নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোন হ’ব মহাজোঁটৰ অংশীদাৰ? কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা সন্দৰ্ভত ক’লে ৰাইজৰ দলে

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা মহাজোঁট নহয় বুলি মন্তব্য ৰাইজৰ দলৰ। আজি ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই সাংবাদিকৰ আগত কয় যে আঞ্চলিকতাবাদী শক্তি লগ হৈ যি শক্তি গঠন হ’ব, সেয়াহে প্ৰকৃত মহাজোঁট।

শইকীয়াৰ মতে, বিজেপি আৰু এআইইউডিএফ এটা আনটোৰ পৰিপূৰক শক্তি। এআইইউডিএফক লগত লৈ বিজেপিৰ বিৰুদ্ধে যুঁজাটো এটা ভুল ধাৰণা আৰু অলীক কল্পনা। কোনো সাম্প্ৰদায়িক শক্তিৰ লগত ৰাইজৰ দল নাই বুলি ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে স্পষ্ট কৰি দিয়ে।

আনহাতে কংগ্ৰেছে এআইইউডিএফৰ লগত হাত নিমিলালে দলটোৰ সৈতে জোঁট গঠনৰ বিষয়টো চিন্তা কৰাৰ অৱকাশ আছিল যদিও সেয়া বৰ্তমান কোনোপধ্যে সম্ভৱ নহয় বুলি শইকীয়াই জানিবলৈ দিয়ে।

উল্লেখ্য যে ৰাইজৰ দলক বিজেপিৰ বি টীম বুলি আখ্যা দিয়া কংগ্ৰেছ নেতা প্ৰদ্যুত বৰদলৈ সন্দৰ্ভতো শইকীয়াই কয় যে প্ৰদ্যুত বৰদলৈ বদৰুদ্দিন আজমলৰ হাতত নগাঁৱৰ সাংসদ হোৱাৰ সময়তে বিক্ৰী গৈছিল।

You might also like