নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লামডিঙত উৎকোচ লওঁতেই ভিজিলেঞ্চৰ জালত ৰেলৱে বিষয়া পৱিত্ৰ কোঁৱৰ

নিয়মীয়াবাৰ্তা, ১৬ জুন : লামডিং ৰেলৱে মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্যালয়ত হঠাৎ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। প্ৰবিত্ৰই অপবিত্ৰ কৰিলে ৰেলৱে মাণ্ডলিক প্ৰৱন্ধকৰ চৌহদ৷ উৎকোচ লোৱাৰ সময়তে হাতে লোটে আটক পৱিত্ৰ কোঁৱৰ৷ লামডিং ৰেলৱে মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্যালয়ৰ কাৰ্মিক বিভাগৰ মেকানিকেল কেডাৰৰ মুখ্য অধীক্ষক হিচাপে কৰ্মৰত  কোঁৱৰ৷ চাকৰিৰ পৰা অৱসৰ লবলৈ মাত্ৰ ১৫ টা দিনহে বাকী আছিল কোঁৱৰৰ ৷ কিন্তু কেন্দ্ৰীয় চাকৰিৰ দৰমহাৰ টকাৰে পেট নভৰা এইজন কোঁৱৰ বিৰুদ্ধে পূৰ্ৱৰ পৰাই লাখ লাখ টকাৰ উৎকোচ লোৱাৰ অভিযোগ আছিল৷ জানিব পৰা মতে কাৰ্যালয়ৰ শৌচালয়ত ধনৰ লেন দেন কৰাৰ সময়তে আজি দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে অভিযুক্ত প্ৰৱিত্ৰ কোঁৱৰ৷ ৰেলৱে দুৰ্নীতি নিবাৰক শাখাৰ ওচৰত কোঁৱৰৰ বিৰুদ্ধে অভিযোগ কৰিছিল কোনো লোকে৷ এই অভিযোগ মৰ্মে আজি কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাই গোপন সূত্ৰে অভিযান চলাই হাতেলোটে আটক কৰে কোঁৱৰক৷ আনফালে অভিযুক্ত কোঁৱৰে দুৰ্নীতি নিবাৰক শাখাৰ এই অভিযোগক মিছা বুলি মন্তব্য কৰে৷ তেওঁ কয় যে তেওঁক পৰিকল্পিত ভাৱে চক্ৰান্ত কৰিছে বিভাগে ৷ সম্পূৰ্ন ঘটনাৰ সন্দৰ্ভত দুৰ্নীতি নিবাৰক শাখাৰ নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷ আনফালে ভিজিলেঞ্চৰ তদন্তৰ ফলাফল অহাৰ পিছতেই কোঁৱৰক ৰেলবিভাগে চাকৰিৰ পৰাও নিলম্বন কৰাৰ লগতে বিহীত ব্যৱস্থা গ্ৰহন কৰিব বুলিও জানিবলৈ দিয়ে লামডিং মাণ্ডলিক জ্যেষ্ঠ বাণিজ্যিক প্ৰৱন্ধক কপিঞ্জল কিশোৰ শৰ্মাই ৷

 

প্ৰেৰক বিণ্টু ৰঞ্জন কেওট

You might also like