া জিলাৰ প্ৰভাৰী যুৱ নেতা ৰাতুল শৰ্মাৰ নেতৃত্বত আৰু বিজেপি নেতা জীতেন্দ্ৰ পাটোৱাৰী, নৱজ্যোতি দাস,ভূপেন দাসকে ধৰি কেইবা গৰাকীও নেতাৰ উপস্থিতিত বিজেপি আৰু বিশ্ব হিন্দু পৰিষদৰ প্ৰায় দুই সহস্ৰাধিক পুৰুষ-মহিলা নেতা-কৰ্মীয়ে হাতে হাতে জয় শ্ৰীৰাম সম্বলিত পতাকা লৈ হাজো-গুৱাহাটী পথত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ ৰেলি পাখামেলা চ’ক-বজাৰ পোৱা মাত্ৰকে বিজেপি আৰু বিশ্ব হিন্দু পৰিষদৰ নেতা-কৰ্মী সকলে ৰাহুল গান্ধী মুৰ্দাবাদ, জয় শ্ৰীৰাম ধবনিৰে ৰাজপথৰ পৰিবেশ উত্তাল কৰি তোলে।অৱশ্যে পথৰ দুয়োকাষে ৰৈ থকা সৰ্বসাধাৰণ ৰাইজক কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে হাত জোকাৰি অভিবাদন দিয়ে।ইফালে হাজোৰ নতুন বজাৰত পূৰ্বৰে পৰা ৰৈ থকা হাজোৰ কংগ্ৰেছ নেতা-কৰ্মী,সমৰ্থক সকলে যুৱৰাজ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত সমভাগী হৈ উল্লাস প্ৰদান কৰে। ইয়াৰ পূৰ্বে হাজোৰ পাকৰকোনাত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে এক সংবাদমেল সম্বোধন কৰি কয়, কংগ্ৰেছৰ এই ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ছোৱাত বিজেপি দলে ভিন্ন স্থানত বাধা আৰোপ কৰি আহিছে যদিও ই কেতিয়াও গণতন্ত্ৰৰ পৰিপন্থী নহয়। আৰ এছ এছ অথবা মোদীক নহয়, ইণ্ডিয়া এলায়েঞ্চক দেশৰ জনসাধাৰণে আদৰি লৈছে আৰু ন্যায় যাত্ৰাৰ সৰ্বসাধাৰণ ৰাইজে সমৰ্থন জনাইছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কৰা আক্ৰমণৰ ঘটনা অতি নিন্দনীয়।
প্ৰেৰক শ্বাহজাহান ইছলাম