নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সঘন বৈঠক-সংগঠন শক্তিশালীকৰণ : ৰাজস্থান দখলৰ বাবে উদগ্ৰীৱ কংগ্ৰেছ

বিশেষ বাৰ্তা, ২৯ জুন : বৰ্তমান কংগ্ৰেছৰ ক্ষমতাত থকা ছত্তিশগড় আৰু ৰাজস্থানৰ দৰে বৃহৎ ৰাজ্যকে ধৰি চলিত বৰ্ষৰ শেষত পাঁচখন ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। নেতাসকলৰ মাজত পাৰস্পৰিক সমন্বয় আৰু সংগঠনক শক্তিশালী কৰাৰ দিশত কংগ্ৰেছ হাইকমাণ্ডে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰে। ছত্তিশগড়ৰ প্ৰবীণ কংগ্ৰেছী তথা মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ প্ৰতিদ্বন্দ্বী বুলি বিবেচিত মন্ত্ৰী টি এছ সিং দেওক ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। এই সিদ্ধান্ত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক বৈঠকত গ্ৰহণ কৰে, য’ত ৰাহুল গান্ধীও উপস্থিত থাকে। ছত্তিশগড়ৰ পিছত এতিয়া ৰাজস্থানৰ পাল। সংবাদ সংস্থা এএনআইৰ তথ্য অনুসৰি ৩ জুলাইত দলটোৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে ৰাজস্থান কংগ্ৰেছৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হ’ব। ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু দলৰ নেতা শচীন পাইলটৰ মাজত সকলো ঠিকেই আছে, কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে যোৱা কেইদিনমানৰ পৰা কেইবাবাৰো সংবাদ মাধ্যমত বক্তব্য দিছে যদিও বিশ্বাস কৰা হৈছে যে ৩ জুলাইৰ বৈঠকত দুয়োজন নেতাৰ (অশোক গেহলট আৰু শচীন পাইলট) কথিত মতানৈক্য সমাধান কৰাও হ’ব পাৰে। শচীন পাইলটেও নতুন দায়িত্ব পাব নেকি, সেয়াও নিশ্চিত হোৱা নাই। অহা ৩ জুলাইত ৰাজস্থান কংগ্ৰেছৰ নেতাসকলৰ সৈতে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীৰ বৈঠক। সভাত ৰাজ্যিক নিৰ্বাচনৰ আলোচনা কৰা হব। মুখ্যমন্ত্ৰী অশোক গেহলট আৰু দলৰ নেতা শচীন পাইলটৰ মাজত হোৱা মতানৈক্যৰ কথাও আলোচনাৰ আশা কৰা হৈছে। ৰাজস্থানতো যিহেতু নিৰ্বাচন আছে, গতিকে ছত্তিশগড়ৰ দৰে সমস্যাবোৰ সমাধান কৰি কংগ্ৰেছে আগবাঢ়ি যাব বিচাৰিব। দলীয় সূত্ৰৰ পৰা জানিব পৰা মতে, বৈঠকত নিৰ্বাচনী কাৰ্যসূচী সন্দৰ্ভত আলোচনা কৰা হ’ব। ইফালে ৰাজস্থান কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত বিষয়া সুখজিন্দৰ সিং ৰন্ধাৱা আৰু ৰাজ্যিক সভাপতি গোবিন্দ সিং দোটাছাৰাও দিল্লীত থকা বুলিও খবৰ আহিছে। দুয়োগৰাকী নেতাই দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীক সাক্ষাৎ কৰি আছে। দুয়োগৰাকী নেতাই ৰাজস্থানৰ কেইবাখনো জিলাত সাংগঠনিক নিযুক্তিৰ সমস্যা সমাধানৰ বাবে মঙলবাৰে দিল্লীত উপস্থিত হয়।

You might also like