নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বড়ো-কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক মৰ্যাদাৰ দাবী ইউবিপিঅ’ৰ

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰী : সংযুক্ত বড়ো গণ মঞ্চ চমুকৈ UBPOৰ গোৱালপাৰা জিলা সমিতিয়ে আজি এক সংবাদ মেলৰ আয়োজন কৰে৷ সংযুক্ত বড়ো গণ মঞ্চ (UBPO)ই অনুষ্ঠিত কৰা সংবাদ মেলত বড়ো জনগোষ্ঠীৰ সামগ্ৰিক উন্নয়নৰ বাবে চৰকাৰৰ ওচৰত কেইবাটাও দাবী উত্থাপন কৰে৷ বিটিআৰৰ বাহিৰত বসবাস কৰা ২১খন জিলাৰ দহ লক্ষাধিক বড়ো জনগোষ্ঠীৰ লোকৰ সাংস্কৃতিক, ৰাজনৈতিক, অৰ্থনৈতিক অধিকাৰ প্ৰদানৰ উদ্দেশ্যে গঠন হৈছিল বড়ো-কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদখন৷ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ জৰিয়তে গোৱালপাৰা আৰু দক্ষিণ কামৰূপত বসবাস কৰো বড়ো জনগোষ্ঠীৰ লোকসকলৰ প্ৰকৃত উন্নয়ন নোহোৱাৰ অভিযোগ তোলে সংযুক্ত বড়ো গণ মঞ্চৰ গোৱালপাৰা জিলা সমিতিয়ে৷ সংযুক্ত বড়ো গণ মঞ্চৰ জিলা সমিতিখনে প্ৰথমে কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি কেইবাটাও দাবীসম্বলিত গৃহীত প্ৰস্তাৱৰ ভিত্তিত সংবাদমেল অনুষ্ঠিত কৰে৷ আজি ৰংজুলিত আয়োজিত সংবাদ মেলত সংযুক্ত বড়ো গণ মঞ্চৰ গোৱালপাৰা জিলা সমিতিৰ সভাপতি যজ্ঞেশ্বৰ বসুমতাৰীয়ে বৰ্তমানৰ বড়ো-কছাৰী কল্যান স্বায়ত্তশাসিত পৰিষদখনক জনসংখ্যাৰ ভিত্তিত অধিক পুঁজি আগবঢ়াবলৈ দাবী জনায়৷ লগতে কাৰ্বি আংলং, শোণিতপুৰ আৰু বিশ্বনাথ জিলাত বসবাস কৰা বড়ো জনগোষ্ঠীৰ লোকসলৰ সামগ্ৰিক উন্নয়নৰ বাবেও চৰকাৰৰ ওচৰত নতুনকৈ উন্নয়ন পৰিষদ গঠনৰ দাবী তোলে সংগঠনটোৱে৷ লগতে শীঘ্ৰে সীমা নিৰ্ধাৰণ কৰি বড়ো- কছাৰী কল্যান স্বায়ত্তশাসিত পৰিষদখনক সাংবিধানিক অধিকাৰ প্ৰদান কৰিবলৈ অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে সংগঠনটোৱে৷ সংবাদ মেলত সংযুক্ত বড়ো গণ মঞ্চৰ জিলা সম্পাদক তপন বসুমতাৰীয়ে ৰাভা হাছঙত বসবাস কৰা গোৱালপাৰা আৰু দক্ষিণ কামৰূপৰ বড়ো জনগোষ্ঠীৰ লোকসকলে সম-উন্নয়নৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলি ৰাজনৈতিক অধিকাৰকে ধৰি জনসংখ্যাৰ ভিত্তিত বড়ো জনজাতিৰ লোকসকলে বসবাস কৰা গাৱঁত প্ৰকৃত উন্নয়ন তৰান্বিত কৰিবলৈ দাবী উত্থাপন কৰে৷ লগতে ৰাভা হাছং অঞ্চলত বসবাস কৰা বড়ো জনজাতীয় লোক সকলৰ সাংবিধানিক অধিকাৰ সুনিশ্চিত কৰিবলৈও সংবাদমেলত দাবী উত্থাপন কৰে সম্পাদকগৰাকীয়ে৷ সম্পাদকগৰাকীয়ে কয় যে, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখনক ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্তৰ দাবীৰ আমি বিৰোধী নহয়৷ ৰাভাসকলক সাংবিধানিক অধিকাৰ প্ৰদানৰ সমান্তৰালভাৱে গোৱালপাৰা আৰু দক্ষিণ কামৰূপ জিলাত বসবাস কৰা বড়ো জনজাতীয় লোক সকলকো সাংস্কৃতিক, ৰাজনৈতিক আৰু আৰ্থ-সামাজিক দিশত আগবাঢ়ি যাবলৈ সাংবিধানিক অধিকাৰ প্ৰদানৰ দাবী উত্থাপন কৰে সংগঠনটোৱে৷ সংবাদ মেলত সংগঠনটোৰ জিলা সমিতিৰ কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে ৷

প্ৰেৰক বেনজিন বড়ো

You might also like