নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত ৰাহুল গান্ধীৰ পুত্তলিকা দাহ

🔹 অ’বিচি সমাজ-প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য

বিশেষ বাৰ্তা, ১০ ফেব্ৰুৱাৰী : নগাঁও চহৰৰ শ্বহীদ ভৱনৰ সন্মুখত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ পুত্তলিকা দাহ কৰি বিজেপিৰ নগাঁও জিলা অ’ বি চি মৰ্চাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।বিজেপিৰ অ’ বি চি মৰ্চাৰ নগাঁও জিলা সমিতিৰ কাৰ্যকৰ্তাসকলে ৰাহুল গান্ধীৰ পুত্তলিকা দাহ কৰাৰ লগতে ৰাহুল গান্ধী আৰু কংগ্ৰেছবিৰোধী শ্ল’গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ৰাহুল গান্ধী মুৰ্দাবাদ, ৰাহুল গান্ধী হায় হায়, কংগ্ৰেছ হায় হায় আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অ’ বি চি সমাজ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰিছিল। ইয়াৰ বিৰুদ্ধে আজি নগাঁৱত গৰজি উঠে বিজেপি অ’ বি চি মৰ্চাৰ লগতে যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকল। কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপি যুৱ মৰ্চাৰ নগাঁও জিলা সমিতিৰ সভাপতি সুন্দৰ শৰ্মাই কয় যে ৰাহুল গান্ধীয়ে মানসিক ভাৰসাম্য হেৰুৱাইছে। যাৰ বাবে তেওঁ আবোল-তাবোল বকিবলৈ লৈছে। ভৱিষ্যতে এনেধৰণৰ মন্তব্য নকৰিবলৈ ৰাহুল গান্ধীক সকীয়াই দিয়ে শৰ্মাই। অ’ বি চি মৰ্চাৰ নগাঁও জিলা সমিতিৰ সভাপতি মৃদুল বৰাই কয় যে ৰাহুল গান্ধীৰ ভৰিৰ তলৰ মাটি নাই। তেওঁৰ কোনো ৰাজনৈতিক ভৱিষ্যত নাই। তেওঁক মানসিক চিকিৎসাৰ প্ৰয়োজন আছে। বৰাই ৰাহুল গান্ধীক ক্ষমা খোজাৰ দাবী জনাই কয় যে যদি ৰাহুল গান্ধীয়ে ক্ষমা নোখোজে, তেন্তে কংগ্ৰেছ দল আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন অব্যাহত থাকিব।

প্ৰেৰক কনক হাজৰিকা

You might also like