নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাইজৰ দল আৰু জাতীয় পৰিষদৰ মিত্ৰতা চূড়ান্তঃ অখিল গগৈক সাক্ষাৎ কৰি ক’লে লুৰিণজ্যোতিয়ে

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতা আজি সম্পন্ন হ’ল।

এজেপিৰ সম্পাদক আৰু সভাপতি ক্ৰমে জগদীশ ভূঞা আৰু লুৰিণজ্যোতি গগৈয়ে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সাক্ষাৎ কৰে কৃষক নেতা তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক।

এই বৈঠকতে দুয়োটা আঞ্চলিক দলৰ মিত্ৰতা চূড়ান্ত হয়। অখিল গগৈক সাক্ষাৎ কৰি ওলাই অহাৰ পিছত লুৰিণজ্যোতি গগৈয়ে সাংবাদিকৰ আগত কয়- ‘আমি প্ৰথমৰে পৰা কৈ আহিছিলো যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে ঐক্যবদ্ধ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ম। আৰু আজি অসমৰ ৰাইজক ক’ব খুজিছোঁ যে মিত্ৰতাৰ সিদ্ধান্ত চূড়ান্ত হৈছে।’

লুৰিণজ্যোতি গগৈয়ে এই মিত্ৰতা সন্দৰ্ভত আনুষ্ঠানিকভাৱে খুব সোনকালে জনাব বুলি উল্লেখ কৰে।

You might also like